ETV Bharat / politics

আশংকা কৰা মতেই দল ত্যাগৰ প্ৰস্তুতি ৰাণা গোস্বামীৰ !

author img

By ETV Bharat Assamese Team

Published : Feb 25, 2024, 6:33 PM IST

Updated : Feb 25, 2024, 9:43 PM IST

Rana Goswami : দলৰ গুৰুত্বপূৰ্ণ দায়িত্বৰ পৰা পদত্যাগ কৰিলে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাণা গোস্বামীয়ে ৷ বিপৰ্যয়ৰ সময়ত দলক লগ দিয়াৰ সলনি ফালৰি কাটিছে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে ৷ বিভিন্ন ৰাজনৈতিক কাৰণত পদত্যাগ কৰা বুলি উল্লেখ ৷

Rana Goswami
দল এৰাৰ কুচ-কাৱাজ ৰাণা গোস্বামীৰ

যোৰহাট, 25 ফেব্ৰুৱাৰী : বিপৰ্যয়ে লগ নেৰা হৈছে অসম প্ৰদেশ কংগ্ৰেছক ৷ ইজনৰ পিচত সিজন নেতা-কৰ্মীয়ে দল ত্যাগ কৰাৰ মাজতেই প্ৰদেশ কংগ্ৰেছক এইবাৰ দল এৰাৰ কুচ-কাৱাজ জ্যেষ্ঠ নেতা ৰাণা গোস্বামীৰ ৷ এইবাৰ উজনি অসমৰ কংগ্ৰেছ দলৰ সকলো দায়িত্বৰ পৰা অব্যাহতি জ্যেষ্ঠ নেতা ৰাণা গোস্বামীৰ ৷

Rana Goswami
দলৰ গুৰুত্বপূৰ্ণ দায়িত্বৰ পৰা পদত্যাগ ৰাণা গোস্বামীৰ

বিজেপি অথবা অসম গণ পৰিষদ দলত যোগদান কৰিব বুলি চৰ্চা চলি থকাৰ মাজতেই দলৰ গুৰুত্বপূৰ্ণ দায়িত্বৰ পৰা পদত্যাগ কৰিলে কংগ্ৰেছৰ এগৰাকী প্ৰভাৱশালী তথা জ্যেষ্ঠ নেতা ৰাণা গোস্বামীয়ে ৷ উজনি অসমৰ লগতে ধেমাজি, উত্তৰ লখিমপুৰ, শোণিতপুৰ আৰু বিশ্বনাথ চাৰিআলিৰ সাংগঠনিক দায়িত্বৰ পৰা পদত্যাগ কৰিলে ৰাণা গোস্বামীয়ে ৷ ইতিমধ্যে এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ৰাণা গোস্বামীয়ে ৷ লগতে পদত্যাগ পত্ৰৰ কপি কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা অসম কংগ্ৰেছৰ তত্বাবধায়ক জিতেন্দ্ৰ সিঙলৈও প্ৰেৰণ কৰিছে গোস্বামীয়ে ৷ পত্ৰত বিভিন্ন ৰাজনৈতিক কাৰণত তেওঁ পদত্যাগ কৰা বুলি উল্লেখ কৰিছে ৷

উল্লেখ্য যে, মাত্ৰ কেইঘন্টামান পূৰ্বে সংবাদ মাধ্যমত দল ত্যাগ আৰু বিষয়বাবৰ পৰা অব্যাহতি লোৱা নাই বুলি মন্তব্য কৰাৰ লগতে দল ত্যাগৰ কথা চিন্তাও কৰা নাই বুলি কৈছিল ৰাণা গোস্বামীয়ে ৷ কিন্তু এই মন্তব্যৰ কিছু সময়ৰ পিচতেই সুৰ সলনি হ’ল জ্যেষ্ঠ কংগ্ৰেছ নেতা গৰাকীৰ ৷ ইয়াৰ পিচতেই দলীয় বিপৰ্যয়ৰ সময়তো নিজৰ স্থিতি সলনি কৰি উজনি অসমৰ কংগ্ৰেছৰ বিভিন্ন দলীয় দায়িত্বৰ পৰা অব্যাহতি লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু দলৰ অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙলৈ পত্ৰ প্ৰেৰণ কৰে তেওঁ ৷

