ETV Bharat / politics

পদুমৰ সলনি বুলড’জাৰ প্ৰতীক হওঁক বিজেপিৰ: গৌৰৱ গগৈ

author img

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 9:56 PM IST

MP Gaurav Gogoi
বিজেপিক কটাক্ষ সাংসদ গৌৰৱ গগৈৰ

বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ সাংসদ গৌৰৱ গগৈ ৷ যেতিয়া কংগ্ৰেছ চৰকাৰ আহিব তেতিয়া পুলিচ, চি আই ডি তেওঁলোকে ব্যৱহাৰ কৰিব বুলি মন্তব্য সাংসদ গৰাকীৰ ৷ লগতে বিজেপিৰ নতুন প্ৰতীক চিহ্ন প্ৰকৃততে বুলড’জাৰহে হ’ব লাগে বুলি কয় তেওঁ ৷

বিজেপিৰ বিৰুদ্ধে সৰৱ সাংসদ গৌৰৱ গগৈ

গুৱাহাটী, 22 ফেব্ৰুৱাৰী : "ভাৰতীয় জনতা পাৰ্টীয়ে নিজৰ প্ৰতীক চিহ্ন সলনি কৰিব লাগে ৷ পদুম ফুল ভাল ফুল, গতিকে পদুম ফুলক এনেদৰে কলংকিত নকৰিব ৷ নিজৰ কাম, ব্যৱহাৰৰ জৰিয়তে পদুম ফুলক এনেদৰে অপমানিত কৰিব নালাগে ৷ তেওঁলোকৰ আচল কাম নতুন প্ৰতীক চিহ্নৰ যোগেদি দেখাওক আৰু প্ৰতীক চিহ্নটো হ’ব লাগে বুলড’জাৰ ৷" এই মন্তব্য সাংসদ তথা কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ ৷

  • " class="align-text-top noRightClick twitterSection" data="">

শিলসাঁকোৰ উচ্ছেদিতই পুনৰসংস্থাপন আৰু উপযুক্ত ক্ষতিপূৰণৰ দাবীত চচলত ধাৰাবাহিকভাবে অব্যাহত ৰখা প্ৰতিবাদী কাৰ্যসূচীৰ তৃতীয় দিনা প্ৰতিবাদস্থলীত উপস্থিত হৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে এইদৰে সৰৱ হৈ পৰা দেখা গ’ল সাংসদ গৌৰৱ গগৈক ৷ তেওঁ কয় যে, বিজেপিৰ নতুন প্ৰতীক চিহ্ন প্ৰকৃততে বুলড’জাৰ হ’ব লাগে ৷ কিয়নো বুলড’জাৰ চলাই বিজেপি দলে গৌৰৱ অনুভৱ কৰিছে ৷ তেওঁলোকৰ সমগ্ৰ ন্যায় প্ৰক্ৰিয়াটোৱেই বুলড’জাৰ ৷

সাংসদ গগৈয়ে পুনৰ কয় যে, তেওঁলোকে আজি শিলসাঁকোত দুখীয়া মানুহৰ ওপৰত বুলড’জাৰ চলাইছে ৷ কিন্তু আজমল চাহাবৰ বিৰুদ্ধে কথা কৈ থকা মুখ্যমন্ত্ৰীৰ আজমলৰ অট্টালিকাৰ ওপৰত বুলড’জাৰ চলোৱাৰ সাহস নাই ৷ ডাঙৰ ডাঙৰ ব্যৱসায়ীৰ অট্টালিকাৰ ওপৰত বুলড’জাৰ চলোৱাৰ সাহস মুখ্যমন্ত্ৰীৰ নাই ৷ ইয়াৰ উত্তৰ অনাগত সময়ত ৰাইজে দিব বুলি কয় কংগ্ৰেছ নেতাগৰাকীয়ে ৷ লগতে বিগত দিনত বিজেপিয়ে ৰাইজৰ কণ্ঠ ৰোধ কৰিবলৈ এতিয়া নিৰ্বাচনত ৰাইজে ভোটৰ জৰিয়তে নিজৰ কন্ঠ প্ৰকাশ কৰিব বুলি মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে ৷

বিজেপিক তীব্ৰ সমালোচনা কৰি সাংসদ গগৈয়ে কয় যে, ৰাজনীতি হৈছে এটা চক্ৰ ৷ পুলিচ, চি আই ডি সদায় তেওঁলোকৰ হৈ নাথাকে ৷ যেতিয়া কংগ্ৰেছ চৰকাৰ আহিব তেতিয়া পুলিচ, চি আই ডি তেওঁলোকে ব্যৱহাৰ কৰিব ৷ সেয়েহে তেওঁলোকে ভাল আদৰ্শ থকা চৰকাৰৰ দৰে পুলিচ, চি আই ডিক ব্যৱহাৰ কৰক বুলি উল্লেখ কৰে তেওঁ ৷

লগতে পঢ়ক : কংগ্ৰেছ দলে কিয় মোক নিলম্বন কৰা নাই ? প্ৰশ্ন কমলাক্ষ দে' পুৰকায়স্থৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.