ETV Bharat / politics

হাজাৰ-বিজাৰ সমৰ্থকক লগত লৈ তিনিচুকীয়াত অমিত শ্বাহৰ বিশাল ৰ'ড শ্ব' - Lok Sabha election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 9, 2024, 10:15 PM IST

Amit Shah rally in Tinsukia
Lok Sabha election 2024

Amit Shah rally in Tinsukia: তিনিচুকীয়াত বৃহৎ সমদল বিজেপিৰ । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো অংশগ্ৰহণ । সৰ্বানন্দ সোণোৱালক দলে-বলে ভোট দিয়াৰ আহ্বান নেতাদ্বয়ৰ ।

তিনিচুকীয়াত বৃহৎ সমদল বিজেপিৰ

তিনিচুকীয়া, ৯ এপ্ৰিল: তিনিচুকীয়াত হাজাৰ হাজাৰ জনতাৰ উপস্থিতিত বিশাল ৰ'ড শ্ব' কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ । ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ প্ৰচাৰ চলোৱা দেখা গ'ল কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ লগতে অসমৰ মুখ্যমন্ত্ৰীক । তিনিচুকীয়াৰ বৰগুৰিস্থিত আই টি আই খেলপথাৰত হেলিকপ্টাৰ অৱতৰণ কৰাৰ পাচতে বাইপাছ পথস্থিত কনভেনচন চেন্টাৰত কিছু সময় জিৰণি লৈ বিমলাপ্ৰসাদ চলিহা নগৰ খেলপথাৰত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । তেওঁক সংগ দিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

  • " class="align-text-top noRightClick twitterSection" data="">

পৰৱৰ্তী সময়ত চলিহা নগৰ খেলপথাৰৰ পৰা জি এন বি পথেৰে থানা চাৰিআলিলৈকে প্ৰায় তিনি কিলোমিটাৰ দূৰত্ব হাজাৰ হাজাৰ জনতা আৰু দলীয় কৰ্মকৰ্তাৰ উপস্থিতিত পদযাত্ৰা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ পদযাত্ৰাৰ সময়ত পথৰ দুয়োকাষে বিভিন্ন জাতি-জনগোষ্ঠীৰৰ কলা-সংস্কৃতি প্ৰদৰ্শন কৰাৰ উপৰিও জনতাই পুষ্পবৃষ্টিৰে আদৰণি জনায় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ।

থানা চাৰিআলিত পদযাত্ৰা উপস্থিত হোৱাৰ পাচতে হাজাৰ হাজাৰ জনতাই বিজেপি জিন্দাবাদ ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ থানা চাৰিআলিত গৃহমন্ত্ৰীগৰাকীয়ে বক্তব্য আগবঢ়াবলৈ মাইক্ৰফোন হাতত লয় যদিও কিছু অসুবিধা সৃষ্টি হোৱাৰ বাবে বক্তব্য দিয়াৰ পৰা বিৰত থাকি পদযাত্ৰাৰ পৰা বিদায় লয় ৷ তথ্য অনুসৰি, গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে পদযাত্ৰা সামৰি ডিব্ৰুগড়ৰ মোহনবাৰীস্থিত মনোহাৰী ৰিজ'ৰ্টলৈ ৰাওনা হয় । নিশাটো মনোহাৰী ৰিজ'ৰ্টত অতিবাহিত কৰি কাইলৈ পুৱা গন্তব্য স্থানলৈ ৰাওনা হ’ব ৷

উল্লেখ্য যে ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা বিজেপিয়ে প্ৰক্ষেপ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক । ইফালে বিৰোধী ঐক্য মঞ্চই অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে সোণোৱালৰ বিৰুদ্ধে । তাৰোপৰি আম আদমী পাৰ্টীয়ে সমষ্টিটোৰ পৰা প্ৰক্ষেপ কৰিছে মনোজ ধানোৱাৰক । ডিব্ৰুগড় লোকসভা সমষ্টিত মূল যুঁজখন সৰ্বানন্দ সোণোৱাল আৰু লুৰীণজ্যোতি গগৈৰ মাজতেই হ'ব বুলি ৰাজনৈতিক বিশ্লেষকসকলে উল্লেখ কৰিছে ।

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লখিমপুৰত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে । লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ ৰাইজক সম্বোধন কৰি অমিত শ্বাহে প্ৰধানমন্ত্ৰী মোদীৰ দহ বছৰীয়া শাসনকালত হোৱা উন্নয়নৰ বিষয়ে ৰাইজক অৱগত কৰে ।

এই মঞ্চৰ পৰাই চুবুৰীয়া ৰাষ্ট্ৰ চীনৰ প্ৰতি এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থকালৈকে চীনে এক ইঞ্চি মাটিও কাঢ়ি নিব নোৱাৰে বুলি শ্বাহে কয় ।

ইয়াৰ লগতে অসমত বিদ্ৰোহী সমস্যাৰ অৱসান ঘটোৱাৰ ক্ষেত্ৰত বিজেপি চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়েও আলোকপাত কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে । লগতে বাংলাদেশী অনুপ্ৰৱেশ ৰোধ, AFSPA প্ৰত্যাহাৰ, বাল্য বিবাহ প্ৰতিৰোধ, উত্তৰ-পূবৰ উন্নয়ন আদি বিষয় সন্দৰ্ভতো অমিত শ্বাহে বক্তব্য ৰাখে ।

লগতে পঢ়ক: লখিমপুৰৰ নিৰ্বাচনী জনসভাৰ পৰা চীনলৈ কঠোৰ বাৰ্তা গৃহমন্ত্ৰী অমিত শ্বাহৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.