ETV Bharat / politics

নগাঁও লোকসভা সমষ্টিত নিৰ্বাচন খেলবলৈ সাজু প্ৰদ্যুৎ বৰদলৈ

author img

By ETV Bharat Assamese Team

Published : Feb 17, 2024, 9:13 PM IST

Lok Sabha Election 2024
জাগীৰোডত সাংসদ প্ৰদ্যুৎ বৰদলৈ

Lok Sabha Election 2024 : লোকসভা নিৰ্বাচনত নগাঁও লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু সাংসদ প্ৰদ্যুৎ বৰদলৈ ৷ নগাঁও লোকসভা সমষ্টিৰ সাংসদ হিচাপে কংগ্ৰেছ দলৰ পৰা পুনৰ দলীয় টিকট বিচাৰিছে বুলি উল্লেখ কৰে সাংসদ গৰাকীয়ে ৷

নগাঁৱত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু সাংসদ প্ৰদ্যুৎ বৰদলৈ

মৰিগাঁও, 17 ফেব্ৰুৱাৰী : নগাঁও লোকসভা সমষ্টিত নিৰ্বাচন খেলিবলৈ সাজু সাংসদ প্ৰদ্যুৎ বৰদলৈ ৷ শনিবাৰে মৰিগাঁও জিলাৰ জাগীৰোডত উপস্থিত হৈ এই মন্তব্য কৰে কংগ্ৰেছ নেতা গৰাকীয়ে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

শনিবাৰে জাগীৰোডত ব্লক কংগ্ৰেছৰ বিষয়ববীয়া সকলক সাক্ষাৎ কৰে সাংসদ তথা কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈয়ে ৷ মৰিগাঁও জিলাৰ জাগীৰোড বিধান সভা সমষ্টিৰ জাগীৰোড ব্লক কংগ্ৰেছৰ বিষয়ববীয়া সকলৰ সৈতে ৰাজীৱ ভৱনত এক বৈঠকত মিলিত হয় ৷ জাগীৰো়ডত উপস্থিত হৈ আগন্তুক লোকসভা নিৰ্বাচনত নগাঁও লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু বুলি মন্তব্য কৰে সাংসদ গৰাকীয়ে ৷ লগতে আগন্তুক নিৰ্বাচনত কংগ্ৰেছ দলে শক্তিশালী ৰূপত আত্ম প্ৰকাশ কৰিব বুলিও মন্তব্য কৰে তেওঁ ৷ আনহাতে আগন্তুক নিৰ্বাচনত 10 নং নগাঁও লোকসভা সমষ্টিৰ সাংসদ হিচাপে কংগ্ৰেছ দলৰ পৰা পুনৰ দলীয় টিকট বিচাৰিছে বুলি উল্লেখ কৰি প্ৰদ্যুৎ বৰদলৈয়ে কয় যে, দলত সকলোৱেই টিকট বিচাৰিব পাৰে ৷

ইফালে বিজেপি চৰকাৰৰ বিৰুদ্ধেও সমালোচনাত মুখৰ হৈ পৰে সাংসদ বৰদলৈ ৷ তেওঁ কয় যে, জনজাতিকৰণ সন্দৰ্ভত বিজেপিয়েহে বাৰে বাৰে ফাঁকি দি আছে ৷ 2016 চনতে তেওঁলোকে জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল ৷ কেৱল সৰ্বানন্দ সোণোৱালেই নহয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু তেওঁলোক এইবিলাকত সিদ্ধহস্ত, নিৰ্বাচনৰ পূৰ্বে কিবা এটা কয় আৰু পাচত পাহৰি যায় বুলি কয় তেওঁ৷ লগতে কংগ্ৰেছ নেতা গৰাকীয়ে 6 জনগোষ্ঠীৰ জনজাতিকৰণ আন্দোলনৰ যি সকল নেতা আছে, সেই সকলক বিজেপিয়ে নিজৰ পকেটত সুমুৱাই ল’বলৈ চেষ্টা কৰি আছে বুলি অভিযোগ উত্থাপন কৰে ৷

আনহাতে কংগ্ৰেছ দলটো বুঢ়া লুইতৰ দৰে চিৰ প্ৰৱাহমান এক বোঁৱতী নদী বুলি উল্লেখ কৰে প্ৰদ্যুৎ বৰদলৈয়ে ৷ তেওঁ কয় নতুন চাম কংগ্ৰেছ দললৈ আহিছে, কিছু সংখ্যক গুছি গৈছে ৷ এয়াই গতিশীলতা ৷ লগতে কিছু সংখ্যকে বিজেপি দলৰ প্ৰচ্ছায়াত দল এৰি গুছি যোৱাটো দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে তেওঁ ৷ কোনোবাই ব্যক্তিগত সুবিধা-অসুবিধাৰ বাবে কংগ্ৰেছ ত্যাগ কৰিলেও কংগ্ৰেছ দলৰ কোনো ক্ষতি নহয় বুলি কয় তেওঁ ৷

লগতে পঢ়ক : কোনবোৰ বিষয়ত বাতৰি হ’ব লাগিছিল, হৈ আছে কি ? ক’লে ভূপেন বৰাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.