ETV Bharat / politics

১৫ সহস্ৰাধিক সমৰ্থকৰ সমদলৰে কামাখ্যা প্ৰসাদ তাছাৰ মনোনয়ন পত্ৰ দাখিল - Lok Sabha election 2024

author img

By ETV Bharat Assamese Team

Published : Mar 27, 2024, 4:33 PM IST

Alliance candidate Kamakhya Prasad Tasa
মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা

Kaziranga Lok Sabha Constituency: কাজিৰঙা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই আজি দাখিল কৰিলে মনোনয়ন পত্ৰ । তেওঁক সংগ দিয়ে ৰাজ্য়িক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মন্ত্ৰী তথা অগপ নেতা অতুল বৰা,মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আদিয়ে ।

মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা

গোলাঘাট ,২৭ মাৰ্চ: মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতত ১৫ সহস্ৰাধিক সমৰ্থকৰ সমদলৰে আজি মনোনয়ন পত্ৰ দাখিল কৰিলে কাজিৰঙা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই । মনোনয়ন পত্ৰ দাখিলৰ সময়ত মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাক সংগ দিয়ে ৰাজ্য়িক বিজেপিৰ সভাপতি ভৱেশ কলিতা, কেবিনেট মন্ত্ৰী তথা অগপ নেতা অতুল বৰা,মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ লগতে কেইবাগৰাকী নেতাই ।

গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত আজি কাজিৰঙা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ মনোনয়ন পত্ৰ দাখিলৰ সৈতে সংগতি ৰাখি আয়োজন কৰা সভাত মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তৃতীয় বাৰৰ বাবে শাসনৰ গাদীত অধিষ্ঠিত কৰিবলৈ হ'লে ইভিএমত পদুম ফুলৰ ছবিত ভোট দি কামাখ্যা প্ৰসাদ তাছাক জয়ী কৰাব লাগিব । লোকসভা নিৰ্বাচনৰ পাছত চৰকাৰে অসমৰ প্ৰতিখন জিলাতে জৰীপ কৰি কোনে চৰকাৰী আঁচনি পোৱাৰ প্ৰাপ্য তেওঁলোকক এই চৰকাৰী আঁচনিৰ অন্তৰ্ভুক্ত কৰা হ'ব বুলি মন্তব্য় কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

তেওঁ পুনৰ কয় যে দেশত নৰেন্দ্ৰ মোদীৰ চৰকাৰ আহিলে উন্নয়নৰ যি ধাৰা প্ৰবাহিত হ'ব সেই ধাৰাই প্ৰতিজন লোকক আগুৱাই লৈ যাবলৈ সক্ষম হ'ব । তাৰ বাবে কাজিৰঙা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাক ৩ লাখকৈ অধিক ভোটত জয়ী কৰাব লাগিব বুলি কয় মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই ।

ইপিনে, কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়," কংগ্ৰেছৰ ফুটবলত এতিয়া পাম নাই ,গতিকে ক'ৰ পৰা ফুটবল খেলিব । যাৰ বাবে কোনোবাই যদি কংগ্ৰেছ প্ৰাৰ্থীক ভোট দিম বুলি ভাবিছে তেনেহ'লে একো লাভ নাই । কাৰণ কংগ্ৰেছত ভোট দিলে দুদিনৰ পাছত বিজেপি দলত যোগদান কৰে । মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই সকলোতে যাব নোৱাৰে ।" সেইবাবে ৰাইজে কামাখ্যা প্ৰসাদ তাছাৰ হৈ ঘৰে ঘৰে গৈ প্ৰচাৰ অভিযান চলাবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । আনহাতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ বিৰুদ্ধে সৰৱ হৈ কয়,"ৰকিবুল হুছেইন দিল্ললৈ গ'লে কাজিৰঙাৰ গঁড় সুৰক্ষিত হ'ব ।"

ইপিনে,মনোনয়ন পত্ৰ দাখিল কৰি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই কয়,"প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি জনপ্ৰিয়তা তাৰ কোনো সীমা নাই । আমি মানবীয়তাৰ দ়ৃষ্টিভংগীৰে ৰাজনীতি কৰিছো । লগতে আমাৰ বিধায়ক সকলো যথেষ্ঠ কৰ্মদক্ষ ।"

লগতে পঢ়ক:খুমটাইত বিজেপিৰ ৰণডংকা : কংগ্ৰেছৰ কথাত কোনো আগ্ৰহ নাই তাছাৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.