ETV Bharat / politics

গৰু বিহুৰ নিশা দলীয় কৰ্মী-সমৰ্থকৰ সৈতে কঁকাল ভাঙিলে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে - Lok sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 14, 2024, 7:20 AM IST

Jorhat Lok Sabha constituency
গৰু বিহুৰ নিশা দলীয় কৰ্মী-সমৰ্থকৰ সৈতে কঁকাল ভাঙিলে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে

Gaurav Gogoi in Moran : গৰু বিহুৰ নিশা মৰাণত দলীয় কৰ্মী-সমৰ্থকৰ সৈতে কঁকাল ভাঙি এপাক নাচিলে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে ৷ যোৰহাটৰ ৰাইজৰ সাহস, শক্তিশালী কণ্ঠ দেখি মুখ্যমন্ত্ৰীয়ে ভয় খাইছে বুলি কয় গৌৰৱ গগৈ ৷ যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছৰ বিজয় নিশ্চিত বুলি দাবী গৌৰৱ গগৈৰ ৷

গৰু বিহুৰ নিশা দলীয় কৰ্মী-সমৰ্থকৰ সৈতে কঁকাল ভাঙিলে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে

মৰাণ, 14 এপ্ৰিল: লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা হোৱাৰ পাছৰে পৰা যোৰহাট লোকসভা সমষ্টিত বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি নেতা-মন্ত্ৰীৰে ভৰি পৰিছে । গৌৰৱ গগৈক পৰাজিত কৰাৰ লক্ষ্যৰে বিজেপিৰ নেতা-মন্ত্ৰীৰে ভৰি পৰিছে যোৰহাট । পিছ পৰি ৰোৱা নাই কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ো।

গৰু বিহুৰ দিনটোত দিনযোৰা কাৰ্যসূচীৰে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত মাহমৰা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ অন্তত নিশা মৰাণ নগৰত দলীয় কৰ্মী-সমৰ্থকৰ সৈতে হেঁপাহ পলুৱাই বিহু নাচিলে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ৷ মাহমৰা সমষ্টিৰ অন্তৰ্গত ডোমৰদলং, হাজোৱা, হিংৰিজান, খুমটাই চাহ বাগিচাৰ লগতে বটামৰা, কচুমাৰী, কাকতিবাৰী, ৰামনগৰ আদি অঞ্চলত মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলাই নিশা মৰাণ নগৰত উপস্থিত হয় ৷

কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছৰ বিজয় নিশ্চিত বুলি দাবী কৰি মৰাণ নগৰৰ পদপথত দলীয় কৰ্মী-সমৰ্থকৰ সমুখত বক্তব্য আগবঢ়ায় কয়, "আমি ৰাজনীতি বাগান কিনিবলৈ কৰা নাই, আমি ৰাজনীতি ৰিজ’ৰ্ট খুলিবলৈও কৰা নাই, আমি ৰাজনীতি ডাঙৰ ডাঙৰ কোম্পানী খুলি ফাইভ ষ্টাৰ হোটেল খুলিবলৈ কৰা নাই ৷ আমি ৰাজনীতি ৰাইজৰ মাজত থাকি, ৰাইজৰ কাম কৰিবলৈ ওলাই আহিছো ৷"

  • " class="align-text-top noRightClick twitterSection" data="">

আনহাতে, সাংসদ গৌৰৱ গগৈক মুখ্যমন্ত্ৰীকে ধৰি বিজেপি দলে আক্ৰমণৰ লক্ষ্য কৰি লোৱা সন্দৰ্ভত গৌৰৱ গগৈয়ে কয়, "যোৰহাটৰ ৰাইজে এতিয়া মুখ্যমন্ত্ৰীৰ বিপক্ষে মাত মাতিবলৈ আৰম্ভ কৰিছে ৷ যোৰহাটৰ ৰাইজৰ বৃদ্ধি পোৱা সাহস, যোৰহাটৰ ৰাইজৰ শক্তিশালী কণ্ঠ দেখি মুখ্যমন্ত্ৰীয়ে ভয় খাইছে ৷ যোৰহাট সমষ্টিৰ কেইবাখনো বাগিচা বন্ধ হৈ যোৱাত শ্ৰমিক ৰাইজে হাহাঁকাৰ কৰিবলগীয়া হৈছে ৷"

লগতে পঢ়ক: গৰু বিহুৰ দিনা মাহমৰাত কণী যুঁ‌জত অংশ ল'লে গৌৰৱ গগৈয়ে - Lok Sabha elections 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.