ETV Bharat / sports

আই পি এলত জয়ৰ ঘোঁৰা থমকিল ৰাজস্থান ৰয়েলছৰ, কিন্তু জিলিকিল ৰিয়ান পৰাগ - IPL 2024

author img

By ETV Bharat Assamese Team

Published : Apr 11, 2024, 10:23 AM IST

Updated : Apr 11, 2024, 11:12 AM IST

RR vs GT IPL 2024
ৰাজস্থান ৰয়েলছক ৩ উইকেটত পৰাস্ত গুজৰাট টাইটানছৰ

RR vs GT IPL 2024: আই পি এলৰ ১৭ সংখ্যক সংস্কৰণত প্ৰথমবাৰ পৰাজয়ৰ সোৱাদ পালে ৰাজস্থান ৰয়েলছে ৷ বুধবাৰে গুজৰাটে ৩ উইকেটত পৰাস্ত কৰে ৰাজস্থানক ৷ অৱশ্যে বৰ্তমানো পইন্ট তালিকাৰ শীৰ্ষত আছে ৰাজস্থান ৷ পৰাজিত হ’লেও দলৰ হৈ জিলিকিল ৰিয়ান পৰাগ ৷

স্পৰ্টছ ডেস্ক, ১১ এপ্ৰিল: আই পি এলৰ চলিত সংস্কৰণৰ ২৪ সংখ্যক মেচত বুধবাৰে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে ৩ উইকেটত জয়লাভ কৰে গুজৰাট টাইটানছে । আই পি এলৰ এই সংস্কৰণত গুজৰাটে তৃতীয়টো জয় সাব্যস্ত কৰাৰ বিপৰীতে ৰাজস্থানে ঘৰুৱা খেলপথাৰত প্ৰথমটো পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় । প্ৰথমে বেটিং কৰি ৰাজস্থানে ২০ অভাৰত তিনিটা উইকেট হেৰুৱাই ১৯৬ ৰান সংগ্ৰহ কৰে । ইয়াৰ প্ৰত্যুত্তৰত গুজৰাটে ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৯৯ ৰান সংগ্ৰহ কৰে ।

এটা সময়ত এই লক্ষ্য অসাধ্য হৈ পৰিছিল যদিও ৰাছিদ খানে শেষৰ দুটা অভাৰত খেলখন গুজৰাটৰ পক্ষত ঘূৰাই আনে । এই দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে তেওঁক প্লেয়াৰ অৱ দ্য মেচ হিচাপেও নিৰ্বাচিত কৰা হয় । খেলখনত জয়লাভৰ পাচত গুজৰাট ছয় পইণ্টেৰে পইণ্ট তালিকাৰ ষষ্ঠ স্থানত আছে । আনহাতে ৮ পইণ্টেৰে পইন্ট তালিকাৰ শীৰ্ষ স্থান ধৰি ৰাখিছে ৰাজস্থান ৰয়েলছে ।

১৯৯ ৰাণৰ পম খেদি সাই সুদৰ্শন আৰু অধিনায়ক শুভমন গিলে দলটোক সুন্দৰ আৰম্ভণি দিয়ে ৷ ৮.২ অভাৰত দুয়ো মিলি ৬৪ ৰাণ সংগ্ৰহ কৰাৰ পিচত ব্যক্তিগত ৩৫ ৰাণত সুদৰ্শন আউট হয় যদিও শুভমন গিলে খেলখন আগুৱাই লৈ যায় ৷ আনটো মূৰত ক্ৰমাগতভাৱে উইকেটৰ পতন ঘটিলেও অধিনায়কোচিত এক ইনিংছ খেলে যুব বেটছমেনজনে ৷ দুৰন্ত ফৰ্মত থকা গুজৰাটৰ অধিনায়কগৰাকীয়ে ৪৪ বলত ৭২ ৰাণৰ এক ইনিংছ উপহাৰ দিয়ে য’ত আছিল ৬ টা চাৰি আৰু ২ টা ছয় ৷ অৱশ্যে মিডিল অৰ্ডাৰ বেটছমেনসকলে আশানুৰূপ প্ৰদৰ্শন কৰিবলৈ ব্যৰ্থ হোৱাত কিছু অসুবিধাত পৰিছিল টাইটানছ ৷ শেষত ৰাছিদ খানৰ ১১টা বলত ২৪ ৰাণৰ কেমিঅৰ ফলত জয়ৰ লক্ষ্যত উপনীত হয় গুজৰাট টাইটানছ ৷

