ETV Bharat / politics

নিৰ্বাচনী ঢৌ : চিৰাঙত সাতশৰো অধিক সংখ্যালঘূৰ বিজেপিত যোগদান - Lok Sabha Election 2024

Barpeta Lok Sabha Constituency : গেৰুৱা দল বিজেপিৰ আদৰ্শ, কাম-কাজৰ প্ৰতি আকৃষ্ট হৈ বহুলোকে এতিয়া দলটোত যোগদান কৰিছে ৷ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে বিজনীতো বিজেপিৰ তেনে এক যোগদান সভা অনুষ্ঠিত হৈ যায় ৷ এই সভাত অংশগ্ৰহণ কৰে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰণজিৎ দাসৰ লগতে সমষ্টিটোৰ স্থানীয় বিধায়ক অজয় কুমাৰ ৰায়ে ৷

MORE THAN SEVEN HUNDRED MINORITIES JOIN BJP IN CHIRANG
চিৰাঙত বিজেপিৰ যোগদান কাৰ্যসূচী
author img

By ETV Bharat Assamese Team

Published : April 23, 2024 at 10:22 AM IST

2 Min Read
Choose ETV Bharat
চিৰাঙত বিজেপিৰ যোগদান কাৰ্যসূচী

চিৰাং, 23 এপ্ৰিল : ৰাজ্যত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ সফল সমাপ্তিৰ পাচত ৰাজনৈতিক দলসমূহ ব্যস্ত হৈ পৰিছে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনক লৈ ৷ কাৰ্যসূচী অনুসৰি, 26 এপ্ৰিলত ৰাজ্যত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ৷ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বহুসংখ্যক ছাত্ৰ নেতা, অন্যান্য ৰাজনৈতিক দলসমূহৰ নেতা আৰু সাধাৰণ ৰাইজে নিজৰ মন পচন্দৰ দলত যোগদান কৰিছে ৷ সোমবাৰে চিৰাং জিলাৰ বিজনীতো বিজেপিয়ে তেনে এক যোগদান সভা অনুষ্ঠিত কৰে ৷

বিজনীৰ বাগৰগাঁৱত অনুষ্ঠিত এই সভাত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা পাটাছাৰকুছি সমষ্টিৰ বিধায়ক ৰণজিৎ দাস ৷ মন্ত্ৰীগৰাকীৰ উপস্থিতিত প্ৰায় সাতশৰো অধিক সংখ্যালঘু লোকে বিজেপিত যোগদান কৰে ৷ চিৰাং জিলা বিজেপিৰ উদ্যোগত আৰু থুৰিবাৰী মণ্ডল বিজেপিৰ সহযোগত অনুষ্ঠিত হোৱা এই যোগদান কাৰ্যসূচীত বাগৰগাঁও ভিচিডিচিৰ বিভিন্ন প্ৰান্তৰ পৰা অহা এই সংখ্যালঘু লোকসকলে গেৰুৱা বসন পৰিধান কৰে ৷

যোগদান কাৰ্যসূচী সন্দৰ্ভত সাংবাদিকে মন্ত্ৰী দাসক কৰা প্ৰশ্নৰ উত্তৰত কয় যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সকলো সম্প্ৰদায়ৰ লোককে হিতাধিকাৰীৰ অন্তৰ্ভুক্ত কৰি সম মৰ্যাদা প্ৰদান কৰিছে ৷ যাৰ বাবে সংখ্যালঘু লোকসকলেও দলটোৰ প্ৰতি আকৃষ্ট হৈ বিজেপিত যোগদান কৰাৰ সিদ্ধান্ত লয় ৷ তেওঁ লগতে কয় যে বিগত দিনত কংগ্ৰেছ আৰু বিপিএফৰ কাৰ্যকালত উন্নয়নৰ পৰা বঞ্চিত হৈ ৰাইজ স্বতঃস্ফুৰ্তভাৱে ওলাই আহিছে ৷

চিৰাং জিলা বিজেপিৰ সভাপতি ৰতন চন্দ্ৰ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত উক্ত যোগদান সভাত কেবিনেট মন্ত্ৰীগৰাকীৰ উপৰিও বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, বিটিআৰৰ উপাধ্যক্ষ অভিৰাম মহানায়ক, পাৰিষদ প্ৰদীপ কুমাৰ বায়নসহ কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷

উল্লেখ্য যে, এই যোগদান কাৰ্যসূচীৰ জৰিয়তে বিজেপিত অন্তৰ্ভূক্ত হোৱা সংখ্যালঘূ লোকসকলৰ অধিকাংশই পূৰ্বে বিপিএফ দলৰ সদস্য আছিল ৷

লগতে পঢ়ক : বাজপেয়ী ভৱনত কংগ্ৰেছৰ ২০০ কৰ্মীৰ বিজেপিত যোগদান - LOK SABHA ELECTION 2024

লগতে পঢ়ক : ৫ লাখ ভোটৰ ব্যৱধানত লুৰীণজ্যোতি গগৈ পৰাজিত হ'ব: ভৱেশ কলিতা - Lok Sabha Elections 2024