ETV Bharat / politics

ৰকিবুল হুছেইনৰ সৈতে এতিয়াও ককাই-ভাইৰ দৰেই সম্পৰ্ক আছে: সুৰেশ বৰা - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 1, 2024, 2:02 PM IST

Updated : Apr 1, 2024, 7:24 PM IST

Lok Sabha Election 2024: নগাঁও লোকসভা সমষ্টিৰ পৰা এইবাৰ বিজেপি প্ৰাৰ্থী হিচাপে থিয় দিছে সুৰেশ বৰাই । পূৰ্বে তিনিবাৰকৈ বঢ়মপুৰৰ পৰা বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে পৰাস্ত হোৱা সুৰেশ বৰাই এইবাৰ কি আশা কৰে ? প্ৰদ্যুৎ বৰদলৈক প্ৰত্যাহ্বান জনাব পাৰিব নে সুৰেশ বৰাই ? ৰকিবুল হুছেইনৰ সৈতে সম্পৰ্ক কেনে সুৰেশ বৰাৰ ? সবিশেষ সামৰি এক আছুতীয়া সাক্ষাৎকাৰ...

Lok Sabha Election 2024
Nagaon Lok Sabha seat

সুৰেশ বৰাৰ সৈতে আছুতীয়া সাক্ষাকাৰ

নগাঁও, 1 এপ্ৰিল: কিছুদিনৰ পূৰ্বে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰা নগঞা নেতা সুৰেশ বৰাক এইবাৰ গেৰুৱা দলটোৱে প্ৰক্ষেপ কৰিছে নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে । পূৰ্বে তিনিবাৰকৈ বঢ়মপুৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলি পৰাস্ত হোৱা সুৰেশ বৰা এইবাৰ থিয় দিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে ।

তিনিটাকৈ বিধানসভা নিৰ্বাচনত পৰাস্ত হোৱা সুৰেশ বৰা এইবাৰ দিল্লীলৈ যোৱাৰ পথ সুগম হ'ব নে ? কি হব সুৰেশ বৰাৰ নিৰ্বাচনী ইচ্যু ৰকিবুল হুছেইনৰ সৈতে বৰ্তমান তেওঁৰ সম্পৰ্ক কেনে ? চামগুৰিত ৰকিবুল হুছেইনে কোৱাৰ দৰে সঁচাকৈয়ে পাপ আছে নেকি সুৰেশ বৰাৰ ? ইটিভি ভাৰতৰ সমুখত সকলো বৰ্ণনা কৰিলে নেতাগৰাকীয়ে ।

আগন্তুত লোকসভা নিৰ্বাচনত জয়ী হ'ব বুলি এক প্ৰকাৰ দৃঢ়তা প্ৰকাশ কৰিছে সুৰেশ বৰাই । 2019 ৰ লোকসভা নিৰ্বাচনত প্ৰদ্যুৎ বৰদলৈৰ হৈ ৰাইজত ভোট খোজা সুৰেশ বৰা এইবাৰ ৰাইজৰ কাষ চাপিছে বৰদলৈৰ বিৰুদ্ধে নিজৰ বাবে ভোট বিচাৰি ।

ইফালে ৰকিবুল হুছেইনে কেইদিনমান পূৰ্বে চামগুৰিত কৈছিল যে সুৰেশ বৰাৰ বহুতো পাপ আছে, যাৰ বাবে তেওঁ নিৰ্বাচনত জয়ী হ'ব নোৱাৰে । সেই সন্দৰ্ভত সুৰেশ বৰাই মন্তব্য প্ৰকাশ কৰে যে ৰকিবুল হুছেইনৰ সৈতে তেওঁৰ ককাই-ভাইৰ দৰে সম্পৰ্ক । আনকি হুছেইনৰ পৰিয়ালৰ সৈতেও আছে সু-সম্পৰ্ক । ডাঙৰ মানুহ কিবা এটা কৈছে কওক বুলি উল্লেখ কৰি ধুবুৰী সমষ্টিৰ পৰা লোকসভা নিৰ্বাচন খেলিবলৈ ওলোৱা ৰকিবুল হুছেইনক শুভেচ্ছা জনালে বৰাই ।

সংখ্যালঘুৰ ভোট সন্দৰ্ভত সুৰেশ বৰাই কয় যে ধিং, লাহৰীঘাট, মৈৰাবাৰী আদিত বিপুল হাৰ সংখ্যালঘু লোকে মুকলিকৈ বিজেপি দলক সমৰ্থন জনাবলৈ আহিছে । প্ৰধানমন্ত্ৰী মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ যাদু চলিলে জয় নিশ্চিত বুলিও তেওঁ সদৰী কৰে ।

লগতে পঢ়ক: এ আই ইউ ডি এফ দলত টিকটৰ কাৰণে ধনৰ লেনদেন হয় : প্ৰাক্তন বিধায়ক অনন্ত মালোৰ অভিযোগ - Former AIUDF MLA Joins BJP

Last Updated : Apr 1, 2024, 7:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.