ETV Bharat / politics

গৌৰৱ গগৈ ধৰ্মান্তৰিত হ’ল নেকি সন্দেহ হৈছে : জয়ন্ত মল্লবৰুৱা - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 14, 2024, 8:50 PM IST

LOK SABHA ELECTION 2024
ৰঙিয়াত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

গৌৰৱ গগৈয়ে নামাজ পঢ়া দেখাৰ পিচত কোনোৱে গম নোপোৱাকৈ তেওঁ ধৰ্মান্তৰিত হ’ল নেকি সকলোৰে সন্দেহ হৈছে বুলি মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ ৷ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন শেষ হোৱাৰ পিচত বদৰুদ্দিন আজমলো নাইকীয়া হৈ যাব বুলি মন্তব্য কৰে তেওঁ ৷

গৌৰৱ গগৈক কটাক্ষ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

ৰঙিয়া, 14 এপ্ৰিল : "গৌৰৱ গগৈয়ে নামাজ পঢ়া দেখাৰ পিচত সকলোৰে সন্দেহ হৈছে যে তেওঁ কোনোৱে গম নোপোৱাকৈ ধৰ্মান্তৰিত হ’ল নেকি ৷ কাৰণ বেলেগ ধৰ্মৰ মানুহে বেলেগ ধৰ্মৰ ব্যৱস্থা ইমান সুন্দৰকৈ চলাব নোৱাৰে ৷" কংগ্ৰেছ নেতাক গৌৰৱ গগৈক কটাক্ষ কৰি এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ ৷ মন্ত্ৰী বৰুৱাই কয় যে, তেওঁ নামাজ পঢ়াত আপত্তি নাই ৷ নামাজ পঢ়াৰ দৰে তেওঁ যদি শংকৰ উৎসৱৰ দিনা চুৰীয়া-চোলা পিন্ধি, গামোচা লৈ নামঘৰলৈ গ’লহেঁতেন ভাল লাগিলহেঁতেন ৷ ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ দিনাও তেওঁ ৰাজপথত বিক্ষোভহে কৰিলে ৷ কিন্তু এতিয়া তেওঁ ঈদৰ দিনা সুন্দৰকৈ সাজ-পাৰ পিন্ধি, ইমান ধুনীয়াকৈ নামাজ পঢ়িছে তাত সন্দেহ হৈছে, ৰাইজে তেওঁ ধৰ্মান্তৰিত হ’ল নেকি জানিব বিচাৰিছে বুলি কয় জয়ন্ত মল্লবৰুৱাই ৷

আনহাতে গৌৰৱ গগৈ আৰু বদৰুদ্দিন আজমল এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি বুলিও মন্তব্য কৰে মন্ত্ৰীজনে ৷ তেওঁ কয় যে, মুখ্যমন্ত্ৰীয়ে ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ চলাব আৰু ধুবুৰীত বিজেপি মিত্ৰজোঁটৰ জয় হ’ব ৷ এতিয়ালৈকে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ফিল্ডত নমাই নাই বুলি উল্লেখ কৰে মন্ত্ৰী বৰুৱাই ৷ লগতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন শেষ হোৱাৰ পিচত বদৰুদ্দিন আজমলো নাইকীয়া হৈ যাব বুলি মন্তব্য কৰে তেওঁ ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ইফালে অজাপৰ সভাপতি তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈক প্ৰৱঞ্চক আখ্যা দি তীব্ৰ সমালোচনা কৰে জয়ন্ত মল্লবৰুৱাই ৷ তেওঁ কয় যে, লুৰীণজ্যোতি গগৈ ডাঙৰ প্ৰৱঞ্চক ৷ জাতিটোক ইমান ডাঙৰ প্ৰৱঞ্চনা কৰাৰ পিচত তেওঁ প্ৰায়শ্চিত্ত কৰিব লাগিব ৷ অসমৰ মানুহক মিচা কথা কৈ পাঁচজনকৈ নিৰীহ মানুহ মৰাৰ প্ৰায়শ্চিত্ত লুৰীণজ্যোতি গগৈয়ে কৰিব লাগিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : প্ৰকাৰান্তৰে বিজেপিৰ প্ৰতি সমৰ্থন সাংসদ বদৰুদ্দিন আজমলৰ ! - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.