ETV Bharat / politics

চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ: কোন কোন হেভীৱেট প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ব ই ভি এমত ? - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 12, 2024, 8:56 PM IST

LS ELECTION PHASE 4: সোমবাৰে অনুষ্ঠিত হ’ব চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ ৷ অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাৰ আটাইকেইটা সমষ্টিতে হ’ব ভোটগ্ৰহণ ৷ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনত 9 খন ৰাজ্যৰ 96 টা সংসদীয় সমষ্টি আৰু 1 টা কেন্দ্ৰীয় শাসিত অঞ্চলত নিৰ্বাচন অনুষ্ঠিত হ'ব ।

LS ELECTION PHASE 4
চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণত কোন কোন হেভীৱেট প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা ? (ANI photos)

মঙলবাৰে অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচন-2024ৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ ৷ দেশৰ নখন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চল সামৰি মুঠ ৯৬ টা সংসদীয় সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ।

অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাৰ কেউখন আসনৰ বাবে এই পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব । নিম্নলিখিত হেভীৱেইট প্ৰাৰ্থীসকলকে ধৰি প্ৰায় 1717 গৰাকী অৱতীৰ্ণ হৈছে এই পৰ্যায়ৰ নিৰ্বাচন :

সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱ (কনৌজ, উত্তৰ প্ৰদেশ):

অখিলেশ যাদৱে কনৌজ সংসদীয় সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে ৷ উক্ত সংসদীয় সমষ্টিৰ অন্তৰ্গত তিনিখন জিলাত আছে পাঁচটা বিধানসভা সমষ্টি । ভাৰতৰ সুগন্ধি ৰাজধানী হিচাপে পৰিচিত কনৌজৰ লোকসভা নিৰ্বাচনৰ যুঁজখনত অখিলেশ যাদৱে প্ৰৱেশ কৰাৰ পিচত তীব্ৰ হৈ পৰে ৷

উল্লেখ্য যে ১৯৯৮ চনৰ পৰাই সমষ্টিটো সমাজবাদী পাৰ্টীৰ দুৰ্গ হিচাপে পৰিচিত হৈ আহিছিল ৷ অৱশ্যে 2019 চনত এক বৃহৎ পৰিৱৰ্তনেৰে বিজেপিয়ে কনৌজ দখল কৰিবলৈ সক্ষম হৈছিল ৷ উক্ত নিৰ্বাচনত সুব্ৰত পাঠকে প্ৰায় ১২,০০০ ভোটৰ নূন্যতম ব্যৱধানত অখিলেশ যাদৱৰ পত্নী ডিম্পল যাদৱক পৰাস্ত কৰিছিল ।

ইয়াৰ পূৰ্বে ২০১৪ চনৰ নিৰ্বাচনত ডিম্পলে ৪,৮৯,১৬৪ টা ভোট লাভ কৰি কনৌজত জয়ী হৈছিল ৷ বিপৰীতে সুব্ৰত পাঠকে ৪,৬৯,২৫৭ টা ভোট লাভ কৰিছিল ।

পশ্চিমবংগ কংগ্ৰেছৰ সভাপতি অধীৰ ৰঞ্জন চৌধুৰী (বাহাৰমপুৰ সমষ্টি, পশ্চিমবংগ):

বাহাৰমপুৰ লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী তথা ক্ৰিকেটাৰ ইউছুফ পাঠান আৰু বিজেপিৰ নিৰ্মল চন্দ্ৰ সাহাৰ বিৰুদ্ধে যুঁজিব । দুৰ্গ বাহাৰমপুৰ লোকসভা সমষ্টিত মুঠ সাতটা বিধানসভা সমষ্টি থকাৰ লগতে উক্ত সমষ্টিকেইটা মুৰ্শিদাবাদ জিলাৰ অন্তৰ্গত ।

উল্লেখ্য যে 2019 চনৰ পৰাই বাহাৰমপুৰ সমষ্টি অধীৰ ৰঞ্জন চৌধুৰী দুৰ্গ হৈ আছে ৷ অৱশ্যে ২০১৪ চনৰ লোকসভা নিৰ্বাচনত ৩,৫৬,২৭৭ ৰ বিপৰীতে ২০১৯ চনত মাত্ৰ ৭৯,৬৯৪ টা ভোটতহে তেওঁ জয়ী হ’বলগীয়া হৈছিল ৷ সমষ্টিটোত হ’বলগীয়া যুঁজখনৰ প্ৰতি বিশেষ দৃষ্টি ৰখা হৈছে, কিয়নো শাসনাধিস্থ তৃণমূল কংগ্ৰেছে চৌধুৰীক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে ৷ তদুপৰি পশ্চিমবংগ তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে অভিযোগ কৰিছিল যে ৰাজ্যখনত কংগ্ৰেছ-টি এম চিৰ আসন ভাগ-বতৰা চুক্তি অধীৰ ৰঞ্জন চৌধুৰীৰ বাবেই বাতিল কৰা হৈছিল ।

তৃণমূল কংগ্ৰেছ নেত্ৰী মহুৱা মৈত্ৰ (কৃষ্ণনগৰ সমষ্টি, পশ্চিমবংগ):

