ETV Bharat / sports

স্বামী বিবেকানন্দ অনূৰ্ধ্ব-২০ পুৰুষ এনএফচি; ত্ৰিপুৰাৰ বিৰুদ্ধে অসমৰ বৃহৎ জয় - Swami Vivekananda U20 Mens NFC

author img

By ANI

Published : May 14, 2024, 8:48 PM IST

U20 MENS NFC : সোমবাৰৰ এই জয়লাভৰ পিচত অসমে বৰ্তমানলৈকে দুখন মেচৰ পৰা ৪ পইণ্ট সংগ্ৰহ কৰি গ্ৰুপ জিৰ শীৰ্ষত আছে । ইফালে ২ পইণ্টকৈ অৰ্জন কৰি অৰুণাচল আৰু মধ্যপ্ৰদেশ দ্বিতীয় স্থানত আছে ।

Swami Vivekananda U20 Mens NFC
অসম দল (AIFF Photo)

স্পৰ্টছ ডেস্ক, ১৪ মে' : স্বামী বিবেকানন্দ অনূৰ্ধ্ব-২০ পুৰুষ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপত অসমে ত্ৰিপুৰাক পৰাস্ত কৰি গ্ৰুপ জিৰ শীৰ্ষস্থানলৈ উন্নীত হয় । আনহাতে, ৰামকৃষ্ণ মিছন আশ্ৰম খেলপথাৰত অনুষ্ঠিত অৰুণাচল আৰু মধ্যপ্ৰদেশৰ মাজৰ মেচখন গ'লশূন্যভাৱে সমাপ্ত হয় ।

আনহাতে, সোমবাৰৰ এই জয়লাভৰ পিচত অসমে বৰ্তমানলৈকে দুখন মেচৰ পৰা ৪ পইণ্ট সংগ্ৰহ কৰি গ্ৰুপ জিৰ শীৰ্ষত আছে । ইফালে ২ পইণ্টকৈ অৰ্জন কৰি অৰুণাচল আৰু মধ্যপ্ৰদেশ দ্বিতীয় স্থানত আছে । সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ (এআইএফএফ) এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, এক পইণ্টেৰে ত্ৰিপুৰা পৰৱৰ্তী স্থানত আছে ।

অসমে পিণ্টু সন্দিকৈ, (৩৪ মিনিট আৰু ৫৯ মিনিট), নিকোদিম নাৰ্জাৰী (৪২ মিনিট আৰু ৪৫ মিনিট) আৰু গোৱামচাৰ গয়াৰীৰ (৫৭ মিনিট আৰু ৮৬ মিনিট) গ'লৰ সহায়ত ত্ৰিপুৰাক ৬-০ ব্যৱধানত পৰাস্ত কৰে । আনহাতে, অসমে ত্ৰিপুৰাক ৬-০ গ'লত পৰাস্ত কৰাৰ লগে লগে গ্ৰুপ জিৰ শীৰ্ষস্থানলৈ উন্নীত হয় । জিৰণিৰ সময়লৈকে অসমে ৩-০ গ'লৰ অগ্ৰগতি লাভ কৰি আছিল । পিণ্টু সন্দিকৈ, নিকোদিম নাৰ্জাৰী আৰু গোৱামচাৰ গয়াৰী প্ৰত্যেকে দুটাকৈ গ'ল কৰে ।

অসমে অগ্ৰগতি ল'বলৈ আধা ঘণ্টাতকৈ অলপ বেছি সময় লয় । নাৰ্জাৰীয়ে বিৰতিৰ পূৰ্বে গ'ল সংখ্যা দুটালৈ বৃদ্ধি কৰে । আনহাতে, তেওঁ পুনৰ এটা গ'ল কৰি বিৰতিৰ সময়লৈকে দলটোক 3-0 ব্যৱধানত অগ্ৰগতি প্ৰদান কৰে ।

আনহাতে, অৰুণাচল আৰু মধ্যপ্ৰদেশৰ মাজৰ মেচখন ড্ৰ হয় । নিৰ্ধাৰিত সময়ৰ ভিতৰত দুয়োটা দলে এটাও গ'ল কৰিব নোৱাৰাত মেচখন গ'লশূন্যভাৱে সমাপ্ত হয় ।

লগতে পঢ়ক :ৰিলায়েন্স ফাউণ্ডেশ্যন ইয়ং চেম্পছৰ ফুটবল প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত নিবিড় শইকীয়া - Footballer Nibir Saikia

লগতে পঢ়ক :ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অংশগ্ৰহণৰ বাবে ৰাওনা সৰুপথাৰৰ টাইকোৱাণ্ডো দল - Taekwondo Championship

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.