ETV Bharat / politics

কোনোৱে যদি আবেদনেই কৰা নাই 'কা'খন বাতিল কৰি দিয়ক : মুখ্যমন্ত্ৰীক অখিল গগৈৰ প্ৰত্যুত্তৰ - Akhil Gogoi replies to CM

author img

By ETV Bharat Assamese Team

Published : Apr 11, 2024, 10:06 PM IST

AKHIL GOGOI REPLIES TO CM
মুখ্যমন্ত্ৰীক উভতি ধৰিলে বিৰোধী বিধায়ক অখিল গগৈয়ে

মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ বিধায়ক অখিল গগৈৰ ৷ 'কা' বিৰোধী আন্দোলনত অসমৰ 5 শ্বহীদৰ মৃত্যুৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দায়ী বুলি মন্তব্য তেওঁৰ ৷

মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ অখিল গগৈৰ

গুৱাহাটী, 11 মাৰ্চ : 'ক'ত গ'ল ট্ৰাকে ট্ৰাকে অহা 2 কোটি বাংলাদেশী ?'- লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ অভিযানত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ডিব্ৰুগড়ৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ প্ৰচাৰ চলাই প্ৰাৰ্থী প্ৰসংগত ক্ষুৰধাৰ প্ৰশ্ন মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ “কোনোৱেই নাগৰিকত্বৰ বাবে যদি আবেদনেই কৰা নাই, তেন্তে অসমত কিয় এই আইন লাগে ? প্ৰাৰ্থী বাতিল কৰি দিয়ক |”- মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ বিধায়ক অখিল গগৈৰ ৷

  • " class="align-text-top noRightClick twitterSection" data="">

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যখনৰ বিৰোধী ৰাজনৈতিক দল আৰু 'কা' বিৰোধী শক্তিক কঠোৰ সমালোচনা কৰি ক্ষমা খুজিবলৈ আহ্বান ৷ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈৰ ৷ 'ক'ত গ'ল ট্ৰাকে ট্ৰাকে অহা 2 কোটি বাংলাদেশী ?'- 'কা' আন্দোলনকাৰীক ধাৰাবাহিকভাৱে সমালোচনা কৰি আজি এবাৰ পুনৰ আক্ৰমণ মুখ্যমন্ত্ৰীৰ ৷ লুৰীণ গগৈ, অখিল গগৈক ক্ষমা খোজাৰো দাবী জনালে হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰ বিপৰীতে আজি মুখ্যমন্ত্ৰীৰ এই ভাষ্যক সমালোচনা কৰি উভতি ধৰিলে বিৰোধী বিধায়ক অখিল গগৈয়ে ৷

বৃহস্পতিবাৰে অখিল গগৈয়ে কয়- “মুখ্যমন্ত্ৰীৰ ভাষ্য অসমীয়া জাতিৰ প্ৰতি অপমান ৷ 'কা' আন্দোলনত অসমৰ 5 শ্বহীদৰ মৃত্যুৰ বাবে অখিল গগৈ বা লুৰীণজ্যোতি গগৈ দায়ী নহয় ৷ ইয়াৰ বাবে দায়ী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ 'কা' আন্দোলনত মৃত্যু ঘটা 5 জনক মুখ্যমন্ত্ৰীয়ে শ্বহীদ বুলি প্ৰথমবাৰৰ বাবে স্বীকৃতি দিলে ৷ এতিয়া শ্বহীদৰ পৰিয়ালবৰ্গক চৰকাৰে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক ৷ 5 জন শ্বহীদক হত্যা কৰিছে বিজেপি চৰকাৰ,সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই ৷ অসমবাসীৰ ওচৰত ক্ষমা বিচাৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল আৰু বিজেপিয়ে ৷”

এই মন্তব্যৰে বিজেপি চৰকাৰক শ্বহীদ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ দাবী তুলিলে অখিল গগৈয়ে ৷ আনহাতে 'কা'ৰ যোগেদি এজনেহে মাথো নাগৰিকত্বৰ বাবে আবেদন কৰা বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি অখিল গগৈৰ মুখ্যমন্ত্ৰীলৈ আহ্বান-“যদিহে মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে কোনোৱেই 'কা'ৰ জড়িয়তে নাগৰিকত্বৰ বাবে আবেদনেই কৰা নাই, তেন্তে অসমত কিয় এই 'কা' খন লাগে ? 'কা' খন বাতিল কৰি দিয়ক ৷”

লগতে পঢ়ক : আইন সকলোৰে বাবে সমান; ৰাহুলৰ দৰেই গুৱাহাটীত ৰোড শ্ব' কৰাত অনুমতি নাই প্ৰধানমন্ত্ৰী মোদীৰো - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.