ETV Bharat / politics

গৰু বিহুৰ দিনা মাহমৰাত কণী যুঁ‌জত অংশ ল'লে গৌৰৱ গগৈয়ে - Lok Sabha elections 2024

author img

By ETV Bharat Assamese Team

Published : Apr 13, 2024, 7:47 PM IST

Jorhat Lok Sabha constituency : যোৰহাট লোকসভা সমষ্টিত আকৰ্ষণীয় হৈছে প্ৰচাৰ অভিযান । সমান্তৰালভাৱে চলিছে বাকযুদ্ধ । গৌৰৱ গগৈক পৰাজিত কৰাৰ লক্ষ্যৰে বিজেপিৰ শীৰ্ষ নেতাই সমষ্টিটোত চলাইছে এই অভিযান । পিচ পৰি থকা নাই কংগ্ৰেছ প্ৰাৰ্থীগৰাকী ।

Jorhat Lok Sabha constituency
যোৰহাট লোকসভা সমষ্টি

যোৰহাট লোকসভা সমষ্টি

মৰাণ, ১৩ এপ্ৰিল: লোকসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে যোৰহাট লোকসভা সমষ্টিত ৰাজনৈতিক পৰিবেশ লক্ষণীয় হৈ উঠিছে । বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈক দ্বিতীয়বাৰৰ বাবে জয়ী কৰাবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি সকলো কেবিনেট মন্ত্ৰী-বিধায়ক ব্যস্ত এতিয়া যোৰহাট লোকসভা সমষ্টিত । গৌৰৱ গগৈক পৰাজিত কৰাৰ লক্ষ্যৰে বিজেপিৰ শীৰ্ষ নেতাই সমষ্টিটোত মাৰাথন প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে । কিয়নো তপন কুমাৰ গগৈৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে ব্যাপক প্ৰচাৰ অভিযান চলাইছে সমষ্টিটোত ।

মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সকলো মন্ত্ৰী যোৰহাটত বাহৰ পাতি প্ৰচাৰ চলোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৌৰৱ গগৈয়ে কয়,"যোৰহাটৰ ৰাইজ এতিয়া সাহসী হৈছে । বহুত দিনৰ পৰা যোৰহাটৰ ৰাইজে কথাবোৰ ক'ব পৰা নাছিল । যোৰহাটবাসী ৰাইজৰ ওচৰত ভয় খাইছে বিজেপিৰ মন্ত্ৰীসকলে ।"

ইপিনে, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে আজি গৰু বিহুৰ দিনা মাহমৰাত কংগ্ৰেছ কৰ্মীৰ সৈতে পৰম্পৰাগত কণী যুঁজত অংশগ্ৰহণ কৰে গৌৰৱ গগৈয়ে । কণীযুঁ‌জত প্ৰথম ৫ টা কণীয়েই ভাগিলে বিৰোধী ঐক্যমঞ্চ সমৰ্থিত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ । পিচত অৱশ্যে বহুকেইটা কণী যুঁজ কৰাৰ পিচত জয়ী হ'ল গৌৰৱ গগৈ । মাহমৰা সমষ্টিৰ বঁ‌টামৰা তিনিআলিত বিৰোধী ঐক্যমঞ্চৰ হৈ কংগ্ৰেছ দলে গৰু বিহু উপলক্ষে অনুষ্ঠিত কৰে এই পৰম্পৰাগত কণীযুঁজ । গৌৰৱ গগৈয়ে হেনো টেকনিক নজনা বাবে প্ৰথমে যুঁজত পৰাজিত হয় ।

আজি যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত মাহমৰা বিধানসভা সমষ্টিৰ কেইবাটাও স্থানত গৌৰৱ গগৈয়ে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে । প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ৰাইজৰ ব্যাপক সমাদৰ লাভ কৰা বুলি তেওঁ কয় ।

লগতে পঢ়ক:মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক অপমান কৰিছে : গৌৰৱ গগৈ - Lok Sabha Elections 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.