ETV Bharat / politics

চাহ বাগিচাৰ ভোটাৰক লৈ চিন্তিত সৰ্বানন্দ সোণোৱাল ! - Sarbananda Sonowal

author img

By ETV Bharat Assamese Team

Published : Apr 2, 2024, 10:48 PM IST

SARBANANDA SONOWAL AT TEA GARDEN
ডিব্ৰুগড়ত চাহ বাগিচা শ্ৰমিকৰ সৈতে সৰ্বানন্দ সোণোৱালৰ বাৰ্তালাপ

Sarbananda Sonowal: বাগিচাই বাগিচাই প্ৰচাৰ অভিযান আৰম্ভ কৰিছে সৰ্বানন্দ সোণোৱালে ৷ হাতযোৰ কৰি চাহ বাগিচাৰ শ্ৰমিকৰ পৰা ভোট বিচাৰিলে ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থীগৰাকীয়ে ৷

ডিব্ৰুগড়ত চাহ বাগিচা শ্ৰমিকৰ সৈতে সৰ্বানন্দ সোণোৱালৰ বাৰ্তালাপ

ডিব্ৰুগড়, 2 এপ্ৰিল: ৰাজ্যৰ ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত অতি আকৰ্ষণীয় সমষ্টি হিচাপে বিবেচিত হৈছে ডিব্ৰুগড় লোকসভা সমষ্টি । ডিব্ৰুগড় লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ টিকট কৰ্তন কৰি শাসক দল বিজেপিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । ইয়াৰ সমান্তৰালভাৱে ডিব্ৰুগড় লোকসভা সমষ্টিত বিৰোধী ঐক্য মঞ্চই অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক প্ৰাৰ্থিত্ব প্ৰদান কৰা লগতে আপে ডিব্ৰুগড়ত মনোজ ধানোৱাৰক প্ৰাৰ্থিত্ব দি প্ৰচাৰ অব্যাহত ৰাখিছে । প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক লৈ ডিব্ৰুগড়ৰ বিজেপি কৰ্মীসকল অতি উৎসাহী যদিও সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে কিছু প্ৰতিস্থানবিৰোধী ঢৌ নথকা নহয় সমষ্টিটোত ।

  • " class="align-text-top noRightClick twitterSection" data="">

এইবাৰ চাহ জনগোষ্ঠীৰ নেতা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ টিকট কৰ্তনৰ লগতে আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ প্ৰচাৰ অভিযানে ডিব্ৰুগড়ত চাহ বাগিচাৰ ভোটাৰক লৈ চিন্তিত সৰ্বানন্দ সোণোৱালৰ লগতে বিজেপি নেতৃত্ব । আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে কেৱল মাত্ৰ চাহ বাগিচাত চলাইছে প্ৰচাৰ । প্ৰতিদিনে অনুষ্ঠিত কৰিছে যোগদান কাৰ্যসূচী ।

ইয়াৰ পাছতে প্ৰতিদিনে চাহ বাগিচালৈ যাবলৈ আৰম্ভ কৰিছে ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে । ভোট বিচাৰি হাত জোৰ কৰি বাগিচাই বাগিচাই ঘূৰিছে সৰ্বানন্দ সোণোৱাল । মঙলবাৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে দুলীয়াজানৰ ৰজাআলি চাহ বাগিচাত নিৰ্বাচনী প্ৰচাৰ অভিযানৰ মাজতে কনভয়ৰ পৰা নামি চাহ বাগিচাখনৰ শ্ৰমিকসকলৰ সৈতে মত বিনিময় কৰে । বাগিচাৰ শ্ৰমিক ৰাইজে আগন্তুক নিৰ্বাচনৰ বাবে তেখেতক শুভেচ্ছা দিয়া বুলি জানিবলৈ দিয়ে ।

উল্লেখযোগ্য যে ডিব্ৰুগড় লোকসভা সমষ্টিত 4 লাখৰো অধিক চাহ জনগোষ্ঠীৰ ভোটাৰ আছে । চাহ জনগোষ্ঠীৰ ভোটাৰে প্ৰতিবছৰে ডিব্ৰুগড়ত নিৰ্ণায়ক ভূমিকা লৈ আহিছে । আজিও বিভিন্ন সমস্যাৰ মাজত থকা চাহ বাগিচাৰ শ্ৰমিক ভোটাৰ এইবাৰ কাৰ পক্ষত থাকিব সেইয়াহে লক্ষ্যণীয় হ'ব ।

লগতে পঢ়ক: বিপদত পৰিছে কংগ্ৰেছত থাকি বিজেপি চৰকাৰক সমৰ্থন জনোৱা তিনি বিধায়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.