ইফালে দল ত্যাগ কৰা সন্দৰ্ভত চলি থকাৰ চৰ্চাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৰ্তমান অগপ আৰু বিজেপিৰ মাজত তেওঁক লৈ টনা-আজোঁৰা লাগিছে বুলি মন্তব্য কৰিছিল কংগ্ৰেছ নেতা ৰাণা গোস্বামীয়ে ৷ এই টনা-আঁজোৰা দেখি তেওঁ নিজৰ শক্তিৰ উমান পাইছে বুলিও কৈছিল ৷ আনহাতে দুয়োটা দলে তেওঁক সবল ৰাজনীতিক হিচাপে প্ৰতিষ্ঠা কৰাৰ আনন্দতে যোৱা ৰাতি দুগৰাহ ভাত বেছিকৈ খোৱা বুলি কৈ ৰাণা গোস্বামীয়ে তেওঁৰ বাহু সবল, তেওঁ কোনোফালেই নাহালে বুলি উল্লেখ কৰিছিল ৷ কিন্তু এই মন্তব্যৰ মাত্ৰ কেইঘন্টামান পিচতেই নিজৰ স্থিতি সলনি কৰি ৰাজনৈতিক কাৰণত দলৰ গুৰুত্বপূৰ্ণ দায়িত্বৰ পৰা পদত্যাগ কৰে তেওঁ ৷

  • " class="align-text-top noRightClick twitterSection" data="">

আনহাতে শনিবাৰে দলীয় কৰ্মীৰ সৈতে ৰাণা গোস্বামীয়ে এক বৈঠকত মিলিত হৈ বিভিন্ন বিষয়ত আলোচনাত মিলিত হৈছিল ৷ কিন্তু আলোচনাত মিলিত হোৱাৰ এটা দিনৰ পিচতে দলৰ গুৰুত্বপূৰ্ণ দায়িত্বৰ পৰা অব্যাহতি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাটোৱে তেওঁৰ স্থিতিক লৈ সন্দিহান কৰি তুলিছে সকলোকে ৷ চৰ্চা মতে ৰাণা গোস্বামীয়ে 28 বা 29 ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিব ৷ বিজেপিত যোগদান কৰাৰ পিচত ৰাণা গোস্বামীক 2026 ৰ বিধানসভা নিৰ্বাচনত তিতাবৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব বুলি ৰাজনৈতিক মহলত সৰৱ চৰ্চা চলিছে ৷

প্ৰথম অৱস্থাত অগপত যোগদান কৰা কথা চৰ্চা হৈছিল যদিও টীয়ক সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব নিশ্চিত নোহোৱাত বিজেপিত যোগদান কৰিব বুলি চৰ্চা হৈছে ৷ অৱশ্যে কংগ্ৰেছ নেতা জনে অগপত যোগদান কৰিব নে বিজেপিত যোগদান কৰিব সেয়া সময়তহে লক্ষ্যণীয় হ'ব ৷ কিন্তু কংগ্ৰেছ এৰি আন দলত যোগদানৰ বিষয় নস্যাৎ কৰা ৰাণা গোস্বামীৰ শেহতীয়া সিদ্ধান্তই তেওঁ বিজেপি বা অগপলৈ যোৱাৰ কুচকাৱাজ চলাই থকা বুলি কৰা সন্দেহ এতিয়া ঘণীভূত কৰিছে ৷

লগতে পঢ়ক : কংগ্ৰেছৰ বিকল্প চিন্তা কৰিছে নেকি ৰাণা গোস্বামীয়ে ? হঠাৎ চৰ্চাত কিয় ?

Last Updated :Feb 25, 2024, 9:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.