ETV Bharat / politics

ফণীভূষণ চৌধুৰীয়ে বিপুল ভোটত জয়লাভ কৰিব: বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য - Lok Sabha elections 2024

author img

By ETV Bharat Assamese Team

Published : Apr 6, 2024, 8:59 PM IST

Barpeta Lok Sabha constituency
বৰপেটা লোকসভা সমষ্টি

বৰপেটা লোকসভা সমষ্টিৰ বহৰিত অগপৰ কৰ্মীসভা । এই সভাত ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু অগপৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বিজয় নিশ্চিত বুলি দাবী কৰে ।

বৰপেটা লোকসভা সমষ্টি

বৰপেটা, ৬ এপ্ৰিলঃ "বৰপেটাত বিপুল ভোটত জয়লাভ কৰিব ফণীভূষণ চৌধুৰীয়ে । কেৱল আনুষ্ঠানিকতাহে বাকী । ধুবুৰীৰ পৰা আটাইতকৈ ছাৰপ্ৰাইজ ফলাফল আহিব আৰু অগপই জয়লাভ কৰিব ।" এই মন্তব্য সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ । বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত বহৰিত শনিবাৰে অনুষ্ঠিত অগপৰ এখন কৰ্মীসভাত তেওঁ এইদৰে মন্তব্য় কৰে । এই কৰ্মীসভাখনত অংশগ্ৰহণ কৰে ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু অগপৰ বিধায়ক তথা দলৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে মিত্ৰজোঁটৰ হৈ বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টিত এইবাৰ অগপ দলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে । সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কয়,"এইবাৰ নিৰ্বাচনৰ ফলাফল অতি উৎসাহজনক হ'ব । কেৱল আনুষ্ঠানিকতাহে বাকী আছে । বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে বিপুল ভোটত জয়লাভ কৰিব । এইবাৰ ধুবুৰীত অগপ দলৰ প্ৰাৰ্থী জাভেদ ইছলামে জয়লাভ কৰিব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰিবৰ কাৰণে ভাল ভাৰতীয়ই এইবাৰ নিৰ্বাচনত মুক্তহস্তে অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিক সমৰ্থন দিব লাগে বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে ।

অসমৰ সৰ্বাংগীন বিকাশৰ কাৰণে শক্তি, দৃঢ়তা আৰু আন্তৰিকতাৰে কাম কৰি অসমৰ অৰ্থনীতিৰ নতুন বুনিয়াদ সৃষ্টি কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাত শক্তিশালী কৰিবৰ কাৰণে আগন্তুক নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীক পদুম ফুল আৰু অসম গণ পৰিষদৰ প্ৰাৰ্থীক হাতীৰ ছবিত ভোট দিবলৈও আহ্বান জনায় সাংসদগৰাকীয়ে । সংখ্যালঘু ৰাইজৰ ভোট লাভ কৰিব বুলিও আশাবাদী সাংসদগৰাকী । এইবাৰ অসমত লোকসভা নিৰ্বাচনৰ ফলাফল ১৪-0 হ'লেও আচৰিত হ'বলগীয়া নাই বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৰাজ্যসভাৰ সাংসদগৰাকীয়ে ।

আনহাতে, অগপৰ বিধায়ক তথা দলটোৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয়," এইবাৰ ১৪ আসনেই মিত্ৰজোঁটে দখল কৰিব ।" বিৰোধী ঐক্যমঞ্চ সম্পৰ্কত তেওঁ কয় কয়,"বিৰোধী ঐক্য মঞ্চৰ প্ৰতিটো দলেই দেখোন প্ৰাৰ্থিত্ব দিলে । এতিয়া বিৰোধী ঐক্যমঞ্চ ক'ত আছে ? বিৰোধী দলেই দেখোন নাই ।" অসমত বিৰোধী দল থকা বুলি মানুহে অনুভৱেই নকৰে বুলিও মন্তব্য কৰে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । অগপৰ কৰ্মীসভাখনত বৰপেটা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাস, অগপ নেতা অমিয় কুমাৰ তালুকদাৰ, চিত্তৰঞ্জন বৰ্মন, ঋষিকেষ তালুকদাৰকে ধৰি কেইবাগৰাকী দলীয় নেতা উপস্থিত থাকে ।

লগতে পঢ়ক:প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.