ETV Bharat / politics

এই আইন বলৱৎ কৰি জনগণক প্ৰতাৰণা কৰিলে : দেৱব্ৰত শইকীয়া

author img

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 8:11 PM IST

Updated : Mar 11, 2024, 9:32 PM IST

CAA Implementation
কা বলবৎ সন্দৰ্ভত বিৰোধী দলপতিৰ প্ৰতিক্ৰিয়া

বিজেপিৰ ৰাজনৈতিক লাভালাভৰ বাবে সকলোৰে ওপৰত 'কা' জাপি দিলে বুলি মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ৷ অসম আৰু অসমীয়াৰ স্বাৰ্থ বিৰোধী 'কা' আইন বলৱৎ কৰি অসমীয়া জাতিক বিজেপিয়ে প্ৰতাৰণা কৰিলে বুলিও কয় তেওঁ ৷

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, 11 মাৰ্চ : লোকসভা নিৰ্বাচনৰ পূৰ্বে সমগ্ৰ দেশত বলৱৎ হ'ল নাগৰিকত্ব (সংশোধনী) আইন- 2019 চমুকৈ 'কা' ৷ সোমবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে নাগৰিকত্ব (সংশোধনী) আইন-2019 কাৰ্যকৰী কৰাৰ নিয়মসমূহ অধিসূচীত কৰিছে ৷ 'কা'ৰ লক্ষ্য হৈছে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা প্ৰব্ৰজন কৰা আৰু 31 ডিচেম্বৰ, 2014-ৰ পূৰ্বে ভাৰতত উপস্থিত হোৱা হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী আৰু খ্ৰীষ্টানসহ নিৰ্যাতিত অ-মুছলমান প্ৰব্ৰজনকাৰীসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা ৷ কেন্দ্ৰৰ এই ঘোষণাৰ পিচতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে ক্ষোভৰ উদগীৰণ হৈছে ৷ বিভিন্ন দল-সংগঠনে ক্ষোভ প্ৰকাশ কৰাৰ লগতে এই আইনৰ বিৰুদ্ধে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ইফালে 'কা'ৰ নিয়মসমূহ কেন্দ্ৰীয় চৰকাৰে অধিসূচীত কৰাৰ পিচতে হাই-এলাৰ্ট জাৰি কৰিছে অসম আৰক্ষীয়ে ৷ গুৱাহাটী মহানগৰীত বেৰিকেডসহ সাজু হৈছে আৰক্ষী ৷ জনতা ভৱনতো আৰক্ষীৰ বিশাল নিৰাপত্তা বেষ্টনী গঢ়ি তোলা দেখা গৈছে ৷ ইয়াৰ মাজতে 'কা' বলবৎ কৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ তেওঁ কয় যে, আজি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অসম আৰু অসমীয়াৰ স্বাৰ্থ বিৰোধী 'কা' আইন বলৱৎ কৰিলে ৷ অসমৰ জনগণে দীৰ্ঘদিন ধৰি এই‌ আইনৰ বিৰুদ্ধে মাত মাতি থকাৰ পিচতো আজি সকলোৰে আশাত চেঁচা পানী ঢালি বিজেপিৰ ৰাজনৈতিক লাভালাভৰ বাবে সকলোৰে ওপৰত এই আইনখন জাপি দিলে ৷

দেৱব্ৰত শইকীয়াই পুনৰ কয় কয় যে, বিজেপি চৰকাৰে অসমৰ জাতি-মাটি-ভেটি ৰক্ষা কৰা আৰু অসম চুক্তি আখৰে আখৰে পালন কৰাৰ যি প্ৰতিশ্ৰুতি দি আছিল সেয়া আজি 'কা' বলবৎ কৰি সকলো নস্যাৎ কৰিলে ৷ অসমীয়া জাতিক পুনৰ প্ৰতাৰণা কৰিলে ৷ অসম চুক্তিক অৱমাননা কৰিলে ৷ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অসম আৰু অসমীয়াৰ স্বাৰ্থ বিৰোধী 'কা' আইন বলৱৎ কৰি অসমীয়া জাতিক যি প্ৰতাৰণা কৰিলে, অসমৰ জনগণে তাৰ জবাব দিব ৷ কংগ্ৰেছ দলেও 'কা'ৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি মন্তব্য কৰে বিৰোধী দলপতিজনে ৷

লগতে পঢ়ক : আজিৰে পৰা দেশজুৰি বলবৎ হ’ল নাগৰিকত্ব সংশোধনী আইন-2019

Last Updated :Mar 11, 2024, 9:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.