ETV Bharat / politics

কিছুদিন আগলৈকে কেৱল চান্দাৰ দায়িত্বহে দিয়া হৈছিল লুৰিণজ্যোতিক: পবিত্ৰ মাৰ্ঘেৰিটা

author img

By ETV Bharat Assamese Team

Published : Mar 6, 2024, 2:30 PM IST

Lok Sabha election 2024
সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা

Lok Sabha election 2024: লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে ঘোষণা কৰিছে অসমৰ ১১ খন আসনৰ বাবে প্ৰাৰ্থী তালিকা ৷ ইয়াৰ পিচতেই আক্ৰমণৰ লক্ষ্য় কৰি লৈছে বিৰোধী দল তথা প্ৰাৰ্থীক । ৰাজ্যসভাৰ সাংসদ তথা বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাই এইবাৰ লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে কৰিলে মন্তব্য় ।

সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা

মৰাণ, ৬ মাৰ্চ : লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰি ব্যাপক প্ৰচাৰ চলাইছে শাসক দল বিজেপিয়ে । লোকসভা নিৰ্বাচনক লৈ বিজেপিয়ে যি ধৰণেৰে কামকাজ আগুৱাই নিছে তাৰ বিপৰীতে কংগ্ৰেছ তথা বিৰোধী ঐক্যমঞ্চ তথা আন আন ৰাজনৈতিক দলসমূহে সেই তৎপৰতা প্ৰদৰ্শন কৰা নাই । বিজেপিয়ে সমান্তৰালভাৱে আৰম্ভ কৰিছে বাকযুদ্ধ । এইবাৰ আক্ৰমণৰ লক্ষ্য় কৰি লৈছে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী মিত্ৰজোঁটৰ সম্ভাব্য় উমৈহতীয়া প্ৰাৰ্থী লুৰিণজ্যোতি গগৈক । আদি ডিব্ৰুগড়ত ৰাজ্যসভাৰ সাংসদ তথা বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাই কংগ্ৰেছৰ সমান্তৰালভাৱে লুৰিণজ্যোতি গগৈক কটাক্ষ কৰি মন্তব্য় কৰিলে ।

ডিব্ৰুগড় লোকসভা সমষ্টিত বিৰোধীৰ প্ৰাৰ্থিত্ব সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ৷ ডিব্ৰুগড় লোকসভাৰ বিৰোধী মিত্ৰজোঁটৰ সম্ভাব্য় উমৈহতীয়া প্ৰাৰ্থী লুৰীণজ্যোতি গগৈক তীব্ৰ কটাক্ষ কৰি তেওঁ কয়,"তেওঁলোক এতিয়া দুদ্য়োল্য়মান অৱস্থাত আছে পোষ্টাৰখন কেনে হ'ব ? অজাপ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈক হাতৰ চিনত ভোট দিয়ক সেইটো হ'ব নে কংগ্ৰেছ সমৰ্থিত লুৰিণজ্যোতি গগৈক জাহাজৰ চিনত ভোট দিয়ক ? কংগ্ৰেছৰ মানুহে এতিয়া কৈছে জাহাজ চাহাজ কোনেও চিনি নাপায় । বাগিচাৰ মানুহে কৈছে ডুবা জাহাজত তেওঁলোক নুঠে ।"

সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই পুনৰ কয় যে লুৰিণজ্যোতি গগৈয়ে এনেকৈ কথা কয় যে তেওঁ অসমৰ ৰাইজৰ অভিভাৱকহে । তেওঁক কিছুদিন আগলৈকে কেৱল চান্দাৰ দায়িত্বহে দিয়া হৈছিল । তেওঁ দায়িত্ব ল'লে আলি-পদুলি জ্বলোৱা,টায়াৰ জ্বলোৱা । এতিয়া তেওঁ অসমৰ ৰাইজক নীতিশিক্ষা দিয়ে । ৮৫৫ জন লোকক গুলিয়াই হত্য়া কৰা কংগ্ৰেছৰ নতজানু ভৃত্যৰ দৰে হৈছে ।

ইপিনে,তেওঁ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধেও সৰৱ হৈ কয়," ন্যায় যাত্ৰা কৰা পাছতে কংগ্ৰেছ দল থানবান হৈ গ'ল । গৌৰৱ গগৈৰ অৱস্থা তথৈবচ,সেয়ে ক'ত নিৰ্বাচন খেলিব তাৰ সিদ্ধান্ত ল'ব পৰা নাই । গৌৰৱ গগৈ ৰাজকুমাৰ সদৃশ মানুহ । নিজৰ শক্তিৰে নিবাৰ্চন খেলিব । গৌৰৱ গগৈক লৈ চিন্তিত নহয় বিজেপি ।"

লগতে পঢ়ক:প্ৰদেশ কংগ্ৰেছৰ সিদ্ধান্ত এতিয়া অখিল-লুৰীণজ্যোতি মতে হয়: পবিত্ৰ মাৰ্ঘেৰিটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.