ETV Bharat / politics

দুই লাখৰো অধিক ভোটৰ ব্যৱধানত জয়ী হ’ব তপন কুমাৰ গগৈ : অশোক সিংহল - Lok sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 12, 2024, 7:49 AM IST

Topon Kumar Gogoi will win by a margin of over two lakh votes in Jorhat Lok Sabha constituency
দুই লাখৰো অধিক ভোটৰ ব্যৱধানত জয়ী হ’ব তপন কুমাৰ গগৈ

Lok sabha Election 2024 : দুই লাখৰো অধিক ভোটৰ ব্যৱধানত তপন কুমাৰ গগৈ জয়ী হ’ব বুলি আশা প্ৰকাশ মন্ত্ৰী অশোক সিংহলৰ । লগতে অৰুণাচলৰ 60 খন বিধানসভাৰ আসনৰ ভিতৰত 55 খন আসন বিজেপিয়ে লাভ কৰিব বুলি কয় সিংহলে ৷

দুই লাখৰো অধিক ভোটৰ ব্যৱধানত জয়ী হ’ব তপন কুমাৰ গগৈ

যোৰহাট, 12 এপ্ৰিল: সমাগত লোকসভা নিৰ্বাচন ৷ নিৰ্বাচনী প্ৰচাৰভিযান তুংগত কৰি তুলিছে প্ৰতিটো ৰাজনৈতিক দলে ৷ নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহলেও আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰভিযান ৷

বৃহস্পতিবাৰে যোৰহাট বিধানসভা সমষ্টিৰ অৰ্ন্তগত মাৰোৱাৰী ঠাকুৰবাৰীত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী অশোক সিংহলে ৷ মাৰোৱাৰী সম্প্ৰদায়ৰ লোকৰ সৈতে আলোচনাত মিলিত হয় মন্ত্ৰী অশোক সিংহল । সংবাদ মাধ্যমৰ আগত মন্ত্ৰী অশোক সিংহলে কয়, "বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈ দুই লাখৰো অধিক ভোটৰ ব্যৱধানত জয়ী হ’ব । অৰুণাচলৰ 60 খন বিধানসভাৰ আসনৰ ভিতৰত 55 খন আসন লাভ কৰিব বিজেপিয়ে ।"

যোৰহাট বিধানসভা সমষ্টিৰ অৰ্ন্তগত মাৰোৱাৰী ঠাকুৰবাৰীৰ বিশেষ সভাগৃহত মাৰোৱাৰী সম্প্ৰদায় তথা ব্যৱসায়ীসকলৰ সৈতে নগৰখনৰ বিভিন্ন সমস্যাৰাজি সন্দৰ্ভত আলোচনাত মিলিত হয় নগৰ উন্নয়ন মন্ত্ৰীগৰাকী । লগতে মাৰোৱাৰীৰ ঠাকুৰবাৰীত থকা মন্দিৰতো সেৱা লয় সিংহলে ।

সংবাদ মাধ্যমৰ আগত অশোক সিংহলে কয়, "নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হ'ব । বৰ্তমান দেশত মোদীময় পৰিৱেশে বিৰাজ কৰিছে । যোৰহাট লোকসভা সমষ্টিৰ পৰা তপন কুমাৰ গগৈ দুই লাখ ভোটৰ ব্যৱধান জয়ী হ'ব আৰু মাজুলী সমষ্টিৰ পৰা 50 পৰা 60 হাজাৰ ভোট উপৰঞ্চি লাভ কৰিব ।"

আনহাতে অৰুণাচল বিধানসভা নিৰ্বাচন প্ৰসংগত সিংহলে কয়, "অৰুণাচল প্ৰদেশৰ 60 টা বিধানসভা সমষ্টিৰ ভিতৰত 55 খন আসন অকলে বিজেপিয়ে লাভ কৰিব ।"

  • " class="align-text-top noRightClick twitterSection" data="">

তাৎপৰ্যপূৰ্ণ যে বৰ্তমান যোৰহাট লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈ পৰিছে ৷ শাসক আৰু বিৰোধী কোনো পিছপৰি ৰোৱা নাই প্ৰচাৰ অভিযানত । আজি অৰ্থাৎ শুকুৰবাৰে মুখ্যমন্ত্ৰীয়ে যোৰহাটত এক বিশাল ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব নগৰ উন্নয়ন মন্ত্ৰীগৰাকী ।

লগতে পঢ়ক: শোণিতপুৰ লোকসভাত প্ৰতিদ্বন্দ্বিতা বিৰোধীৰ লগত নহয়, বিধায়কসকলৰ মাজতহে হ’ব : অশোক সিংহল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.