ETV Bharat / politics

পিতৃ-মাতৃক সেৱা কৰি মনোনয়ন পত্ৰ দাখিল কৰিলে লুৰীণজ্যোতি গগৈয়ে - LOK SABHA ELECTION 2024

Lurinjyoti Gogoi Files Nomination: পিতৃ-মাতৃ, গাঁৱৰ নামঘৰৰ আশিস লৈ মনোনয়ন পত্ৰ দাখিল কৰিলে লুৰীণজ্যোতি গগৈয়ে ৷ মঙলবাৰে সৰ্বানন্দ সোণোৱালৰ পিচত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীগৰাকীয়ে দাখিল কৰে মনোনয়ন ৷

Lurinjyoti Gogoi Files Nomination
মনোনয়ন পত্ৰ দাখিল কৰিলে লুৰীণজ্যোতি গগৈয়ে
author img

By ETV Bharat Assamese Team

Published : March 26, 2024 at 6:31 PM IST

2 Min Read
Choose ETV Bharat
মনোনয়ন পত্ৰ দাখিল কৰিলে লুৰীণজ্যোতি গগৈয়ে

ডিব্ৰুগড়, 26 মাৰ্চ: পিতৃৰ লগতে প্ৰয়াত মাতৃৰ আশীৰ্বাদ শিৰত লৈ মঙলবাৰে মনোননয়ন পত্ৰ দাখিল কৰিলে লুৰীণজ্যোতি গগৈয়ে ৷ পিতৃ-মাতৃৰ আশিস গ্ৰহণৰ লগতে জন্মগাঁও বৰলাইপুলিৰ নামঘৰত সেৱা গ্ৰহণ কৰে অসম জাতীয় পৰিষদ দলৰ সভাপতি তথা বিৰোধী ঐক্যমঞ্চ প্ৰক্ষেপিত প্ৰাৰ্থীগৰাকীয়ে ৷ ৰাইজৰ আশীৰ্বাদ কামনা কৰি ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিলে যুৱনেতাগৰাকীয়ে ৷

মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে কেইবা সহস্ৰাধিক কৰ্মী-সমৰ্থকে এক বিশাল ৰেলী বাহিৰ কৰে ৷ ডিব্ৰুগড়ৰ নিৰ্মালী ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা উলিওৱা ৰেলীৰে গৈ জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰে লুৰীণজ্যোতি গগৈয়ে ৷ মনোনয়ন পত্ৰ দাখিল কৰি তেওঁ কয়, ‘‘বিৰোধীৰ ঐক্যবদ্ধ শক্তিয়ে প্ৰতিদ্বন্দ্বীক অতি শক্তিশালী ৰূপত পৰাভূত কৰিব ৷’’

লুৰীণজ্যোতি গগৈয়ে মনোনয়ন প্ৰদানত সংগ প্ৰদান কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, সাংসদ অজিত কুমাৰ ভূঞা, এজেপিৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, কংগ্ৰেছ দলৰ প্ৰাক্তন মন্ত্ৰী পৃথ্বী মাঝী, এতোৱা মুণ্ডা, প্ৰাক্তন বিধায়ক ৰাজু চাহুকে ধৰি বিৰোধী ঐক্য মঞ্চৰ সকলো শীৰ্ষ নেতা-কৰ্মীয়ে ৷ জগদীশ ভূঞাই কয় যে এয়া কোনো লুৰীণজ্যোতি গগৈ অথবা সৰ্বানন্দ সোণোৱালৰ যুঁজ নহয় ৷ এই যুঁজ হ’ব জাতিক প্ৰত্যাৰণা কৰাসকলৰ বিৰুদ্ধে জাতীয় কণ্ঠৰ যুঁজ ৷ নিমাতি কইনাক দিল্লীলৈ পঠিয়াই লাভ নাই বুলি মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷

উল্লেখ্য আজি লুৰীণজ্যোতি গগৈয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী তথা বিজিপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালেও মনোনয়ন দাখিল কৰে ৷ বিজেপি প্ৰাৰ্থীগৰাকীক সংগ দিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো ৷

লগতে পঢ়ক: মুখ্যমন্ত্ৰী-দলীয় সভাপতিক কাষত লৈ মনোনয়ন দাখিল সৰ্বানন্দ সোণোৱালৰ