ETV Bharat / politics

অথন্তৰ ! ধুমুহাত বিধ্বস্ত হ’ল অমিত শ্বাহৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ মণ্ডপ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 8, 2024, 4:45 PM IST

LOK SABHA ELECTION 2024
9 এপ্ৰিলত গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্বাচনী প্ৰচাৰ সভা

প্ৰচণ্ড ধুমুহাই ভাঙি বিধ্বস্ত কৰে গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ মণ্ডপ ৷ 9 এপ্ৰিলত লখিমপুৰত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে ৷

ধুমুহাত বিধ্বস্ত গৃহমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ মণ্ডপ

লখিমপুৰ, 8 এপ্ৰিল : অথন্তৰে লগ নেৰা হৈছে ৷ 9 এপ্ৰিল অৰ্থাৎ মঙলবাৰে লখিমপুৰত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে ৷ লখিমপুৰ নগৰৰ সমীপৰ চুকুলীভৰীয়াত আয়োজন কৰা এক বিশাল জনসভাত সমষ্টিটোৰ বিজেপি প্ৰার্থী প্ৰদান বৰুৱাৰ হৈ গৃহমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ কথা ৷ গৃহমন্ত্ৰীৰ সভাৰ বাবে আটকধুনীয়াকৈ নিৰ্মাণ কৰা হৈছিল বিশাল মণ্ডপ ৷ পিছে দেওবাৰে নিশাৰ ভাগত অহা এজাক প্ৰচণ্ড ধুমুহাই ভাঙি বিধ্বস্ত কৰে এই মণ্ডপ ৷

ধুমুহাত মূল মঞ্চটোৰ বিশেষ ক্ষতি নহ’ল যদিও মণ্ডপৰ ওপৰৰ অংশ সম্পূৰ্ণ ৰূপে বিধ্বস্ত হয় ৷ ফলত মূল মণ্ডপৰ ওপৰৰ অংশ একো নোহোৱা হৈ পৰিল ৷ উল্লেখ্য যে, বিশাল আকাৰত নিৰ্মাণ কৰা এই প্ৰেক্ষাগৃহটো সম্পূর্ণ ৰূপে ভাগি পৰাৰ ফলত এদিনৰ ভিতৰতে পুনৰাই নিৰ্মাণ কৰাটো সম্ভৱ নহয় ৷ সেয়েহে মুকলি আকাশৰ তলতে বহি মঙলবাৰে অমিত শ্বাহৰ ভাষণ শুনিব লাগিব ৰাইজে ৷

লক্ষণীয় যে গৃহমন্ত্ৰী অমিত শ্বাহৰ এই নিৰ্বাচনী সভাখনৰ দিন ইয়াৰ পূৰ্বে ইতিমধ্যে দুবাৰকৈ বাতিল কৰা হৈছিল ৷ প্ৰথমে 6 এপ্ৰিলত সভাৰ দিন স্থিৰ কৰি প্ৰস্তুতি চলোৱা হৈছিল যদিও মূৰকত সেই দিনটো বাতিল কৰা হয় ৷ পিচত পুনৰ 8 এপ্ৰিলৰ দিনটো স্থিৰ কৰা হয় যদিও এইটো দিনো বাতিল কৰা হয় ৷ তাৰ পিচত 9 এপ্ৰিলৰ দিনটো এই নিৰ্বাচনী প্ৰচাৰ সভাৰ বাবে স্থিৰ কৰা হয় ৷ এনেদৰে বাৰে বাৰে সভাৰ দিন সলনি কৰি অৱশেষত 9 এপ্ৰিলত সভাখন অনুষ্ঠিত কৰিবলৈ লোৱা হৈছিল যদিও এইবাৰ প্ৰকৃতিৰ ৰোষত পৰি সভাৰ মণ্ডপ বিধ্বস্ত হয় ৷ যাৰ বাবে কিছু পৰিমাণে হ’লেও দলীয় নেতা-কৰ্মী সকল হতাশ হৈ পৰিছে ৷

লগতে পঢ়ক : শাসক Vs বিৰোধী : ১২ নং লখিমপুৰ লোকসভা সমষ্টিত কোনে মাৰিব শেষ হাঁহি ? - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.