ETV Bharat / sports

বেডমিণ্টনৰ পৰা অৱসৰ গ্ৰহণ বি সাই প্ৰনীতৰ

author img

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 1:02 PM IST

B Sai Praneeth retires
বেডমিণ্টনৰ পৰা অৱসৰ গ্ৰহণ বি সাই প্ৰনীতৰ

B Sai Praneeth retires : ভাৰতৰ তাৰকা শ্বাটলাৰ বি সাই প্ৰনীতে বেডমিণ্টনৰ পৰা অৱসৰ গ্ৰহণ কৰে । এতিয়াৰ পৰা খেলুৱৈগৰাকীয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰেগন বেডমিণ্টন একাডেমীত মুখ্য প্ৰশিক্ষক হিচাপে যোগদান কৰিব ৷

নেশ্যনেল ডেস্ক, 5 মাৰ্চ : বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ পদক বিজয়ী বি চাই প্ৰনীতে সোমবাৰে আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টনৰ পৰা অৱসৰ ঘোষণা কৰে ৷ এতিয়াৰ পৰা খেলুৱৈগৰাকীয়ে মুখ্য প্ৰশিক্ষক হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা ক্লাবত যোগদান কৰিব । টকিঅ' অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল হায়দৰাবাদৰ ৩১ বছৰীয়া খেলুৱৈগৰাকীয়ে ৷ তেওঁ নিজ ইনষ্টাগ্ৰাম একাউণ্টত লিখিছিল, "বিগত 24 বছৰ ধৰি মোৰ জীৱনৰ সৰ্বস্ব বেডমিণ্টন খেলৰ পৰা বিদায় লৈছো ৷"

"মই এটা নতুন অধ্যায় আৰম্ভ কৰিবলৈ লৈছো, এতিয়ালৈকে অব্যাহত থকা মোৰ এই যাত্ৰাৰ বাবে মই সকলোলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছো ৷ বেডমিণ্টন মোৰ প্ৰথম প্ৰেম আৰু মোৰ জীৱনৰ সংগী আছিল । ই মোৰ অস্তিত্বক মান্যতা প্ৰদান কৰিছিল । আমি ভাগ বতৰা কৰা স্মৃতি, আমি একলগ হৈ অতিক্ৰম কৰা প্ৰত্যাহ্বানসমূহ সদায় মোৰ হৃদয়ত থাকিব । মোৰ এই সফলতা আঁৰত মোৰ পৰিয়াল, মোৰ ককা-আইতা, পিতৃ-মাতৃ আৰু পত্নীৰ অৱদান অতুলনীয় । পুল্লেলা গোপীচান্দ আন্না, গোপীচান্দ একাডেমী, মোৰ সহকৰ্মী আৰু প্ৰশিক্ষণ কৰ্মচাৰী, শৈশৱৰ প্ৰশিক্ষক আৰিফ ছাৰ আৰু গোবৰ্ধন ছাৰকো মই ধন্যবাদ জ্ঞাপন কৰিছো ।" লগতে এইদৰে উল্লেখ কৰে খেলুৱৈগৰাকীয়ে ৷

প্ৰনীতে লগতে উল্লেখ কৰে যে, "মই এপ্ৰিলত আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যাম । মই ক্লাবৰ মুখ্য প্ৰশিক্ষক হ'ম আৰু সকলো খেলুৱৈয়ে মোৰ নিৰ্দেশনাত খেলিব। মই তালৈ যোৱাৰ পিচত, মই বিতংভাৱে বৰ্ণনা কৰিব পাৰিম।" প্ৰনীতে 2017 চনৰ ছিংগাপুৰ অপেন চুপাৰ চিৰিজ খিতাপ অৰ্জন কৰে । ইয়াৰ উপৰিও, তেওঁ ছুইজাৰলেণ্ডৰ বাছেলত অনুষ্ঠিত হোৱা 2019 বিশ্ব চেম্পিয়নশ্বিপতো ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল । তেওঁ বিশ্ব ৰেংকিঙত ১০ নম্বৰত উপনীত হৈছিল আৰু টকিঅ' অলিম্পিকৰ বাবেও যোগ্যতা অৰ্জন কৰিছিল ৷ জানিব পৰামতে, খেলুৱৈগৰাকীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰেগন বেডমিণ্টন একাডেমীত যোগদান কৰিব । বিগত বৰ্ষত, তেওঁক ছাইনা নেহৱাল, পি ভি সিন্ধু, কিদাম্বি শ্ৰীকান্ত, এইচ এছ প্ৰণয়ৰ দৰে শীৰ্ষ ভাৰতীয় খেলুৱৈৰ সৈতে প্ৰতিযোগিতাত অংশ লোৱা দখা গৈছিল ৷

লগতে পঢ়ক: অলিম্পিকৰ কোৱালিফায়াৰত ভাগ নলয় বজৰং পুনিয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.