ETV Bharat / politics

অৰুণোদয় আঁচনিৰ ভুৱা প্ৰ-পত্ৰ বিলাইছে বিজেপিয়ে ! লুৰীণজ্যোতি গগৈৰ অভিযোগ - Orunodoi Scheme

author img

By ETV Bharat Assamese Team

Published : Apr 4, 2024, 9:56 PM IST

LURINJYOTI GOGOI
ডিব্ৰুগড় লোকসভা সমষ্টিত লুৰীণজ্যোতি গগৈৰ প্ৰচাৰ সভা

Lurinjyoti Gogoi: পদুম ফুলৰ ছবি থকা ভুৱা অৰুণোদয় প্ৰ-পত্ৰ বিলাই আছে বিজেপিয়ে ৷ এই গুৰুতৰ অভিযোগ লুৰীণজ্যোতি গগৈৰ ৷ বিজেপিৰ হাতত কোনো ৰিপৰ্ট কাৰ্ড নাই বুলিও অভিযোগ বিৰোধী ঐক্য মঞ্চ প্ৰক্ষেপিত প্ৰাৰ্থীগৰাকীৰ ৷

ডিব্ৰুগড় লোকসভা সমষ্টিত লুৰীণজ্যোতি গগৈৰ প্ৰচাৰ সভা

ডিব্ৰুগড়, 4 এপ্ৰিল: চমু চাপিছে লোকসভা নিৰ্বাচনৰ দিন ৷ ৰাজ্যৰ ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত অতি আকৰ্ষণীয় সমষ্টি হিচাপে বিবেচিত হৈছে ডিব্ৰুগড় লোকসভা সমষ্টি । সমষ্টিটোত বৰ্তমানৰ সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ টিকট কৰ্তন কৰি শাসকীয় দলে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

সমান্তৰালকৈ ডিব্ৰুগড় লোকসভা সমষ্টিত বিৰোধী ঐক্য মঞ্চই অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ লগতে আপে মনোজ ধানোৱাৰক প্ৰাৰ্থিত্ব দি প্ৰচাৰ অব্যাহত ৰাখিছে ৷ বৃহস্পতিবাৰে নৱগঠিত চাবুৱা-লাহোৱাল সমষ্টি অৰ্থাৎ ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টিৰ কেবাটাও স্থানত প্ৰচাৰ চলালে বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে ।

প্ৰতিখন সভাতেই লুৰীণজ্যোতি গগৈক লৈ ৰাইজৰ মাজত দেখিবলৈ পোৱা গ'ল ব্যাপক উৎসাহ । এই প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি বিজেপিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন কৰে লুৰীণজ্যোতি গগৈয়ে । বিজেপিয়ে ডিব্ৰুগড়ৰ ভোটাৰ ৰাইজৰ মাজত ভুৱা অৰুণোদয় ফৰ্ম বিতৰণ কৰাৰ অভিযোগ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীগৰাকীৰ ।

পূৰ্বে চৰকাৰে প্ৰদান কৰা অৰুণোদয়ৰ প্ৰ-পত্ৰ আৰু বৰ্তমান সময়ত ৰাইজক প্ৰলোভন দিবলৈ বিতৰণ কৰা পদুম ফুল থকা প্ৰ-পত্ৰ দেখুৱাই ৰাইজক সজাগ হ'বলৈ আহ্বান জনালে লুৰীণজ্যোতি গগৈয়ে । চাবুৱা-লাহোৱাল সমষ্টিৰ অন্তৰ্গত ফুকনখাট গাঁও পঞ্চায়তত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপি চৰকাৰ তথা সৰ্বানন্দ সোণোৱালক তীব্ৰ সমালোচনা কৰে লুৰীণজ্যোতি গগৈয়ে ।

সাংবাদিকৰ আগত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে কয়, ‘‘বিজেপি চৰকাৰ আৰু দলৰ ওচৰত কোনোধৰণৰ ৰিপ'ৰ্ট কাৰ্ড নাই ৷ সকলো ভুৱা প্ৰতিশ্ৰুতি দিছে । ভুৱা ফৰ্ম বিলাই ৰাইজৰ পৰা ভোট ল’বলৈ চেষ্টা কৰিছে । লগতে ছাত্ৰ- ছাত্ৰীক স্কলাৰশ্বিপ দিম বুলিও প্ৰ-পত্ৰ পূৰণ কৰাই ভোট আদায়ৰ চেষ্টা কৰিছে । বিজেপিৰ এই মিছা কথা ৰাইজে বুজি পাইছে, সেয়ে ৰাইজে এইবাৰ সঠিক সিদ্ধান্ত ল'ব ৷’’

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ উপস্থিতিত মনোনয়ন দাখিল বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.