ETV Bharat / politics

অমিত শ্বাহক আদৰিবলৈ সাজু শিলচৰ, 50 সহস্ৰাধিকৰ উপস্থিতিৰ সম্ভাৱনা ৰোড শ্ব’ত - LOK SABHA ELECTION 2024

author img

By ETV Bharat Assamese Team

Published : Apr 21, 2024, 11:24 AM IST

Updated : Apr 21, 2024, 3:01 PM IST

Union minister amit shah
অমিত শ্বাহক আদৰিবলৈ সাজু শিলচৰ

Amit Shah in Silchar : দেওবাৰে শিলচৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত বিজেপিয়ে বজাব ৰণডংকা ৷ এক বিশাল ৰোড শ্ব’ত অংশ লৈ কৰিমগঞ্জ আৰু শিলচৰৰ প্ৰাৰ্থীৰ হকে অমিত শ্বাহে কৰিব প্ৰচাৰ ৷ উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷

অমিত শ্বাহক আদৰিবলৈ সাজু শিলচৰ

শিলচৰ,21 এপ্ৰিল : নিৰ্বাচন বুলিলেই যেন জনসাধাৰণ প্ৰিয় হৈ পৰে ৰাজধানী দিল্লীৰ ৷ যাৰ সুবাদতে ৰাজ্যলৈ একপ্ৰকাৰ সোঁত ব’বলৈ ধৰে ৰাজনৈতিক ৰথী-মহাৰথীৰ ৷ লোকসভা নিৰ্বাচনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বেও তেনে এক ছবি ৰাজ্যত পৰিলক্ষিত হৈছে ৷ ক্ৰমাগতভাৱে ৰাজ্যলৈ সোঁত ব’বলৈ ধৰিছে এগৰাকীৰ পৰা আনগৰাকী ৰাজনৈতিক নেতাৰ ৷

দেওবাৰে দুপৰীয়া নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমত আহি উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ শিলচৰৰ বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ বাবে ইতিমধ্যে আয়োজন কৰা হৈছে এক ৰোড শ্ব’ৰ ৷ আবেলি 4 বজাত শিলচৰ চহৰৰ ডি এছ এ খেলপথাৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া ৰোড শ্ব’টো চহৰৰ মাজেৰে আহি হাইৱে পইণ্টত সামৰণি পৰিব ৷ এই কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সংগ প্ৰদান কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

অমিত শ্বাহৰ এই ৰোড শ্ব’ক কেন্দ্ৰ কৰি শিলচৰ চহৰত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ৷ ইতিমধ্যে পানী নসৰকা নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিবলৈ শনিবাৰে চহৰখনত উপস্থিত হৈছে অসম আৰক্ষীৰ বিশেষ শাখাৰ সঞ্চালকপ্ৰধান হাৰমিত সিঙৰ নেতৃত্বাধীন শীৰ্ষ আৰক্ষীৰ এক বৃহৎ দল ৷

চলিত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ এয়াই প্ৰথম নিৰ্বাচনী প্ৰচাৰ নহয় ৷ কিছুদিন পূৰ্বে 9 এপ্ৰিলত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ সময়তো অসমত উপস্থিত হৈ মন্ত্ৰী শ্বাহে ডিব্ৰুগড়ৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল আৰু লখিমপুৰৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ প্ৰচাৰ চলাইছিল ৷ প্ৰায় সহস্ৰাধিক জনতাৰ উপস্থিতিত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এক বিশাল ৰোড শ্ব’ত অংশগ্ৰহণ কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷

উল্লেখ্য যে, শিলচৰৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে হেলিকপ্টাৰযোগে শিলচৰ আৰক্ষী পেৰেড খেলপথাৰলৈ আহিব ৷ শিলচৰ আৰক্ষী পেৰেডৰ পৰাই তেওঁ শিলচৰ জিলা ক্ৰীড়া সংস্থাৰ খেলপথাৰলৈ যাব আৰু তাৰ পৰাই আৰম্ভ হ'ব বৃহৎ ৰোড শ্ব’।

অকল অমিত শ্বাহেই নহয়, স্বয়ং দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়েও এইবেলি মাজে-সময়ে অসমলৈ আহি লোকসভা নিৰ্বাচনৰ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : হাজাৰ-বিজাৰ সমৰ্থকক লগত লৈ তিনিচুকীয়াত অমিত শ্বাহৰ বিশাল ৰ'ড শ্ব' - Lok Sabha election 2024

Last Updated :Apr 21, 2024, 3:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.