ETV Bharat / politics

এশ দিনৰ ভিতৰত মুখ্যমন্ত্রী নহয়, কংগ্রেছৰ সভাপতিহে সলনি হ'ব: মানৱ ডেকা - APCC PRESIDENT MAY CHANGE

author img

By ETV Bharat Assamese Team

Published : Apr 6, 2024, 6:45 PM IST

MLA Manab Deka
বিধায়ক মানৱ ডেকা

এইবাৰ চিকিৎসকৰ ৰূপত বিধায়ক মানৱ ডেকা । বিধায়কগৰাকীয়ে প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাক কি চিকিৎসাৰ নিদান দিলে ?

বিধায়ক মানৱ ডেকা

লখিমপুৰ, ৬ এপ্ৰিল : ক্ৰমাৎ আকৰ্ষণীয় হৈছে বিজেপি-কংগ্ৰেছ নেতাৰ বাক যুদ্ধ । অলপতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এশ দিনৰ ভিতৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী সলনি হ'ব বুলি মন্তব্য কাৰ পিচতেই তেওঁৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিজেপিৰ নেতা-মন্ত্ৰীসকল । এইবাৰ বিধায়ক মানৱ ডেকাই ভূপেন বৰাৰ এই মন্তব্যৰ আঁত ধৰি কয়," ভূপেন বৰা আচলতে এখন কল্পনাৰ জগতত থাকে । সেই বাবে তেওঁ কল্পনাপ্ৰসূত কথা কৈ ভাল পায় ।" তেওঁ পুনৰ কয় যে শৰীৰত ভিটামিনৰ অভাৱ হলে এনে হয় ।

শনিবাৰে লখিমপুৰত বিধায়ক মানৱ ডেকাই সংবাদ মাধ্যমৰ জৰিয়তে প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাক এই চিকিৎসাৰ বিধান দিয়ে । উল্লেখ্য অলপতে ভূপেন বৰাই এশ দিনৰ ভিতৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী সলনি হ'ব বুলি মন্তব্য কৰিছিল । বিধায়ক মানৱ ডেকাই ভূপেন বৰাক ভিটামিন বি টুৱেলভ খাবলৈ পৰামৰ্শ আগবঢ়ায় । ভূপেন বৰাক এইদৰে চিকিৎসাৰ বিধান দি বিধায়কগৰাকীয়ে কয়,"এশ দিনৰ ভিতৰত মুখ্যমন্ত্রী নহয়, কংগ্রেছৰ সভাপতিহে সলনি হ'ব ।" তেওঁ এজন ফক্কৰ টাইপৰ মানুহ । ফক্কৰামি কৰি ভাল পায় বাবে তেওঁ এনে কথা কয় বুলি মানৱ ডেকাই ভূপেন বৰাক সমালোচনা কৰে ।

ভূপেন বৰা বিজেপিত যোগদান সন্দৰ্ভত মানৱ ডেকাই কয় বিজেপিত যোগদান কৰিবলৈ হ'লে তিনিটা গুণ থাকিব লাগে। এটা হ'ল তেওঁ খিলঞ্জীয়া হ'ব লাগিব । আনটো হ'ল তেওঁ মুখ্যমন্ত্রী, প্রধানমন্ত্রীক অহৰহ গালি পৰা ব্যক্তি হ'ব লাগিব আৰু আনটো হ'ল বিজেপিয়ে একেবাৰে কমকৈ গালি পৰা লোক হ'ব লাগিব । ভূপেন বৰাৰ গাত এই তিনিওটা গুণেই আছে সেয়ে তেওঁ বিজেপিত যোগদান কৰাত কোনো বাধা নাই বুলি কয় বিধায়ক ডেকাই ।

ভূপেন বৰাই হেলিকপ্টাৰ লৈ নিৰ্বাচনী প্ৰচাৰ কৰা প্ৰসংগ উত্থাপন কৰি তেওঁ কয়," ভূপেন বৰাই নিৰ্বাচনী প্ৰচাৰতকৈ হেলিকপ্টাৰখন আভিজাত্যৰ প্ৰতীক হিচাপেহে ব্যৱহাৰ কৰিছে ।" আনহাতে,লখিমপুৰত অখিল গগৈয়ে নিৰ্বাচনী প্ৰচাৰ কৰা প্ৰসংগত তেওঁ কয় অখিল গগৈয়ে নিৰ্বাচনী প্ৰচাৰ কৰিলে ভোট ভাঙিবই। সভাত এহেজাৰ মানুহ হ'লে পাঁচশ মানুহে ভোট দিয়াৰ পৰা আঁতৰিব । তেওঁ কয় যে বিজেপিয়ে জিকা-হৰাৰ কথাৰে নহয়, কোনে কোন সমষ্টিত বেছিকৈ ভোট দিব পাৰে তাৰবাবে দলৰ ভিতৰতে এক প্ৰতিযোগিতা চলিছে ।

লগতে পঢ়ক:আমি এতিয়া ১৫ দিন জিৰণি ল'ম : মানৱ ডেকা - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.