ETV Bharat / politics

দলে য'তেই নিৰ্বাচন খেলিবলৈ কয় তাতেই প্ৰতিদ্বন্দ্বিতা আগবঢ়াম: গৌৰৱ গগৈ

author img

By ETV Bharat Assamese Team

Published : Feb 14, 2024, 6:42 PM IST

Updated : Feb 14, 2024, 8:42 PM IST

Ali Ai Ligang in Jorhat
সাংসদ গৌৰৱ গগৈ

Gaurav Gogoi on Lok Sabha election: কংগ্ৰেছৰ বিধায়ক কমলাক্ষ্য দে' পুৰকায়স্থ আৰু বসন্ত দাসে বিজেপিত যোগদানৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া সাংসদ গৌৰৱ গগৈৰ । কংগ্ৰেছৰ জনপ্ৰিয়তাত বিজেপি শংকিত হোৱা বুলি মন্তব্য় সাংসদগৰাকীৰ ।

সাংসদ গৌৰৱ গগৈ

যোৰহাট, ১৪ ফেব্ৰুৱাৰী : আজি মিচিং জনগোষ্ঠীৰ লোকসকলে পালন কৰিছে তেওঁলোকৰ পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাং । যোৰহাটত অনুষ্ঠিত আলি আয়ে লৃগাঙত অংশগ্ৰহণ কৰিলে সাংসদ গৌৰৱ গগৈৱে । মিচিং জনগোষ্ঠীয় পম্পৰাগত খাদ্য আৰু আপঙৰ সোৱাদ লৈ সাংসদগৰাকীয়ে বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে । লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি তথা কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে কয় , " বিজেপি দলৰ জনপ্ৰিয়তা হ্ৰাস পাইছে । "

  • " class="align-text-top noRightClick twitterSection" data="">

আনহাতে, কংগ্ৰেছৰ বিধায়ক কমলাক্ষ্য দে' পুৰকায়স্থ আৰু বসন্ত দাসে বিজেপিত যোগদানৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়," বিজেপি দলৰ সংখ্যাৰ প্ৰয়োজন নাই । যদি বিধায়ক কমলাক্ষ্য দে' পুৰকায়স্থ আৰু বসন্ত দাসে বিজেপিত যোগদান কৰিছে তেতিয়াহ'লে এই যোগদানে এই কথা সুচায় যে বিজেপি দলৰ জনপ্ৰিয়তা হ্ৰাস পাইছে । কংগ্ৰেছৰ জনপ্ৰিয়তাত শংকিত হৈছে ।" সাংসদগৰাকীয়ে কয় যে বিজেপিৰ প্ৰতি মানুহৰ আস্থা কমি যোৱাৰ লগতে পূৰ্বৰ তুলনাত কংগ্ৰেছ দলৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে । ফলত ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিবৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰিছে । এনে যোগদানে কংগ্ৰেছৰ শক্তিৰ ক্ষতি কৰিব নোৱাৰে । কাৰণ কংগ্ৰেছ এজন ব্যক্তিৰ ওপৰত নিৰ্ভৰ নকৰে ।

সাংসদ গৌৰৱ গগৈৱে পুনৰ কয়,"কংগ্ৰেছ দল মহাসাগৰৰ আৰু মহাসাগৰৰ দৰে থকা দলটোত দেশবাসীৰ লগতে অসমবাসীৰ আস্থা আছে আৰু সদায় থাকিব ।" দলটোত দেশবাসীৰ লগতে অসমবাসীৰ আস্থা ভৱিষ্যতেও থাকিব বুলি উল্লেখ কৰি কয়,"কংগ্ৰেছ দলৰ পৰা মানুহ যাব আৰু আহিব । " বিধায়ক কমলাক্ষ্য দে' আৰু বসন্ত দাসৰ যোগদান সন্দৰ্ভত এতিয়াও জ্ঞাত নহয় বুলি সাংসদ গৌৰৱ গগৈয়ে কয় ।

ইপিনে,লোকসভা নিৰ্বাচনত কোন সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব সেই বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়," কংগ্ৰেছৰ নিৰ্বাচন সমিতিয়ে য'তেই মোক নিৰ্বাচন খেলিবলৈ কয় তাতেই মই প্ৰতিদ্বন্দ্বিতা আগবঢ়াম ।" ৰাইজৰ মৰমে তেওঁক আপ্লুত কৰিছে বুলি মন্তব্য় কৰে ।

লগতে পঢ়ক:ঐনিতমৰ সুৰত মতলীয়া সাংসদ গৌৰৱ গগৈ

Last Updated :Feb 14, 2024, 8:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.