ETV Bharat / politics

ডিফু লোকসভা সমষ্টিত পাঁচ প্রার্থীৰ ভাগ্য নির্ণয় কৰিব ৮,৯৩,০৫৮ ভোটাৰে - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 25, 2024, 10:55 PM IST

DIPHU LOK SABHA CONSTITUENCY
ডিফু লোকসভা সমষ্টিৰ পাঁচগৰাকী প্ৰার্থীৰ ভাগ্য নির্ণয় কৰিব ভোটাৰে

ডিফু লোকসভা সমষ্টিৰ অধীনত কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ 6 টা বিধানসভা সমষ্টিত দ্বিতীয় পৰ্যায়ত হ’ব ভোটগ্ৰহণ ৷ তিনি পাৰ্বত্য জিলা সামৰি গঠন হোৱা লোকসভা আসনখনৰ বাবে মুঠ ৮ লাখ 93 হাজাৰ 58 গৰাকী ভোটাৰে পাঁচগৰাকী প্ৰার্থীৰ ভাগ্য নির্ণয় কৰিব ৷

ভোটগ্ৰহণৰ বাবে সাজু ডিফু লোকসভা সমষ্টি

ডিফু, 25 এপ্ৰিল : শুকুৰবাৰে 6নং ডিফু লোকসভা (জনজাতি সংৰক্ষিত) আসনত দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ ৷ ডিফু লোকসভা সমষ্টিৰ অধীনত আছে কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ 6 টা বিধানসভা সমষ্টি ক্ৰমে- ডিফু, হাওৰাঘাট, বোকাজান, হাফলং তথা নতুনকৈ গঠন কৰা আমৰি আৰু ৰংখ্যাং বিধানসভা সমষ্টি ৷ তিনি পাৰ্বত্য জিলা সামৰি গঠন হোৱা লোকসভা আসনখনৰ বাবে মুঠ ৮ লাখ 93 হাজাৰ 58 গৰাকী ভোটাৰে পাঁচগৰাকী প্ৰার্থীৰ ভাগ্য নির্ণয় কৰিব ৷ ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা হ'ল 4,45,353 গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা হ'ল 4,47,686 গৰাকী ৷ তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা হ'ল 19 গৰাকী ৷

সমষ্টিটোত মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হ'ল 1,217 টা ৷ দুর্গম অঞ্চলত থকা মুঠ 201 টা ভোট গ্ৰহণ কেন্দ্ৰলৈ দুদিন পূৰ্বেই ৰাওনা হয় নিৰ্বাচনী বিষয়া-কর্মচাৰীৰ দল ৷ বৃহস্পতিবাৰে ডিফুৰ আই এছ বিটিৰ ষ্ট্ৰং ৰূমৰ পৰা 417 টা, বোকাজান, হাফলং, হামৰেণ ষ্ট্ৰং ৰূমৰ পৰা 599টা ভোটগ্ৰহণ কেন্দ্ৰলৈ নিৰ্বাচনী বিষয়া-কর্মচাৰীৰ দল ৰাওনা হয় ৷ ডিফু লোকসভা আসনৰ নিৰ্বাচন প্ৰক্ৰিয়া সুকলমে সম্পন্ন কৰাৰ বাবে ৰিটাৰ্ণিং বিষয়াৰ উপৰিও 14 গৰাকী সহকাৰী ৰিটাৰ্ণিং বিষয়া, 255 গৰাকী চেক্টৰ বিষয়া, 1,217 গৰাকী বি এল অ' নিযুক্ত কৰা হৈছে ৷ ডিফু লোকসভা সমষ্টিৰ অন্তৰ্গত কাৰ্বি আংলং নিৰ্বাচনী জিলা আৰু হাওৰাঘাট বিধানসভা সমষ্টিত 3,62,124 গৰাকী ভোটাৰ আছে ৷ এই দুয়োটা বিধানসভা সমষ্টিত মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা 448 টা ৷ ইয়াৰে ডিফু বিধানসভা সমষ্টিত 226 টা আৰু হাওৰাঘাটত 222 টা ভোটগ্ৰহণ কেন্দ্ৰ আছে ৷

