ETV Bharat / politics

মিত্ৰতা বুলি বিৰোধীৰ কোনো বস্তুৱেই নাই : পবিত্ৰ মাৰ্ঘেৰিটা

author img

By ETV Bharat Assamese Team

Published : Mar 3, 2024, 8:19 PM IST

MP Pabitra Margherita : ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি বিৰোধী দল সমূহক এইদৰে তীব্ৰ কটাক্ষ ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ ৷ কংগ্ৰেছ, এ আই ইউ ডি এফ আৰু তেওঁলোকৰ মিত্ৰ দলৰ বিষয়ে বিজেপিয়ে এক বিন্দুও মূৰ নঘমাই বুলি কয় তেওঁ ৷ লুৰীণজ্যোতি গগৈক কংগ্ৰেছ প্ৰাৰ্থী হিচাবে প্ৰক্ষেপ কৰিছে বুলিও কয় সাংসদজনে ৷

MP Pabitra Margherita
বিৰোধীক কটাক্ষ পবিত্ৰ মাৰ্ঘেৰিটাৰ

সংবাদমেল সম্বোধন ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ

গুৱাহাটী, 3 মাৰ্চ : "সঁচা কথা কবলৈ গ’লে কংগ্ৰেছ, এ আই ইউ ডি এফ আৰু তেওঁলোকৰ যি কেইটা মিত্ৰ দল আছে, সেইকেইটাৰ বিষয়ে আমি এক বিন্দুও মূৰ নঘমাও ৷ লুৰীণজ্যোতি গগৈক কংগ্ৰেছ প্ৰাৰ্থী হিচাবে তেওঁলোকৰ মিত্ৰদলে প্ৰক্ষেপ কৰিছে ৷" এই মন্তব্য ৰাজ্যসভাৰ সাংসদ তথা বিজেপি নেতা পবিত্ৰ মাৰ্ঘেৰিটাৰ ৷

বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত আজি এক সংবাদমেল সম্বোধন কৰি ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই কংগ্ৰেছৰ লগতে বিৰোধী দল সমূহক এইদৰে তীব্ৰ কটাক্ষ কৰে ৷ তেওঁ কয় যে, কংগ্ৰেছ, এ আই ইউ ডি এফকে ধৰি তেওঁলোকৰ মিত্ৰ দল সমূহৰ সন্দৰ্ভত এক বিন্দুও মূৰ নঘমাই বিজেপি দলে ৷ প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিচত দলটোৰ কাৰ্যকৰ্তা, মন্ত্ৰী-বিধায়ক তথা তৃণমূল পৰ্যায়ৰ নেতা-কৰ্মীলৈকে এতিয়া সকলো মানুহৰ ঘৰে ঘৰে, গাঁৱে গাঁৱে ৰাইজৰ কাষ চাপিছে, মনৰ কথা পাতিছে ৷ এই মূহুৰ্তত দলে নিজৰ কাম কৰিছে বুলি কয় সাংসদগৰাকীয়ে ৷

তেওঁ পুনৰ কয় যে, এনেধৰণৰ বিকাশৰ সময়ত, ৰাজনৈতিক অথবা সাংগঠনিক কাৰ্যসূচী কৰি থকাৰ সময়ত কংগ্ৰেছে, এ আই ইউ ডি এফে ক’ত কি মিত্ৰতা কৰিছে, ভূপেন বৰাই কি কবিতা লিখিছে এইবিলাকক লৈ মূৰ ঘমাবলৈ বিজেপিৰ একেবাৰে সময় নাই ৷ বিৰোধীক শুভেচ্ছা জনোৱা বুলি উল্লেখ কৰি মাৰ্ঘেৰিটাই কয় যে, ৰাজনৈতিক দল হিচাবে বিজেপিয়েও তেওঁলোকক নিৰীক্ষণ কৰিছে ৷ তেওঁলোক নিজেই বিভ্ৰান্ত, তেওঁলোকৰ মিত্ৰতা বুলি কোনো বস্তুৱেই নাই ৷ মিত্ৰতা মানে তেওঁলোকৰ এটাই বস্তু আছে সেয়া হৈছে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ ৷

ইফালে ডিব্ৰুগড় লোকসভা সমষ্টিত বিৰোধীৰ প্ৰাৰ্থিত্ব সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ৷ ডিব্ৰুগড় লোকসভাৰ বিৰোধী মিত্ৰজোঁটৰ উমৈহতীয়া প্ৰাৰ্থী লুৰীণজ্যোতি গগৈক তীব্ৰ কটাক্ষ কৰে তেওঁ ৷ সাংবাদিকৰ প্ৰশ্নতহে লুৰীণজ্যোতি গগৈক কংগ্ৰেছ প্ৰাৰ্থী হিচাবে তেওঁলোকৰ মিত্ৰ দল সমূহে প্ৰক্ষেপ কৰাৰ কথা জানিব পৰা বুলি মন্তব্য কৰে পবিত্ৰ মাৰ্ঘেৰিটাই ৷ কথাটোত খুউব ভাল পোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে, লুৰীণজ্যোতি গগৈক ডিব্ৰুগড়ত টিকট দিয়ে তেন্তে বিজেপি দলে বিশেষ প্ৰচাৰ নকৰিলেও চলি যাব বুলিও কটাক্ষ কৰে ৷

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ বাবে শনিবাৰে বিজেপিয়ে ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা ৷ অসমৰ 11 খন আসনৰ বাবে বিজেপিয়ে ঘোষণা কৰে প্ৰাৰ্থী তালিকা ৷ ইয়াৰ পিচতে আজি সংবাদমেল যোগে বিৰোধীক আক্ৰমণৰ লক্ষ্য কৰি লয় সাংসদ তথা বিজেপি নেতা পবিত্ৰ মাৰ্ঘেৰিটাই ৷

লগতে পঢ়ক : কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণাত পলম হোৱাৰ কথা স্বীকাৰ দেৱব্ৰত শইকীয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.