ETV Bharat / politics

মুখ্যমন্ত্ৰীৰ বুজনিত মনৰ দুখ পাতল হৈছে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ

author img

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 12:52 PM IST

কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী
কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী

Union Minister Rameswar Teli: টিকট কৰ্তন হোৱাৰ পাচতে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীক বুজনি দিলে মুখ্যমন্ত্ৰীয়ে । মুখ্যমন্ত্ৰীৰ বুজনিৰ পাচতহে মনৰ দুখ পাতল হৈছে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ !

কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী

মৰাণ, ১১ মাৰ্চ: সমাগত লোকসভা নিৰ্বাচনক লৈ সকলো ৰাজনৈতিক দলে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে । বিৰোধী দল সমূহৰ লগতে শাসক দল বিজেপিয়ে নিজৰ সাংগঠনিক কামকাজ আগুৱাই নিছে প্ৰতিটো সমষ্টিত। বিজেপিৰ ১১ টা লোকসভা সমষ্টিত নিজা প্ৰাৰ্থী প্ৰক্ষেপ কৰি আৰম্ভ কৰিছে প্ৰচাৰ অভিযান ।

ডিব্ৰুগড় লোকসভা সমষ্টিত এইবাৰ সাংসদ ৰামেশ্বৰ তেলীৰ টিকট কৰ্তন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বিজেপিয়ে । টিকট কৰ্তন হোৱাৰ পাছতে সংবাদ মাধ্যমৰ আগত নিজৰ ক্ষোভ প্ৰকাশ কৰিছিল বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে । অসমৰ সকলো সাংসদতকৈ বেছি কাম কৰা বুলি দাবী কৰা তথা টিকট কৰ্তন কৰাৰ দুখত জৰ্জৰিত ৰামেশ্বৰ তেলীক অৱশেষত বুজনি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । দেওবাৰে নিশা নামৰূপৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এই কথা ৰাজহুৱা কৰিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে নামৰূপ চহৰ সৌন্দৰ্য বৰ্ধনৰ বাবে এক বিশেষ পদক্ষেপ হিচাপে অসম পেট্ৰ'কেমিকেলছ লিমিটেড আৰু অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ দ্বাৰা নামৰূপ চহৰৰ মাজমজিয়াত নিৰ্মাণ কৰা হৈছে নামৰূপ ঘড়ী স্তম্ভ । নিৰ্মাণ সম্পূৰ্ণ হোৱা নামৰূপ ঘড়ী স্তম্ভটো উদ্বোধন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ।

এই অনুষ্ঠানতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয়," দলে টিকট কৰ্তন কৰিলেও দলত থাকিম । দলে যি দায়িত্ব দিয়ে তাক পালন কৰিম । "লগতে মুখ্যমন্ত্ৰীয়ে ফোন কৰি দলৰ কাম কৰি যাবলৈ আহ্বান জনোৱা বুলিও কয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । মুঠৰ ওপৰত মুখ্যমন্ত্ৰীৰ বুজনিত মনৰ দুখ পাতল হৈছে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ।

লগতে পঢ়ক:লোকসভা নিৰ্বাচনত নিঃশেষ হ'ব অহংকাৰী বিজেপি : গৌৰৱ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.