ETV Bharat / politics

কিয় ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ চৰ্চা হোৱা নাই নিৰ্বাচনী প্ৰচাৰত ? - Lok Sabha elections 2024

author img

By ETV Bharat Assamese Team

Published : Apr 12, 2024, 7:58 PM IST

ST demand organization
ধামখুমীয়াত হেৰাল জনজাতিকৰণ প্ৰসংগ

Election and ST demand: ধামখুমীয়াত হেৰাল জনজাতিকৰণ প্ৰসংগ ৷ এইবাৰ নিৰ্বাচনত চৰ্চা নাই আহোম, মৰাণ, মটক, চুতীয়া, কোচ-ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ ।

গুৱাহাটী, ১২ মাৰ্চ : এইবাৰ লোকসভা নিৰ্বাচনত তল পৰিছে অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগ ৷ পূৰ্বে মুখত আখৈ ফুটাদি ফুটা জনজাতিকৰণৰ প্ৰসংগ নাই শাসক-বিৰোধীৰ মুখত । জনজাতিৰ স্বীকৃতি বিচৰা সংগঠনবোৰো এইবাৰ বাৰুকৈয়ে মৌন । বিস্মৃতিৰ গৰ্ভত লীন যোৱাৰ উপক্ৰম ছয় জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি দিয়াৰ প্ৰতিশ্ৰুতি ৷ ইয়াৰ মাজতে চৰ্চা হৈছে এইবাৰ ছয় জনগোষ্ঠীৰ জনতাই নিৰ্বাচনত কি স্থিতি গ্ৰহণ কৰিব ?

অসমত যোৱা কেইবাটাও দশক ধৰি প্ৰায় প্ৰতিটো নিৰ্বাচনতে আহোম, মৰাণ, মটক, চুতীয়া, কোচ-ৰাজবংশী আৰু চাহ জনগোষ্ঠী-এই ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগই বিশেষ গুৰুত্ব লাভ কৰি আহিছিল । হৈছিল অন্যতম নিৰ্বাচনী ইছ্যু । ২০১৯ ৰ ৪ এপ্ৰিলৰ কথা ৷ মঙলদৈত লোকসভা নিৰ্বাচনৰ বিজেপিৰ বিশাল প্ৰচাৰ সভা । এই প্ৰচাৰ সভাতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত শীঘ্ৰেই কাৰ্যকৰী হ’ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল ৷ ২০১৯ত নৰেন্দ্ৰ মোদী পুনৰ প্ৰধানমন্ত্ৰীৰ আসনত বহিল । কিন্তু ৰাজ্যৰ ছয় জনগোষ্ঠী আহোম, মৰাণ, মটক, চুতীয়া, কোচ-ৰাজবংশী আৰু চাহ জনগোষ্ঠীয়ে নাপালে জনজাতিৰ মৰ্যাদা । কাৰ্যকৰী নহ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিশ্ৰুতি ।

এতিয়া আকৌ বলিছে লোকসভা নিৰ্বাচনৰ বতাহ । ৰাজ্যত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন । ৰাজ্যত ৫ টা সমষ্টিত ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । অতি লক্ষণীয়ভাৱে এইবাৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগ উচ্চাৰণ কৰা নাই শাসকীয় বিজেপিয়ে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা গৃহমন্ত্ৰী অমিত শ্বাহে অসম ভ্ৰমণ কৰি গ’ল ৷ ৰোড শ্ব’ত ভাগ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে ৷ এবাৰো উচ্চাৰিত নহ’ল ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগ । বিৰোধী মিত্ৰজোঁট তথা কংগ্ৰেছ দলে ছেগা-চোৰোকাকৈ উত্থাপন কৰিছে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগ । কিন্তু উজনি অসমত লোকসভা নিৰ্বাচনত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগটো এইবাৰ একেবাৰেই উত্থাপন হোৱা দেখা নাই ।

আনহাতে, ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত দীৰ্ঘদিন আন্দোলন কৰি অহা সংগঠন সমূহেও এতিয়া মৌনতা অৱলম্বন কৰিছে । কোনো এটা সংগঠনেও বিজেপিক ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত বৰ্তমানলৈকে প্ৰশ্ন কৰা নাই । পূৰ্বে জনজাতিকৰণৰ দাবীত প্ৰতিবাদেৰে আকাশ-বতাহ কঁপাই তোলা দল-সংগঠনবোৰ প্ৰায় নীৰৱ ।

