ETV Bharat / sports

পঞ্জাৱ কিংছক 193 ৰাণৰ লক্ষ্য বান্ধি দিলে মুম্বাই ইণ্ডিয়ানছে - IPL 2024

author img

By ETV Bharat Assamese Team

Published : Apr 18, 2024, 11:04 PM IST

Etv Bharat
Etv Bharat

প্ৰথমে বেটিং কৰি মুম্বাই ইণ্ডিয়ানছ দলে পঞ্জাৱ কিংছক 193 ৰাণৰ লক্ষ্য বান্ধি দিছে ৷ সূৰ্য কুমাৰ যাদৱৰ বিস্ফোৰক বেটিঙৰ সহায়ত নিৰ্ধাৰিত 20 অভাৰত 7 উইকেটৰ বিনিময়ত 192 ৰাণ সংগ্ৰহ কৰে মুম্বাইয়ে ৷

স্পৰ্টছ ডেস্ক, 18 এপ্ৰিল : চণ্ডীগড়ৰ মহাৰাজা যাদৱীন্দ্ৰ সিং আন্তৰ্জাতিক ক্ৰিকেট ষ্টেডিয়ামত বৃহস্পতিবাৰে আই পি এলৰ 33 সংখ্যক মেচখনত মুখামুখি হৈছে মুম্বাই ইণ্ডিয়ানছ আৰু পাঞ্জাৱ কিংছ ৷ ইতিমধ্যে প্ৰথমে বেটিং কৰি মুসূৰ্য কুমাৰ যাদৱৰ বিস্ফোৰক বেটিঙৰ সহায়ত নিৰ্ধাৰিত 20 অভাৰত 7 উইকেটৰ বিনিময়ত 192 ৰাণ সংগ্ৰহ কৰে ৷ দলে পঞ্জাৱ কিংছক 193 ৰাণৰ লক্ষ্য বান্ধি দিছে ৷

টছত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত লয় পাঞ্জাৱ কিংছে ৷ প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি মুম্বাই ইণ্ডিয়ানছে সূৰ্য কুমাৰ যাদৱৰ বিস্ফোৰক বেটিঙৰ সহায়ত নিৰ্ধাৰিত 20 অভাৰত 7 উইকেটৰ বিনিময়ত 192 ৰাণ সংগ্ৰহ কৰে ৷ সূৰ্য কুমাৰ যাদৱে 78 ৰাণৰ এক বিস্ফোৰক ইনিংছ খেলি দলক এক শক্তিশালী স্কৰ সংগ্ৰহত সহায় কৰে ৷ বেটছমেনজনে 53 টা বলত 3 টা ছয় আৰু 7 টা চাৰিৰ সহায়ত 78 ৰাণ সংগ্ৰহ কৰি ছেম কাৰেণৰ বলত পেভিলিয়নমুখী হয় ৷ ৰোহিত শৰ্মাই 36 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে তিলক বাৰ্মাই 34 ৰাণৰ বৰঙণি আগবঢ়াই ৷ পাঞ্জাৱৰ হৈ পৰ্ষাল পেটেলে সাৰ্বাধিক 3 টা উইকেট দখল কৰে ৷ ছেম কাৰেণে 2 টা উইকেট দখল কৰাৰ বিপৰীতে কেছিগ’ ৰাবাডাই 1 টা উইকেট দখল কৰে ৷

উল্লেখ্য যে, চলিত সংস্কৰণৰ আই পি এলত এতিয়ালৈকে খেলা 6 খন মেচৰ 2 খনত জয়লাভেৰে পঞ্জাৱ কিংছে 4 পইন্টেৰে তালিকাৰ অষ্টম স্থানত অৱস্থান কৰিছে ৷ দলটোৰ ৰাণ ৰেট হ’ল -0.218 ৷ আনহাতে মুম্বাই ইণ্ডিয়ানছে এতিয়ালৈকে খেলা 6 খন মেচৰ 2খনত জয়লাভাৰে 4 পিন্ট লাভ কৰি তালিকাৰ নৱম স্থানত আছে ৷ দলটোৰ ৰাণ ৰেট হ’ল -0234 ৷

পঞ্জাৱ কিংছৰ মূল একাদশ-

ৰিলি ৰছৌউ, প্ৰভচিমৰণ সিং, ছেম কাৰেণ (অধিনায়ক), জিতেশ শৰ্মা (উইকেট কীপাৰ), লিয়াম লিভিংষ্টোন, শশাংক সিং, আশুতোষ শৰ্মা, হৰপ্ৰীত ব্ৰাৰ, হৰ্ষল পেটেল, কাগিচো ৰাবাডা, আৰ্শদীপ সিং ৷

মুম্বাই ইণ্ডিয়ানছৰ মূল একাদশ-

ৰোহিত শৰ্মা, ঈশান কিষণ (উইকেট কীপাৰ), সূৰ্যকুমাৰ যাদৱ, তিলক বৰ্মা, হাৰ্দিক পাণ্ডিয়া (অধিনায়ক), টিম ডাভিড, ৰোমাৰিঅ শ্বেফাৰ্ড, মহম্মদ নবী, গেৰাল্ড কোটজি, শ্ৰেয়াছ গোপাল, যশপ্ৰীত বুমৰাহ ৷

লগতে পঢ়ক : বুকমাইশ্ব’ত মুকলি গুৱাহাটীত অনুষ্ঠিত হ’বলগা প্ৰথমখন IPL খেলৰ টিকট - IPL 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.