ETV Bharat / politics

কেজৰিৱালৰ প্ৰতি সমৰ্থন মমতা বেনাৰ্জীৰ - Delhi CM Kejriwal arrests

author img

By ANI

Published : Mar 22, 2024, 3:56 PM IST

Delhi CM Kejriwal arrests
কেজৰিৱালৰ প্ৰতি সমৰ্থন মমতা বেনাৰ্জীৰ

Delhi CM Kejriwal arrests: দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ লগে লগে বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ অংশীদাৰসকল আপৰ নেতাগৰাকীৰ সমৰ্থনত ওলাই আহিছে । শুকুৰবাৰে বিৰোধী মিত্ৰজোঁটে নিৰ্বাচন আয়োগক সাক্ষাৎ কৰিব । কেজৰিৱালক মমতা বেনাৰ্জীৰ সমৰ্থন ।

নেশ্যনেল ডেস্ক,২২ মাৰ্চ : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাক লৈ বিৰোধী মিত্ৰজোঁট 'ইণ্ডিয়া'ত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে । ইয়াৰ মাজতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে শুকুৰবাৰে ইণ্ডিয়া ব্লকৰ নেতাসকলে নিৰ্বাচন আয়োগক সাক্ষাৎ কৰিব আৰু বিৰোধী নেতাসকলক ইচ্ছাকৃতভাৱে লক্ষ্য কৰি লোৱা বা গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ তীব্ৰ আপত্তি প্ৰকাশ কৰিব । মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে ৰাজ্যসভাৰ সাংসদ ডেৰেক অ'ব্ৰাইন আৰু মহম্মদ নদিমুল হকে নিৰ্বাচনী আয়োগৰ সৈতে বৈঠকত টিএমচি দলক প্ৰতিনিধিত্ব কৰিব । গ্ৰেপ্তাৰ হোৱাৰ পিচত বিৰোধী দলটো অৰবিন্দ কেজৰিৱালৰ সমৰ্থনত ওলাই আহিছে ।

লোকসভা নিৰ্বাচনৰ সময়সূচী ঘোষণাৰ পিচত আদৰ্শ আচৰণ বিধি বলবৎ কৰা হৈছে কিন্তু এই সময়তে নেতাসকলক তদন্তকাৰী সংস্থাই লক্ষ্য হিচাপে লোৱাত উদ্বিগ্ন বিৰোধী দলসমূহ । বৃহস্পতিবাৰে নিশা সুৰা নীতি কেলেংকাৰী গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সৈতে একাত্মতা প্ৰকাশ কৰি মুখ্যমন্ত্ৰী মমতাই কয় যে তেওঁ ব্যক্তিগতভাৱে সুনীতা কেজৰিৱালৰ ওচৰলৈ গৈ তেওঁৰ সমৰ্থন আগবঢ়ায় ।

এক্সৰ এটা পোষ্টত তৃণমূল কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে কয় যে ৰাইজে নিৰ্বাচিত কৰা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা কাৰ্যক তেওঁ তীব্ৰ গৰিহণা দিছে । তেওঁৰ মতে এইটো এটা অতি শংকিত বিষয় কিয়নো নিৰ্বাচিত বিৰোধী মুখ্যমন্ত্ৰীসকলক ইচ্ছাকৃতভাৱে লক্ষ্য কৰি গ্ৰেপ্তাৰ কৰা হৈছে । ই গণতন্ত্ৰৰ ওপৰত এক স্পষ্ট আক্ৰমণ বুলিও মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পোষ্টটোত দাবী কৰে ।

পাঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানেও হিন্দীতে এক্সৰ এটা পোষ্টত অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । তেওঁৰ মতে কেজৰিৱালৰ চিন্তাধাৰাক কেনেকৈ গ্ৰেপ্তাৰ কৰিব । মুখ্যমন্ত্ৰীগৰাকীৰ মতে অৰবিন্দ কেজৰিৱাল এগৰাকী ব্যক্তি নহয়, এক ধাৰণা আৰু তেওঁলোক নেতাগৰাকীৰ সৈতে আছে । জ্যেষ্ঠ কংগ্ৰেছ নেতা শশী থাৰুৰে দিল্লীৰ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰাৰ ঘটনাক গৰিহণা দিয়ে ।

লগতে পঢ়ক :ইডিৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত কৰা আবেদন প্ৰত্যাহাৰ কেজৰিৱালৰ - Arvind Kejriwal Arrested

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.