ডিফুৰ 12 টা আৰু হাওৰাঘাটৰ 8 টা তথা মুঠ 20 টা ভোটগ্ৰহণ কেন্দ্ৰ সম্পূর্ণ মহিলাৰ দ্বাৰা পৰিচালিত হ'ব ৷ আদর্শ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হ'ল 9 টা ৷ এই সমগ্ৰ প্ৰক্ৰিয়া পৰিচালনা কৰাৰ বাবে মুঠ 2,354 গৰাকী বিষয়া-কর্মচাৰীক নিয়োগ কৰা হৈছে ৷ বোকাজানত 75,168 গৰাকী পুৰুষ আৰু 75,032 গৰাকী মহিলা ভোটাৰসহ 1,50,200 গৰাকী ভোটাৰ আছে ৷ বোকাজানত ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হ'ল 2023 টা ৷ দুজন সহকাৰী ৰিটাৰ্ণিং বিষয়া, 47 জন চেক্টৰ বিষয়া আৰু 203 জন বি এল অ'ক নিৰ্বাচন পৰিচালনাৰ দায়িত্ব প্ৰদান কৰা হৈছে ৷ ৰংখাং আৰু আমৰি বিধানসভা সমষ্টিক লৈ গঠিত পশ্চিম কাৰ্বি আংলং নিৰ্বাচনী জিলাত 2,25,206 গৰাকী ভোটাৰ আছে ৷ ইয়াৰে 1,13,278 গৰাকী পুৰুষ আৰু 1,11,927 গৰাকী মহিলা ভোটাৰ ৷ তৃতীয় লিংগ ভোটাৰ আছে মাত্ৰ এজন ৷ ভোট গ্ৰহণ কেন্দ্ৰৰ সংখ্যা হ'ল 312 টা ৷ নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূর্ণ কৰিবলৈ 5 জন সহকাৰী ৰিটাৰ্ণিং বিষয়া, 54 জন চেক্টৰ বিষয়া আৰু 312 জন বি এল অ'ক নিযুক্ত কৰা হৈছে ৷

ডিমা হাচাও নিৰ্বাচনী জিলাত আছে 1,55,259 গৰাকী ভোটাৰ ৷ ইযাৰে 77,327 গৰাকী পুৰুষ আৰু 77,932 গৰাকী মহিলা ভোটাৰ ৷ জিলাখনত মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা 254 টা ৷ নিৰ্বাচন নিয়াৰিকৈ সম্পূর্ণ কৰাৰ দায়িত্বত আছে 3 গৰাকী সহকাৰী ৰিটাৰ্ণিং বিষয়া, 68 গৰাকী চেক্টৰ বিষয়া আৰু 254 গৰাকী বি এল অ' ৷ উল্লেখ্য যে এইবাৰ সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বিজেপি দলৰ অমৰছিং তিছ', কংগ্ৰেছ দলৰ জয়ৰাম ইংলেং, আঞ্চলিক ৰাজনৈতিক দল এ এছ ডি চিৰ জৎছন বে', গণ সুৰক্ষা পাৰ্টিৰ জন বার্নার্ড চাংমা আৰু আঞ্চলিক দল এ পি এইচ এলচু সমৰ্থিতত নির্দলীয় প্ৰার্থী জনছ ইংতি কাথাৰ ৷ দ্বিতীয় পৰ্যায়ৰ গণতন্ত্ৰৰ উৎসৱত এই 5 গৰাকী প্ৰার্থীৰ ভাগ্য নিৰূপণ কৰিব পাহাৰৰ জনতাই ৷

লগতে পঢ়ক : দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন: ৬১ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৭৭,০৯,২৭৬ গৰাকী ভোটাৰে - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.