জয়পুৰত অনুষ্ঠিত খেলখনত গুজৰাটে টছত জিকি বলিং কৰাৰ সিদ্ধান্ত লৈ ৰাজস্থানক প্ৰথমে বেটিং কৰাৰ সুযোগ দিয়ে । বৰষুণ প্ৰভাৱিত এই খেলখনত প্ৰথমে বেটিং কৰি ৰাজস্থানে তিনিটা উইকেট হেৰুৱাই ১৯৬ ৰান সংগ্ৰহ কৰি গুজৰাটক জয়ৰ বাবে ১৯৭ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে ।

এই মেচখনত যশস্বী জয়ছোৱাল আৰু জছ বাটলাৰৰ মাজত প্ৰথম উইকেটৰ বাবে ৩২ ৰানৰ অংশীদাৰিত্ব আছিল । ৫টা চাৰিৰ সহায়ত ২৪ ৰান সংগ্ৰহ কৰি জয়ছোৱাল আউট হোৱাৰ বিপৰীতে যোৱা মেচখনত অপৰাজিত শতক অৰ্জন কৰা বাটলাৰে মাত্ৰ ৮ ৰানহে কৰিবলৈ সক্ষম হয় । ৰাছিদ খানৰ বলত তেওঁ উইকেট হেৰুৱায় । ইয়াৰ পিছত ইনিংছটো চম্ভালে সঞ্জু চেমছন আৰু ৰিয়ান পৰাগে । তৃতীয় উইকেটৰ বাবে দুয়োৰে মাজত ১৩০ ৰানৰ বিশাল অংশীদাৰিত্ব হয় ।

এই মেচত দুয়োজনে অৰ্ধশতক অৰ্জন কৰে । ৰিয়ানে ৩৪টা বলত পঞ্চাশটা ৰান সম্পূৰ্ণ কৰে । আই পি এলৰ ১৭ সংখ্যক সংস্কৰণত এয়া তেওঁৰ তৃতীয়টো অৰ্ধশতক । একে সময়তে অধিনায়কগৰাকীয়ে ৩১টা বলত অৰ্ধশতক অৰ্জন কৰে । আই পি এলৰ এই সংস্কৰণত তেওঁৰ কেৰিয়াৰৰ তৃতীয়টো অৰ্ধশতক । ইয়াৰ লগে লগে তেওঁ ৰাজস্থানৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে । দুয়োৰে এই অংশীদাৰিত্ব ভংগ কৰে মোহিত শৰ্মাই ।

মোহিত শৰ্মাই তেওঁ শেষ অভাৰৰ পঞ্চম বলত ৰিয়ান পৰাগক আউট কৰে যিয়ে ৭৬ ৰান সংগ্ৰহ কৰে । ইয়াৰ পাচত পাঁচ নম্বৰত বেটিং কৰিবলৈ অহা শ্বিমৰন হেটমায়াৰকো শক্তিশালী ফৰ্মত দেখা যায় । তেওঁ পাঁচটা বলত ১৩ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে । একে সময়তে অধিনায়ক সঞ্জু চেমছনে ৭টা চাৰি আৰু দুটা ছয়ৰ সহায়ত ৬৮ ৰান সংগ্ৰহ কৰে । তেওঁ অপৰাজিত হৈয়েই থাকিল । এই মেচখনত গুজৰাটৰ বলিং আক্ৰমণ সংগ্ৰামী যেন লাগিছিল । উমেশ যাদৱ, ৰছিদ খান আৰু মোহিত শৰ্মাই এটাকৈ উইকেট দখল কৰে ।

লগতে পঢ়ক: উজলিছে ৰিয়ান: গুজৰাট টাইটানছৰ বিৰুদ্ধে বিস্ফোৰক অৰ্ধশতক অৰ্জন - Riyan Parag

Last Updated :Apr 11, 2024, 11:12 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.