ETV Bharat / politics

ঘোঁৰা কিনা-বেচা কৰোঁতেই হিমন্ত বিশ্ব শৰ্মাৰ দিন যাব: লুৰীণজ্যোতি গগৈ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 11, 2024, 9:16 PM IST

Lurinjyoti Gogoi
ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈ

Lurinjyoti Gogoi: সতীৰ্থই বিজেপিত যোগদান কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লুৰীণজ্যোতি গগৈয়ে ৷ কিয় ৰথী-মহাৰথীক ডিব্ৰুগড়ত নমাইছে বিজেপিয়ে ? তাকো ক’লে সাংসদ পদৰ প্ৰাৰ্থীগৰাকীয়ে ৷

মৰাণৰ মদাৰগুৰিত ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈ

ডিব্ৰুগড়, 11 এপ্ৰিল: লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ৮ দিন বাকী থকা সময়ত ডিব্ৰুগড় লোকসভা সমষ্টিত ৰাজনৈতিক পৰিবেশ প্ৰতিদিনে সলনি হৈছে । লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ডিব্ৰুগড় লোকসভা সমষ্টিৰ এ জে পিৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ সোঁহাতস্বৰূপ তথা 2021ৰ বিধানসভা নিৰ্বাচনত মৰাণ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা সঞ্জীৱ চাংমাই আঁতৰিল এ জে পিৰ পৰা । একেদিনাই ডিব্ৰুগড়ৰ কোটোহাত মুখ্যমন্ত্ৰীৰ উপস্থিতিত বিজেপিত যোগদানো কৰে দলৰ পৰা বহিষ্কাৰ হোৱা নেতাগৰাকীয়ে ।

  • " class="align-text-top noRightClick twitterSection" data="">

নিজৰ ঘনিষ্ঠ নেতাই গেৰুৱা বসন পিন্ধাৰ পিচতেই মুখ খুলিছে লুৰীণজ্যোতি গগৈয়ে । ঘোঁৰা কিনা-বেচা কৰি থাকোতেই হিমন্ত বিশ্ব শৰ্মাৰ দিন যাব বুলি মন্তব্য কৰিছে অজাপৰ সভাপতি তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থীগৰাকীয়ে । তেওঁ কয় যে যিসকল বিক্ৰী যায়, তেওঁলোকক মানুহে মনত নাৰাখে । সঞ্জীৱ চাংমায়ে দলবিৰোধী কাম-কাজ কৰাৰ তথ্য লাভ কৰা বাবেই দলে ব্যৱস্থা লৈছে বুলি কয় লুৰীণজ্যোতি গগৈয়ে ।

তদুপৰি তেওঁ কয়, ‘‘নিজৰ সান্দহ খোৱা বালি তল যোৱাৰ ভয়ত, ডিব্ৰুগড় লোকসভা সমষ্টিত পৰাজিত হোৱাৰ আশংকাত এতিয়া বিজেপি দলে সকলো ৰথী-মহাৰথীক ডিব্ৰুগড়ত নমাইছে ৷ কিন্তু যিমানেই চেষ্টা কৰিলেও ডিব্ৰুগড়ত বিজেপি দল জয়ী হ'ব নোৱাৰে ৷’’

বৃহস্পতিবাৰে মৰাণৰ মদাৰগুৰিত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণৰ পিচতে নিজৰ জয় নিশ্চিত বুলি একপ্ৰকাৰে দাবী কৰে বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে ৷ বিজেপি দলৰ শেষ আশ্ৰয় এতিয়া প্ৰলোভন বুলি উল্লেখ কৰি লুৰীণজ্যোতি গগৈয়ে কয় যে যোৱা তিনিমাহৰ পৰা বিজেপিয়ে মহিলাসকলক লক্ষ্য কৰি বিভিন্ন আঁচনিৰ নামত প্ৰলোভনৰ ৰাজনীতি চলাইছে ৷ লাখপতি বাইদেউৰ নামত প্ৰ-পত্ৰ পূৰণ কৰি এতিয়া অৰুণোদয় আঁচনিৰ লাখে লাখে ভুৱা প্ৰ-পত্ৰ বিতৰণ কৰি ৰাইজক প্ৰলোভন দিছে বুলিও বিজেপিৰ বিৰুদ্ধে অভিযোগ তোলে লুৰীণজ্যোতি গগৈয়ে ৷

ৰাজ্যত নিৰ্বাচনী আচৰণ বিধি বলৱৎ থকা সময়ত এনেদৰে আচৰণবিধি অৱমাননা কৰাৰ পিচতো নিৰ্বাচন আয়োগে বিজেপিৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত সন্দেহ প্ৰকাশ কৰি লুৰীণজ্যোতি গগৈয়ে কয়, ‘‘এয়া পক্ষপাতমূলক আচৰণ ৷ যোৱাবাৰ নিৰ্বাচনৰ পূৰ্বে বন্ধন বেংকৰ ঋণ ৰেহাই দিম বুলি নিদিলে, এইবাৰো লাখপতি বাইদেউ আঁচনিৰ পইচা নিদিয়ে ৷ টেঙা আম এবাৰহে বেচিব পাৰি ৷’’

লগতে পঢ়ক: জাহাজৰ পৰা ওলাই পদুমলৈ হাত মেলিছে সঞ্জীৱ চাংমায়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.