ETV Bharat / politics

মুখ্যমন্ত্রীয়ে আজমললৈ কিয় ফোন কৰিছিল ? ক'লে ৰকিবুল হুছেইনে - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 2, 2024, 5:16 PM IST

DHUBRI LOK SABHA CONSTITUENCY : বিজেপিৰ পৰা সহায় আগবঢ়োৱাৰ বাবে বদৰুদ্দিন আজমলৈ ফোন কৰিছিল হিমন্ত বিশ্ব শৰ্মাই ৷ ধুবুৰী সমষ্টিৰ মানুহৰ বাবে প্ৰধান সমস্যা হিমন্ত বিশ্ব শৰ্মা ৷ এই মন্তব্য ৰকিবুল হুছেইনৰ ৷

RAKIBUL HUSSAIN
মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ৰকিবুল হুছেইনৰ (ETV BHARAT ASSAM TEAM)

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ৰকিবুল হুছেইনৰ (ETV BHARAT ASSAM TEAM)

গুৱাহাটী, ২ মে’ : ‘‘ধুবুৰী লোকসভা সমষ্টিত সাংসদ বদৰুদ্দিন আজমলৰ অৱস্থা অতি বেয়া । যাৰ বাবে বিজেপিৰ পৰা সহায় আগবঢ়োৱাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বদৰুদ্দিন আজমললৈ ফোন কৰিছিল । এই বেয়া অৱস্থাত কিদৰে সহায় কৰিব পাৰে তাৰ বাবেই মুখ্যমন্ত্ৰীয়ে ফোন কৰিছিল ।’’- এই বক্তব্য ধুবুৰী সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী তথা বিধায়ক ৰকিবুল হুছেইনৰ । বৃহস্পতিবাৰে ধুবুৰী সমষ্টিৰ নিৰ্বাচনী প্ৰেক্ষাপটত সংবাদ মাধ্যমৰ আগত এইদৰে কয় ৰকিবুল হুছেইনে ।

অসম বিধানসভাৰ কংগ্ৰেছ বিধায়িনী দলৰ কক্ষত সংবাদ মাধ্যমক সম্বোধন কৰি বদৰুদ্দিন আজমলে ধুবুৰীৰ এখন সভাত এজন লোকক চৰ শোধোৱা প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৰকিবুল হুছেইনে ৷ তেওঁ কয় যে ধুবুৰীত আজমল ইতিমধ্যে হাৰিছে আৰু যাৰ বাবে মূৰ গৰম কৰি আনক আক্ৰমণ কৰিছে ।

নিৰ্বাচনত হৰা-জিকা আছেই বুলি মন্তব্য কৰি ৰকিবুল হুছেইনে আজমলক সংযমী হোৱাৰ বাবে আহ্বান জনায় । আজমলে নিজেই নিজৰ পৰাজয় স্বীকাৰ কৰিছে বুলি সদৰী কৰি তেওঁ কয় যে আজমলে তেওঁক ভোট দি জয়ী কৰোৱা ধুবুৰীৰ লোকসকলক চোৰ-ডকাইত, ৰেপিষ্ট আখ্যা দিছে ।

ধুবুৰীত আজমলক জয়ী কৰোৱাৰ বাবে মুখ্যমন্ত্ৰী উঠিপৰি লাগিছে বুলি মন্তব্য কৰি ৰকিবুল হুছেইনে কয় যে মিত্ৰদল অগপৰ প্ৰাৰ্থীক লৈ মুখ্যমন্ত্ৰীৰ কোনো গুৰুত্ব নাই । ধুবুৰীত আজমলৰ অৱস্থা বেয়া দেখি সহায় কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে আজমললৈ ফোন কৰিছিল ।

ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে কয় যে ২৮ এপ্ৰিলত মুখ্যমন্ত্ৰী বি টি এডিলৈ গৈছিল আৰু নিশা বদৰুদ্দিন আজমললৈ ফোন কৰিছিল । ফোন কৰি মুখ্যমন্ত্ৰীয়ে আজমলক তেওঁৰ অৱস্থা বেয়া আৰু হাৰিব বুলি কৈছিল । লগতে কিদৰে সহায় কৰিব পাৰে তাৰো কথা সুধিছিল । আনকি কোনটো ফোনেৰে কথা পাতিছে সেইটোও তেওঁ জানে বুলি ৰকিবুল হুছেইনে সদৰী কৰে ।

কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে লগতে কয় যে হিমন্ত বিশ্ব শৰ্মাই জুই জ্বলায় আৰু আজমলে ঘিউ ঢালি দপদপকৈ জ্বলায়, কংগ্ৰেছে পানী ঢালি নুমুৱাবলৈ চেষ্টা কৰে । আনহাতে হিমন্ত বিশ্ব শৰ্মা ধুবুৰীলৈ নোযোৱাৰ প্ৰসংগ উত্থাপন কৰি ৰকিবুল হুছেইনে কয় যে মুখ্যমন্ত্ৰীগৰাকীৰ মহিমা অপাৰ । মোদীক সমালোচনা কৰা হিমন্ত বিশ্ব শৰ্মাই আজি মোদীৰে জয়গান গায় বুলি কয় ৰকিবুল হুছেইনে ।

তেওঁ লগতে কয় যে বুলড’জাৰ চলোৱা তথা এনকাউণ্টাৰ কৰা মানুহখিনিৰ ওচৰত এতিয়া মুখ্যমন্ত্ৰীয়ে জঁপিয়াই জঁপিয়াই নাচি নাচি ভোট বিচাৰিছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ধুবুৰী সমষ্টিৰ মানুহৰ বাবে প্ৰধান সমস্যা বুলি সদৰী কৰি তেওঁ কয় যে ধুবুৰীত বিজেপিৰ যিখিনি ভোটাৰ আছে তেওঁলোকে অগপক ভোট নিদিয়ে । অগপৰ প্ৰতি তেওঁলোকৰ ক্ষোভ আছে ।

কোচ ৰাজবংশীসকলে অগপক ভোট নিদিয়ে আৰু ভাষিক সংখ্যালঘুসকলেও অগপক ভোট নিদিয়ে বুলি কয় ৰকিবুল হুছেইনে । ধুবুৰী সমষ্টিত মুখ্যমন্ত্ৰীয়ে মিত্ৰজোঁটৰ বাবে নহয়, নিজৰ জোঁটৰ বাবেহে প্ৰচাৰ চলাইছে বুলি মন্তব্য কৰি ৰকিবুল হুছেইনে কয় যে মিঞা ভোট নালাগে বুলি কোৱা মুখ্যমন্ত্ৰীৰ এতিয়া মিঞা ভোটৰ প্ৰয়োজন হ’ল । মানুহৰ ক্ষোভবোৰে ভোটৰ আকাৰ লৈছে বুলিও তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ।

লগতে পঢ়ক: প্ৰাক নিৰ্বাচনী হিংসা : মুকলিৰ পূৰ্বেই জ্বলিল দুলু আহমেদৰ নিৰ্বাচনী কাৰ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.