ETV Bharat / sports

হায়দৰাবাদৰ সন্মুখত 213 ৰাণৰ লক্ষ্য, শতক বঞ্চিত গাইকোৱাড - IPL 2024

author img

By ETV Bharat Assamese Team

Published : Apr 28, 2024, 10:00 PM IST

IPL 2024 LIVE MATCH
চেন্নাই ছুপাৰ কিংছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ যুঁজ

চেন্নাই ছুপাৰ কিংছে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সন্মুখত বান্ধিলে 213 ৰাণৰ লক্ষ্য ৷ মাত্ৰ দুই ৰাণৰ বাবে শতক বঞ্চিত হ’ল ৰুতুৰাজ গাইকোৱাড ৷

স্পৰ্টছ ডেস্ক, 28 এপ্ৰিল : আই পি এল 2024ৰ 46 সংখ্যক খেলখন এম এ চিদাম্বৰম ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত অনুষ্ঠিত হৈছে ৷ 8 খন মেচত 5 খনত জয়ৰে 10 পইণ্টেৰে তালিকাৰ তৃতীয় স্থানত আছে হায়দৰাবাদ ৷ একে সময়তে একে সংখ্যক মেচত 4 খন জয় আৰু 4 খন পৰাজয়ৰে ষষ্ঠ স্থানত আছে চেন্নাই ৷ যোৱা 2 খন মেচত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছে চেন্নাই ছুপাৰ কিংছ ৷

একে সময়তে হায়দৰাবাদেও অন্তিমখন খেলত আৰ চি বিৰ হাতত 35 ৰাণত পৰাস্ত হয় ৷ এনে পৰিস্থিতিত দুয়োটা দলে আজিৰ খেলখনত জয়লাভ কৰি পুনৰ বিজয়ৰ ধাৰা অব্যাহত ৰাখিবলৈ চেষ্টা কৰিব ৷ পৰিসংখ্যাৰ কথা ক’বলৈ গ’লে এই পৰ্যন্ত দুয়োটা দলৰ মাজত মুঠ 20 খন আই পি এল মেচ অনুষ্ঠিত হৈছে ৷ ইয়াৰে চেন্নাই 14 বাৰ জয়ী হৈছে ৷ একে সময়তে হায়দৰাবাদে 6 বাৰ জয়লাভ কৰিছে ৷ অৱশ্যে এই ছিজনত দুয়োটা দলৰ মাজত খেলা খেলত হায়দৰাবাদে চেন্নাইক 6 উইকেটত পৰাস্ত কৰে ৷

ইতিমধ্যে প্ৰথমে বেটিং কৰি চেন্নাই দলে হায়দৰাবাদক জয়ৰ বাবে বান্ধি দিছে 213 ৰাণৰ লক্ষ্য ৷ টছত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত লয় ছানৰাইজাৰ্ছ হায়দৰাবাদে ৷ প্ৰথমে বেটিং কৰি চেন্নাই চুপাৰ কিংছে নিৰ্ধাৰিত 20 অভাৰত 3 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 212 ৰাণ ৷ অধিনায়ক ৰুতুৰাজ গাইকোৱাডে সাৰ্বাধিক 98 ৰাণৰ বৰঙণি আগবঢ়ায় ৷ গাইকোৱাডে 54 টা বলত 98 ৰাণৰ এক বিস্ফোৰক ইনিংছ খেলি টি নটৰাজনৰ হাতত নিজৰ উইকেট বিসৰ্জন দিয়ে ৷ মাত্ৰ দুই ৰাণৰ বাবে শতক বঞ্চিত হয় চেন্নাইৰ অধিনায়কগৰাকী ৷

ইফালে ডেৰিল মিচেলে 52 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে শিৱম ডুবেই 20 টা বলত 39 ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে৷ হায়দৰাবাদৰ হৈ ভুৱনেশ্বৰ কুমাৰ, জয়দেৱ উনাদকাট, টি নটৰাজনে 1টাকৈ উইকেট দখল কৰে ৷

চেন্নাই চুপাৰ কিংছৰ মূল একাদশ-

অজিংক্য ৰাহানে, ৰুতুৰাজ গাইকোৱাড (অধিনায়ক), ডেৰিল মিচেল, ময়ন আলী, শিৱম ডুবে, ৰবীন্দ্ৰ জাডেজা, এম এছ ধোনি (উইকেট কীপাৰ), দীপক চহৰ, তুষাৰ দেশপাণ্ডে, মুস্তাফিজুৰ ৰহমান, মথিছা পাথিৰানা ৷

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মূল একাদশ-

অভিষেক শৰ্মা, ট্ৰেভিছ হেড, এইডেন মাৰ্কৰাম, হেনৰিচ ক্লাচেন (উইকেট কীপাৰ), নীতিশ ৰেড্ডী, আব্দুল ছামাদ, শ্বাহবাজ আহমেদ, পেট কামিন্স (অধিনায়ক), ভুৱনেশ্বৰ কুমাৰ, জয়দেৱ উনাদকাট, টি নটৰাজন ৷

লগতে পঢ়ক : উইল জেকছৰ দৰ্শনীয় শতকৰ সহায়ত আৰচিবিৰ বৃহৎ জয় - IPL 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.