ETV Bharat / politics

নগাঁৱত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল শিখা শৰ্মাৰ - Lok Sabha elections 2024

Nagaon Lok Sabha constituency : নগাঁৱত মনোনয়ন দাখিল কৰিয়েই শিখা সৰৱ হ'ল প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে । পিছে সুৰেশ বৰাৰ ক্ষেত্ৰত নীৰৱতা । ই টিভি ভাৰতৰ সাংবাদিকৰ প্ৰশ্নত খঙতে কামাখ্যাৰ শপত খোৱাৰ কথা ক'লে শিখাই । কিন্তু কিয় খং উঠিল ?

Nagaon Lok Sabha constituency
নিৰ্দলীয় প্ৰাৰ্থী শিখা শৰ্মা
author img

By ETV Bharat Assamese Team

Published : April 2, 2024 at 7:45 PM IST

2 Min Read
Choose ETV Bharat
নিৰ্দলীয় প্ৰাৰ্থী শিখা শৰ্মা

নগাঁও,২ এপ্ৰিল: দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ বাবে মঙলবাৰে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে শিখা শৰ্মাই দাখিল কৰিলে মনোনয়ন পত্ৰ । দীর্ঘদিনৰ পৰাই নগাঁও লোকসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচন খেলাৰ কথা ঘোষণা কৰি আহি অৱশেষত এই সমষ্টিৰ বাবেই মনোনয়ন দাখিল কৰিলে বিভিন্ন সময়ত বিতৰ্কৰ সূত্ৰপাত ঘটোৱা শিখা শৰ্মাই । মঙলবাৰে প্ৰয়োজনীয় প্ৰস্তাৱক, সমৰ্থকক লগত লৈ নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয় নিৰ্দলীয় প্ৰাৰ্থীগৰাকী ।

নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ নিৰ্বাচনী বিষয়াৰ হাতত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে দাখিল কৰে মনোনয়ন পত্ৰ । মনোনয়ন দাখিল কৰিয়েই সংবাদ মাধ্যমৰ মুখামুখি হৈ বহুকেইটা মন্তব্য কৰিলে শিখা শৰ্মাই । বিশেষকৈ ই টিভি ভাৰতৰ সাংবাদিকে এ আই ইউ ডি এফ দলৰ সৈতে থকা সম্পর্কৰ বিষয়ে এক প্ৰশ্ন কৰাৰ লগে লগে খঙতেই কামাখ্যা মন্দিৰৰ শপত খোৱাৰ কথা ক'লে শিখা শৰ্মাই । প্ৰয়োজত শপতনামা দিয়াৰ কথাও ক'লে নিৰ্দলীয় প্ৰাৰ্থী শিখা শৰ্মাই ।

এসময়ত বদৰুদ্দিন আজমলক সমৰ্থন কৰাৰ কথা মুকলিকৈ ঘোষণা কৰা শিখা শৰ্মাই যিকোনো মানুহৰ ভাল কামৰ সমৰ্থন কৰা বুলি মন্তব্য কৰে । ইপিনে,বৰ্তমানৰ সাংসদ তথা নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক দুৰ্বল সাংসদ বুলি আখ্যা দি শিখা শৰ্মাই কয় যে সাংসদ এগৰাকীয়ে বিজেপিৰ বিৰুদ্ধে লাগি থকাতকৈ ৰাইজৰ কল্যাণৰ কথা চিন্তা কৰিব লাগে । অৱশ্যে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক সমালোচনা কৰা নিৰ্দলীয় প্ৰাৰ্থী শিখা শৰ্মাই বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ বিৰুদ্ধে কোনো এটা মন্তব্য নকৰিলে ।

উল্লেখযোগ্য যে দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে সোমবাৰে অসম জন মর্চা দলৰ পৰা ছাইফুল ইছলামে মনোনয়ন দাখিল কৰাৰ পিচত মঙলবাৰে দ্বিতীয়গৰাকী প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰে শিখা শৰ্মাই ।

লগতে পঢ়ক:মানুহক অপমান কৰাটো মজ্জাগত স্বভাৱ হিমন্ত বিশ্ব শৰ্মা-পীযুষ হাজৰীকাৰ: প্ৰদ্যুৎ বৰদলৈ - Lok Sabha Election 2024