7 টা বিধানসভা খণ্ডৰে গঠিত কৃষ্ণনগৰ সমষ্টি 2014 চনৰ পৰা তৃণমূল কংগ্ৰেছৰ দুৰ্গ হৈ আছে ৷ ২০১৯ চনত তৃণমূল কংগ্ৰেছৰ মহুয়া মৈত্ৰই ৬,১৪,৮৭২ টা ভোট লাভ কৰি জয়লাভ কৰিছিল ৷ আনহাতে বিজেপি প্ৰাৰ্থী কল্যাণ চৌবেই ৫,৫১,৬৫৪ টা ভোট লাভ কৰাৰ লগতে চি পি আই(এম)ৰ ড৹ শান্তনু ঝাই ১,২০,২২২ টা ভোট লাভ কৰিছিল । ২০১৪ চনৰ লোকসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছ প্ৰাৰ্থী তাপস পল সমষ্টিটোৰ পৰা সাংসদ হৈছিল ।

এইবাৰ মৈত্ৰই বিজেপিৰ নৱাগত অমৃতা ৰয়ৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । মন কৰিবলগীয়া যে 2023ৰ শেষৰ ফালে লোকসভাৰ পৰা বহিষ্কৃত হোৱাৰ পিচত নেত্ৰীগৰাকী কম্পিত হৈছে ৷ কিয়নো কেছ-ফৰ-কুৱেৰী কেলেংকাৰীত জড়িত থকাৰ অভিযোগত অভিযুক্ত নেত্ৰীগৰাকী ৷

এ আই এম আই এমৰ মুৰব্বী আছাদুদ্দিন ওৱেইছি (হায়দৰাবাদ, তেলেংগানা):

হায়দৰাবাদ হৈছে এক মজলিস দুৰ্গ, য’ত আছাদুদ্দিন ওৱেইছি ২০০৪ চনৰ পৰাই জয়ী হৈ আহিছে ৷ ইয়াৰ পূৰ্বে তেওঁৰ পিতৃ চুলতান ছালাহুদ্দিন ওৱাইচিয়ে ১৯৮৪ চনৰ পৰাই নিজৰ দুৰ্গ অব্যাহত ৰাখিছিল ৷

উল্লেখ্য য়ে ওৱেইছিয়ে এইবাৰ বিজেপি প্ৰাৰ্থী কোমপেল্লা মাধৱী লতাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে৷ শেহতীয়াকৈ হায়দৰাবাদৰ এক নিৰ্বাচনী জনসভাত মছজিদৰ ফালে ধনু-কাঁৰ টোৱাই এক বিতৰ্কৰ সূচনা কৰিছিল মাধৱী লতাই । মাধৱী লতাই নিজক লৈ কৌতুক কৰি থকা বুলিও মন্তব্য কৰিছিল ৷

হায়দৰাবাদ লোকসভা সমষ্টিৰ অন্তৰ্গত বাহাদুৰপুৰা, চন্দ্ৰযানগুট্টা, য়াকুটপুৰা, মালাকপেট, গোশামহল, চাৰমিনাৰ আৰু কাৰৱান বিধানসভা সমষ্টি আছে । উক্ত বিধানসভা সমষ্টিসমূহৰ একমাত্ৰ গোশামহলত বিজেপিৰ টি ৰাজা সিং বিধায়ক থকাৰ বাহিৰে বাকী কেউটা সমষ্টিৰে বিধায়ক এ আই এম আই এমৰ ।

ৱাই এছ শৰ্মিলা (কাডাপা সমষ্টি, অন্ধ্ৰপ্ৰদেশ):

ৱাই এছ পৰিয়ালৰ দুৰ্গ কাডাপা লোকসভা সমষ্টি সাজু হৈছে পৰিয়ালৰ দুজন সদস্যৰ মাজত যুঁজ কৰিবলৈ ৷ অন্ধ্ৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৱাই এছ শৰ্মিলা ৰেড্ডীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব তেওঁৰ সম্পৰ্কীয় ভাতৃ ৱাই এছ অবিনাশ ৰেড্ডীয়ে৷ উল্লেখ্য যে ৱাই এছ শৰ্মিলা ৰেড্ডী হৈছে অবিভক্ত অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৱাই এছ ৰাজশেখৰ ৰেড্ডীৰ কন্যা ৷ আনহাতে ৱাই এছ অবিনাশ ৰেড্ডী হৈছে আৰ চি পিৰ বৰ্তমানৰ সাংসদ ।

১৩ মে'ত অন্ধ্ৰপ্ৰদেশৰ ২৫ টা লোকসভা সমষ্টিৰ লগত একেলগে বিধানসভা নিৰ্বাচনো অনুষ্ঠিত হ’ব ।

অন্যান্য গুৰুত্বপূৰ্ণ প্ৰাৰ্থীসকল:

বৰ্ধমান-দুৰ্গাপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা বিজেপি বংগৰ সভাপতি দিলীপ ঘোষ, টি এম চি নেতা শত্ৰুঘ্ন সিনহা (আছনছল), কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা গিৰিৰাজ সিং (বেগুচৰাই) আৰু কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা অৰ্জুন মুণ্ডা (খুণ্টি) ।

লগতে পঢ়ক: সোমবাৰে ১০খন ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬ টা সমষ্টিত হ’ব ভোটগ্ৰহণ: সাজু নিৰ্বাচন আয়োগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.