ETV Bharat / politics

সমাগত নিৰ্বাচনত বিজেপি দলৰ বিজয় নিশ্চিত বুলি দাবী ভৱেশ কলিতাৰ

author img

By ETV Bharat Assamese Team

Published : Feb 14, 2024, 1:57 PM IST

MLA bhabesh kalita slams Congress in majuli
মাজুলীত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা

Loksabha poll 2024: মাজুলীত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ৷ দুদিনীয়া কাৰ্যসূচীৰে মাজুলীত উপস্থিত হয় ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকী ৷ যোৰহাট সমষ্টিত কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে নিৰ্বাচন খেলাটো বিজেপিৰ বাবে কোনো ফেক্টৰ নহয় বুলি কয় কলিতাই ।

মাজুলীত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা

মাজুলী, 14 ফেব্ৰুৱাৰী: মঙলবাৰে দুদিনীয়া কাৰ্যসূচীৰে মাজুলীত উপস্থিত হয় ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা । মঙলবাৰে দিনৰ ভাগত গড়মূৰত এখন বিশাল সভাত অংশগ্ৰহণ কৰে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে । মঙলবাৰে সন্ধিয়া ৰাওনাপাৰত 'চায় পে চৰ্চা' নামৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ।

নিশা মুদৈ গাঁৱৰ নামঘৰত স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে আৰু নিশা কটায় মাজুলীৰ দক্ষিণ-পূব মণ্ডলৰ সভাপতিগৰাকীৰ গৃহত । ভৱেশ কলিতাই বুধবাৰে সংবাদ মাধ্যমৰ আগত কয়, "মাজুলীত এতিয়া আগৰ পৰিৱেশ নাই ৷ ৰাস্তা-ঘাট, চিকিৎসা ব্যৱস্থাৰ যথেষ্ট উন্নতি হৈছে । আজিৰ তাৰিখত ৰাইজে উন্নয়ন বিচাৰিছে ৷ যাৰ বাবে বিজেপি দলক আদৰি লৈছে ৷" লগতে বিজেপি দলটিক মাজুলীবাসীয়ে প্ৰদান কৰা মৰমৰ বাবে তেওঁ সকলোকে ধন্যবাদ জনায় ।

MLA bhabesh kalita slams Congress in majuli
মাজুলীত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা

ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে পুনৰ কয়, "10 বছৰ পিচত আৰু এই অসম নাথাকিব । 15 % কমিলে ৰাম নাম সত্য হ’ব ।" হিন্দু মানুহ হৈ বিজেপিক ভোট দিব লাগিবই বুলি মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই । এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আদত কলিতাই কয়, "কিছু কিছু জিলাত জনসংখ্যা বৃদ্ধিৰ হাৰে চিন্তিত কৰি তুলিছে ৰাজ্যিক বিজেপিক । জনসংখ্যা ৰোধৰ বাবে কঠোৰ আইন আনিব লাগে চৰকাৰে । নহ’লে অসমতেই অসমীয়া ভগনীয়া হ’ব ।"

যোৰহাট সমষ্টিত কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে নিৰ্বাচন খেলাটো বিজেপিৰ বাবে কোনো ফেক্টৰ নহয় । তেওঁ কাজিৰঙা কলিয়াবৰ সমষ্টিত কি উন্নয়ন কৰিলে বুলি প্ৰশ্ন তুলি আমাৰ প্ৰাৰ্থীয়েই জিকিব বুলি দাবী কৰে । সমাগত নিৰ্বাচনত বিজেপি দলটোৰ বিজয় নিশ্চিত বুলি দাবী কৰে ।

লগতে পঢ়ক : প্ৰহসনত পৰিণত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন‍্যায় যাত্ৰা : ভৱেশ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.