ETV Bharat / politics

অসমত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰক গতি দিবলৈ আহি আছে অমিত শ্বাহ - Lok sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 9, 2024, 9:41 AM IST

Updated : Apr 9, 2024, 11:28 AM IST

Union Home Minister Amit Shah to attend mega poll rally in Tinsukia today
আজি সন্ধিয়া তিনিচুকীয়াত ৰ’ড শ্ব’ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত শ্বাহে

Amit shah campaign in Assam: কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে মঙলবাৰে ৰাজ্যখনত বিজেপি লোকসভাৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ অসমলৈ আহিব । ইতিপূৰ্বে দুবাৰকৈ ভ্ৰমণ বাতিল হোৱাৰ পিচত মঙলবাৰে অসমত উপস্থিত হৈ লখিমপুৰ আৰু তিনিচুকীয়াত নিৰ্বাচনী প্ৰচাৰ চলাব অমিত শ্বাহে ৷

তিনিচুকীয়া, 9 এপ্ৰিল: লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন ৷ শাসক-বিৰোধীয়ে পূৰ্ণগতিত চলাইছে নিৰ্বাচনী প্ৰচাৰ ৷ জমি উঠিছে ৰাজনীতিৰ পথাৰৰ যুঁজ ৷ বাজিছে ভোট যুদ্ধৰ দামামা ৷ 2019 ৰ নিৰ্বাচনত 9 খন আসন দখল কৰিবলৈ সক্ষম হৈছিল শাসকীয় দল বিজেপি ৷ এইবাৰ দলৰ লক্ষ্য কমেও 11খন আসন ৷ তাৰ বাবে কুচকাৱাজ অব্যাহত ৰাখিছে গেৰুৱা দলটোৱে ৷

19 এপ্ৰিলত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অসমৰ পাঁচখন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৷ সেই বাবে আন দলসমূহৰ লগতে শাসকীয় দল বিজেপিয়েও তীব্ৰতৰ কৰি তুলিছে প্ৰচাৰ অভিযান ৷ তাৰে অংশ হিচাপে আজি অসমলৈ আহি আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ অসমত উপস্থিত হৈ লখিমপুৰ আৰু তিনিচুকীয়াত নিৰ্বাচনী প্ৰচাৰ চলাব অমিত শ্বাহে ৷

নিৰ্বাচনৰ সময়সূচী ঘোষণা হোৱাৰ পিছত শ্বাহ হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰা প্ৰথম বিশিষ্ট ৰাষ্ট্ৰীয় নেতা । শ্বাহে আবেলি 1.30 বজাত লখিমপুৰ সমষ্টিৰ চুকুলি ভোৰিয়াত এখন ৰাজহুৱা সভা সম্বোধন কৰিব । লখিমপুৰ সমষ্টিটো বৰ্তমান বিজেপিৰ দখলত আছে আৰু বৰ্তমানৰ সাংসদ প্ৰদান বৰুৱাই একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে ৷ তেওঁৰ বিৰুদ্ধে থিয় হৈছে কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকা ।

লখিমপুৰত নিৰ্বাচনী সভা সম্বোধন কৰি শ্বাহ ৰাওনা হ’ব ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত তিনিচুকীয়ালৈ ৷ সন্ধিয়া, তেওঁ তিনিচুকীয়া চহৰৰ চলিহা নগৰৰ পৰা থানা চাৰিআলিলৈ এক ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব। তিনিচুকীয়াত ডিব্ৰুগড় লোকসভা আসনৰ পৰা দলৰ প্ৰাৰ্থী, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ প্ৰচাৰ চলাব গৃহমন্ত্ৰীগৰাকীয়ে ৷

উল্লেখ্য যে ডিব্ৰুগড় লোকসভা আসনৰ বাবে বিজেপিৰ সৰ্বানন্দ সোণোৱাল, সন্মিলিত বিৰোধী ঐক্য মঞ্চৰ উমৈহতীয়া প্ৰাৰ্থী লুৰীণজ্যোতি গগৈ আৰু আপৰ মনোজ ধানোৱাৰৰ মাজত ত্ৰিকোণীয়া যুঁজ হোৱাৰ সম্ভাৱনা আছে ৷

স্মৰ্তব্য যে দুয়োটা প্ৰচাৰ কাৰ্যসূচীৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অমিত শ্বাহৰ সৈতে উপস্থিত থাকিব ।

লগতে পঢ়ক: অথন্তৰ ! ধুমুহাত বিধ্বস্ত হ’ল অমিত শ্বাহৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ মণ্ডপ - Lok Sabha Election 2024

Last Updated :Apr 9, 2024, 11:28 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.