ETV Bharat / politics

হিমন্ত বিশ্ব শৰ্মা এজন ধৰ্মীয় উন্মাদ : অখিল গগৈ - Lok Sabha elections 2024

author img

By ETV Bharat Assamese Team

Published : Apr 14, 2024, 9:32 PM IST

Akhil Gogoi in Majuli
মাজুলীত অখিল গগৈ

Lok Sabha Polls 2024 :ৰঙালী বিহুৰ দিনাই মাজুলীত অখিল গগৈ । তেওঁ মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিক তীব্ৰ সমালোচনা কৰে । অখিল গগৈয়ে কান্ধত ঢোল লৈ বিহু মাৰিবলৈ মুখ্যমন্ত্ৰীক জনালে প্ৰত্য়াহ্বান ।

মাজুলীত অখিল গগৈ

মাজুলী, ১৪ এপ্ৰিল: মাজুলীত ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে আজি কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ সমৰ্থনত প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে । বিধায়কগৰাকীয়ে মুখ্য়মন্ত্ৰীক সমালোচনা কৰি কয়," হিমন্ত বিশ্ব শৰ্মা এজন ধৰ্মীয় উন্মাদ মানুহ । তেওঁ সেইবাবে হিন্দু-মুছলমানৰ ৰাজনীতিৰ কথা কয় ।" অখিল গগৈক ঈদত নামাজ পঢ়াৰ প্ৰসংগত হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়কগৰাকীয়ে কয়,"মই এজন প্ৰকৃত অসমীয়া,মই নামাজ পঢ়িলো যদিওঁ অসমীয়াৰ বিহুত নামঘৰ গ‘লো । তেওঁ যদি ইমানেই হিন্দু,ইমানেই অসমীয়া তেতিয়া তেওঁ মোৰ লগত এবাৰ বিহু নাচি দেখুৱাওক ।"

অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক বিহু নাচিবলৈ যোৰহাট আৰু শিৱসাগৰলৈ আমন্ত্ৰন জনাই কয়," যদি হিমন্ত প্ৰকৃত অসমীয়া তেতিয়া হ'লে কান্ধত ঢোল লৈ দুয়ো একেলগে বিহু মাৰিম ।" তেতিয়া কোন অসমীয়া ওলাই যাব বুলি প্ৰত্যাহ্বান জনাই অখিল গগৈয়ে।

গৌৰৱ গগৈৰ হৈ প্রচাৰ চলাই ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে নামনি মাজুলীৰ বালিচাপৰিৰ এখন প্রচাৰ সভাত বিজেপি দল, হিমন্ত বিশ্ব শৰ্মা, তপন গগৈক তীব্র সমালোচনা কৰে । ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে কয়,"এই বিজেপি চৰকাৰৰ দিনত যিকোনো বস্তুৰ ইমানেই মূল্যবৃদ্ধি হৈছে যিয়ে ৰাইজক কোঙা কৰি পেলাইছে ।"মূল্যবৃদ্ধিৰ কথা ক'লেই নানা ধৰণৰ ভাবুকি দিয়ে বুলি মন্তব্য কৰে অখিল গগৈয়ে । তেওঁ কয়,"এই চৰকাৰৰ দিনত সকলো লোকৰ বাক স্বাধীনতা কাঢ়ি লৈ গৈছে । কোনেও এতিয়া একো ক'ব নোৱাৰে ।"

  • " class="align-text-top noRightClick twitterSection" data="">

ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে কয়,"গৌৰৱ গগৈক এই কাৰণে ভোট দিব লাগে, কিয়নো গৌৰৱ গগৈ অসমৰ সম্পদ । গৌৰৱ গগৈ গৈ সদনত অসমৰ কন্ঠ হৈ ঠিয় হৈছে । সেই অসমৰ কন্ঠক ভোট নিদি কাঠৰ মুঢ়াক ভোট দিলে অসমৰ একো লাভ নহয় । সেইবাবে গৌৰৱ গগৈক অসমৰ ৰাইজে ভোট দিব লাগে ।"

তেওঁ কয় যে আহোম সংগঠনে এইবাৰ অন্ততঃ গৌৰৱ গগৈক বৰ্জন কৰিব নোৱাৰে । বৰ্জন যদি কৰে বিজেপি চৰকাৰক বৰ্জন কৰিব লাগিব । আহোম সংগঠনে বাৰম্বাৰ জনজাতিকৰণৰ বাবে দাবী কৰি অহাৰ পাছতো জনজাতিকৰণ কৰা নাই বিজেপি চৰকাৰে । আহোমসকলে যদি গৌৰৱ গগৈৰ ভোট বৰ্জন কৰে তেতিয়া সংগঠন সমূহে চৰকাৰৰ পক্ষ লৈছে বুলি মন্তব্য কৰে অখিল গগৈয়ে ।

লগতে পঢ়ক:বিজেপিক ভোট দিলে দেশ ধৰ্মীয় মৌলবাদীৰ দেশলৈ পৰিণত হ'ব: অখিল গগৈ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.