ETV Bharat / politics

এ আই ইউ ডি এফৰ জন্ম নোহোৱাহ'লে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ’ব নোৱাৰিলেহেতেন : ৰকিবুল হুছেইন - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Mar 30, 2024, 10:28 PM IST

Dhubri LS seat : ধুবুৰীৰ ধৰ্মশালাত বিশাল জনসভা অনুষ্ঠিত কৰি ৰকিবুল হুছেইনৰ নিৰ্বাচনী প্ৰচাৰ ৷ যদি বদৰুদ্দিন আজমলৰ এ আই ইউ ডি এফৰ জন্ম নহ’লহেতেন তেতিয়া কেতিয়াও হিমন্ত বিশ্ব শৰ্মাৰ দৰে অত্যাচাৰী শাসক মুখ্যমন্ত্ৰী হ’ব নোৱাৰিলেহেতেন বুলি কয় ৰকিবুল হুছেইনে ৷

DHUBRI LS SEAT
হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলক সমালোচনা ৰকিবুল হুছেইনৰ

ধুবুৰীৰ ধৰ্মশালাত ৰকিবুল হুছেইনৰ নিৰ্বাচনী প্ৰচাৰ

ধুবুৰী, 30 মাৰ্চ : আজমলৰ দুৰ্গখ্যাত ধুবুৰীত সভা-সমিতি অনুষ্ঠিত কৰি নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে ৷ আজি ধুবুৰীৰ ধৰ্মশালা অঞ্চলত বিশাল জনসভা অনুষ্ঠিত কৰি ৰকিবুল হুছেইনে চলাই নিৰ্বাচনী প্ৰচাৰ ৷ নিৰ্বাচনী প্ৰচাৰ সভাত ৰকিবুল হুছেইনে ভাষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হয় ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ৰকিবুল হুছেইনে কয় যে, আজি কংগ্ৰেছৰ সভালৈ মানুহ ওলাই আহিছে ৷ কাৰণ ৰাইজৰ মন এতিয়া দুখ আৰু ক্ষোভেৰে ভৰি পৰিছে ৷ ধুবুৰীৰ ৰাইজে উপৰ্যুপৰি কেইবাবাৰো বদৰুদ্দিন আজমলক ভোট দিলে ৷ কিন্তু তেওঁলোকে এতিয়া জীৱনটো শান্তিৰে শুব পৰা নাই বুলি কয় তেওঁ ৷ ৰকিবুল হুছেইনে লগতে কয় যে, ধুবুৰীৰ ৰাইজে বুজি পাইছে যে, যদি বদৰুদ্দিন আজমলৰ এ আই ইউ ডি এফৰ জন্ম নহ’লহেতেন তেতিয়া কেতিয়াও হিমন্ত বিশ্ব শৰ্মাৰ দৰে অত্যাচাৰী শাসক মুখ্যমন্ত্ৰী হ’ব নোৱাৰিলেহেতেন ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আঁতৰাবৰ কাৰণেই এইবাৰ বদৰুদ্দিন আজমলক পৰাস্ত কৰিবলৈ ৰাইজ মাৰ বান্ধি থিয় হৈছে ৷ সেয়েহে এ আই ইউ ডি এফৰ দুৰ্গত কংগ্ৰেছৰ সভালৈ ৰাইজ স্বতঃস্ফূতভাৱে ওলাই আহিছে বুলি মন্তব্য কৰে কংগ্ৰেছ প্ৰাৰ্থীজনে ৷ লগতে ৰকিবুল হুছেইনে কয় যে, মানুহে ল’ৰা-ছোৱালী লৈ শান্তিৰে থাকিব বিচাৰিছে ৷ সেয়েহে বদৰুদ্দিন আজমলক প্ৰত্যাখান কৰি, এ আই ইউ ডি এফক ৰাজনৈতিকভাৱে নিঃশেষ কৰি হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাবলৈ দৃঢ় সংকল্পবদ্ধ বুলি মন্তব্য কৰে তেওঁ ৷

ইফালে বদৰুদ্দিন আজমলে বিয়া পতাৰ প্ৰসংগত কোৱা মন্তব্যৰ প্ৰতিক্ৰিয়াত এই কথা-বতৰা বিলাকৰ উত্তৰ নিদিয়ে বুলি মন্তব্য কৰে ৰকিবুল হুছেইনে ৷ এই নিৰ্বাচনৰ বতৰত যদি আজমলে বিয়া কৰিব খুজিছে, তেন্তে বিয়ালৈ মাতিলেও যাব নোৱাৰিব বুলি কয় হুছেইনে ৷ এই কথা-বতৰাবিলাক সংস্কৃতিৰ বিৰোধী কথা বুলি উল্লেখ কৰি কংগ্ৰেছ প্ৰাৰ্থীজনে কয় যে, মানুহ অলপ সংযমী হ’ব লাগে ৷ লগতে আজমলক এনেধৰণৰ কথা নকৈ ৰাজনৈতিক কথা ক’বলৈয়ো আহ্বান জনায় ৰকিবুল হুছেইনে ৷

লগতে পঢ়ক : গৌৰৱ গগৈ-লুৰীণজ্যোতি গগৈক হৰুওৱাৰ কাম কৰি আছে অখিল গগৈয়ে : জয়ন্ত মল্লবৰুৱা - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.