আনহাতে, অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগটো এতিয়াও বিবেচনাধীন পৰ্যায়তে যে আছে সেই কথা অসম বিধানসভাৰ শেহতীয়া বাজেট অধিৱেশনতে স্পষ্ট হৈছে । যোৱা আঠ ফেব্ৰুৱাৰীত অসম বিধানসভাত শাসকীয় চৰকাৰৰ অংশীদাৰ অসম গণ পৰিষদৰ পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু কংগ্ৰেছৰ ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত কেইবাটাও লিখিত প্ৰশ্ন উত্থাপন কৰিছিল । এই প্ৰশ্নৰ উত্তৰত জনজাতি পৰিক্ৰমা (ভৈয়াম)বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে স্পষ্টভাৱে ঘোষণা কৰিছিল, ''ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়াটো কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাধীন হৈ আছে ।’’

উল্লেখ্য যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থাকোতে তদানীন্তন স্বাস্থ্য মন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত এখন মন্ত্ৰীগোটৰ কমিটী গঠন কৰি দিছিল । ২০১৯ৰ ১৪ জানুৱাৰীত গঠন কৰা এই মন্ত্ৰীগোট কমিটীৰ অধ্যক্ষ ড৹ হিমন্ত বিশ্ব শৰ্মা বৰ্তমান ৰাজ্যৰ মুখ্যমন্ত্ৰী । এই কমিটীয়ে বৰ্তমানলৈকে বিভিন্ন দল-সংগঠনৰ সৈতে ১০ খন বৈঠকত মিলিত হৈছিল । কিন্তু আশ্বৰ্যজনক কথা এয়ে যে মন্ত্ৰীগোটে এতিয়াও কেন্দ্ৰীয় চৰকাৰক দাখিল কৰা নাই প্ৰতিবেদন । বিধানসভাত এই ঘোষণাৰ লগতে বিভাগীয় মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ক’লে মন্ত্ৰী গোটৰ পৰামৰ্শসমূহ চূড়ান্ত হোৱা নাই বাবে পৰামৰ্শসমূহ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হোৱা নাই । মন্ত্ৰীগৰাকীৰ এই ঘোষণাৰ পৰাই স্পষ্ট হৈছে যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ এতিয়াও এক আশাহে মাথো ।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ২০১৬ত ৰাজ্যত বিধানসভা নিৰ্বাচনত বিজেপিৰ অন্যতম প্ৰতিশ্ৰুতিয়েই আছিল ছয় জনগোষ্ঠীৰ জনজাতিকৰণ । ২০১৯ৰ লোকসভা নিৰ্বাচনৰ সময়তো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিব বুলি ঘোষণা কৰিছিল । তাৰ পাচত লুইতেদি বহু পানী বাগৰি গ’ল । CAA, NRC ৰাজনৈতিক তথা সামাজিক প্ৰসংগই কোবাই গ’ল অসমী আইৰ বুকু । কিন্তু ছয় জনগোষ্ঠীয়েহে নাপালে জনজাতিকৰণৰ স্বীকৃতি ।

এতিয়া লোকসভা নিৰ্বাচনৰ সময়তো ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগ উত্থাপন হোৱা নাই। এককথাত বিজেপি আৰু ৰাজ্য চৰকাৰে বিষয়টো স্থিতাৱস্থাতে ৰাখি ছয় জনগোষ্ঠী জনজাতিকৰণ প্ৰসংগটো এৰাই চলিবলৈ সক্ষম হৈছে ৷ অৱশ্যে সময় এতিয়াও আছে । কিয়নো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা ১৬ মাৰ্চত দুদিনীয়া ভ্ৰমণেৰে অসমলৈ আহিব । নলবাৰীত অংশগ্ৰহণ কৰিব বিশাল নিৰ্বাচনী সভাত । তেতিয়া প্ৰধানমন্ত্ৰীগৰাকীয়ে এই বিষয়টো এৰাই চলিব নে পুনৰ উত্থাপন কৰিব সেয়াও হ’ব লক্ষণীয় । কিন্তু এইবাৰ ছয় জনগোষ্ঠীৰ জনতাই নিৰ্বাচনত কি স্থিতি ল’ব ? যিহেতু জনজাতিকৰণৰ প্ৰসংগটোৱেই এইবাৰ নিৰ্বাচনৰ বতৰত চৰ্চালৈ অহা নাই । সেয়ে জনজাতিকৰণ প্ৰসংগই যে লোকসভা নিৰ্বাচনত বিশেষ কিবা প্ৰভাৱ পেলাব সেয়া বৰ্তমানলৈ আশা কৰিব নোৱাৰি ৷

লগতে পঢ়ক:শিৱসাগৰত টাই আহোম যুৱ পৰিষদ অৱস্থান ধৰ্মঘট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.