ETV Bharat / politics

বৰাকত মুখ্যমন্ত্ৰী : কৰিমগঞ্জত দুখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 20, 2024, 10:22 PM IST

Updated : Apr 20, 2024, 10:28 PM IST

LOK SABHA ELECTION 2024
বৰাকত ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীৰ

বৰাকত ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীৰ ৷ কাছাৰ আৰু কৰিমগঞ্জত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে তেওঁ ৷ লোকসভা নিৰ্বাচনৰ পিচতে মন্ত্ৰীসভাৰ সালসলনি কৰা হ’ব বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে ৷

কৰিমগঞ্জত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ

কৰিমগঞ্জ, 20 এপ্ৰিল : বৰাকত ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ কৰিমগঞ্জ আৰু শিলচৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ক্ৰমে কৃপানাথ মাল্লা আৰু পৰিমল শুক্লবৈদ্যৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ শনিবাৰে বৰাকত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী ৷ কাছাৰ আৰু কৰিমগঞ্জত চাৰিখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে তেওঁ ৷

  • " class="align-text-top noRightClick twitterSection" data="">

কৰিমগঞ্জৰ ইছাবিল আৰু বদৰপুৰত দুখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে ৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত প্ৰথম পৰ্যায়ত লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱা ৰাজ্যৰ 5 টা সমষ্টিয়েই বিজেপিৰ দখলত থাকিব বুলি দাবী কৰে তেওঁ ৷ লগতে লোকসভা নিৰ্বাচনৰ পিচতে মন্ত্ৰীসভাৰ সালসলনি কৰা হ’ব বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

আনহাতে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বৰাকত নিৰ্বাচনী প্ৰচাৰ চলোৱা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ তেওঁ কয় যে, মমতা বেনাৰ্জীয়ে বেংগল ভালকৈ চলালেই হ’ল ৷ অসমৰ চিন্তা আমি কৰিম, আমি বেংগলৰ চিন্তা কৰি লাভ নাই বুলি কয় মুখ্যমন্ত্ৰীজনে ৷ লগতে মমতা বেনাৰ্জীয়ে লোকসভা নিৰ্বাচনত সফল হ’লে বিধানসভা নিৰ্বাচনত অসমৰ আটাইকেইটা সমষ্টিতে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী দিব বুলি কোৱা মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে ৷ 126 টা সমষ্টিত যদি তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী উঠে, তেন্তে প্ৰাৰ্থী সকলৰ খৰচ বেংগলৰ পৰা আহিব আৰু অসমৰ ইক’নমিত যোগ হৈ যাব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

ইফালে তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ধুবুৰী লোকসভা সমষ্টিত তীব্ৰ প্ৰতিন্দ্বন্দ্বিতা হ’ব বুলি কয় মুখ্যমন্ত্ৰীয়ে ৷ লগতে নগাঁও আৰু কৰিমগঞ্জ লোকসভা সমষ্টিত পূৰ্বে কঠিন আছিল আৰু এতিয়া যুঁজ সহজ হৈ গ’ল বুলিও মন্তব্য কৰে তেওঁ ৷

লগতে পঢ়ক : বৰাকত মুখ্যমন্ত্ৰী : পৰিমল শুক্লবৈদ্যৰ হৈ চলালে নিৰ্বাচনী প্ৰচাৰ - Lok Sabha Election 2024

Last Updated :Apr 20, 2024, 10:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.