ETV Bharat / politics

গুৱাহাটী লোকসভা সমষ্টিৰ দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল - Lok Sabha Election 2024

দুখনকৈ মনোনয়ন বাতিল হ’ল গুৱাহাটী লোকসভা সমষ্টিত ৷ ইয়াৰে এখন ভাৰতীয় নেশ্যনেল জনতা দলৰ আৰু আনখন নিৰ্দলীয় প্ৰাৰ্থীৰ ৷

GUWAHATI LOK SABHA CONSTITUENCY
গুৱাহাটী লোকসভা সমষ্টিৰ দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল
author img

By ETV Bharat Assamese Team

Published : April 20, 2024 at 10:32 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী, ২০ এপ্ৰিল : ৰাজ্যত 7 মে’ত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ৷ কামৰূপ মহানগৰ জিলা ৰিটাৰ্নিং বিষয়াৰ‌ কাৰ্যালয়ে সদৰী কৰা মতে গুৱাহাটী লোকসভা সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিছিল ইতিমধ্যে 10 গৰাকী প্ৰাৰ্থীয়ে ৷ 19 এপ্ৰিল আছিল মনোনয়ন দাখিলৰ অন্তিম দিন ৷

  • " class="align-text-top noRightClick twitterSection" data="">

৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰা ১০ গৰাকী প্ৰাৰ্থীৰ দুগৰাকীৰ মনোনয়ন বাতিল কৰা হৈছে ৷ পৰীক্ষাৰ অন্তত মনোননয় বাতিল কৰা প্ৰাৰ্থী দুগৰাকী ক্ৰমে ভাৰতীয় নেশ্যনেল জনতা দলৰ নয়ন দাস আৰু নিৰ্দলীয় প্ৰাৰ্থী অৰ্পিতা চৌধুৰী ৷

আনহাতে মনোনয়ন পত্ৰ গৃহীত হোৱা প্ৰাৰ্থীকেইগৰাকী হ'ল- ভাৰতীয় জনতা পাৰ্টিৰ বিজুলী কলিতা মেধি, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামী, ভাৰতীয় গণ পৰিষদৰ সামাদ চৌধুৰী, বহুজন মহাপাৰ্টিৰ চেজন গয়াৰী, একম সনাতন ভাৰত দলৰ অমিতাভ শৰ্মা, ভোটাৰচ পাৰ্টী ইন্টাৰনেশ্যনেল দলৰ দীপক কুমাৰ বড়ো, নিৰ্দলীয় প্ৰাৰ্থী কাজি নেকিব আহমেদ আৰু কৰ্ণেল গোকুল চন্দ্ৰ সিংহ । কামৰূপ মহানগৰ জিলা ৰিটাৰ্ণিং বিষয়াই সদৰী কৰা মতে মনোনয়ন পত্ৰ গৃহীত হোৱা প্ৰাৰ্থীসকলৰ কোনোবাই প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিব বিচাৰিলে অহা ২২ এপ্ৰিলৰ বিয়লি ৩ বজাৰ ভিতৰত প্ৰত্যাহাৰ কৰিব পাৰিব ।

মন কৰিবলগীয়া যে শনিবাৰৰ দিনটোত দুখনকৈ মনোনয়ন বাতিল হোৱাৰ পিচত সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীৰ সংখ্যা হ’ল আঠগৰাকী ৷ ইয়াৰ ভিতৰত মূল যুঁজখন হ’ব ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ মাজত ৷

লগতে পঢ়ক: বৰাকত মুখ্যমন্ত্ৰী : কৰিমগঞ্জত দুখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