ETV Bharat / politics

নিৰ্বাচন খেলিব অমৃতপাল সিঙে, কাৰাগাৰ কৰ্তৃপক্ষক কি নিৰ্দেশ দিলে আদালতে ? - Amritpal contesting elections

author img

By ETV Bharat Assamese Team

Published : May 10, 2024, 4:44 PM IST

Amritpal contesting elections: পঞ্জাৱৰ খাদুৰ চাহিব সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব অমৃতপাল সিঙে । মনোনয়ৰ বাবে ৭ দিনৰ সাময়িক সকাহ বিচাৰি আদালতত আবেদন সিঙৰ । আদালতে কাৰাগাৰ কৰ্তৃপক্ষক গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিছে ।

Amritpal contesting elections
নিৰ্বাচন খেলিব অমৃতপাল সিঙে, কাৰাগাৰ কৰ্তৃপক্ষক কি নিৰ্দেশ দিলে আদালতে (ETV Bharat)

নেশ্যনেল ডেস্ক, ১০ মে': ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা খালিস্তানী নেতা অমৃতপাল সিঙে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি চলাইছে । মনোনয়ন দাখিলৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ সহায়ৰ বাবেও অমৃতপাল সিঙে আহ্বান জনাইছে । মনোনয়ন দাখিলৰ বাবে ৭ দিনৰ সাময়িক সকাহ বিচাৰি সিঙে ইতিমধ্যে আদালতত আবেদন জনাইছে ।

সমান্তৰালকৈ অমৃতপালৰ পৰিয়ালেও পঞ্জাৱৰ খাদুৰ চাহিব সমষ্টিত প্ৰচাৰ আৰম্ভ কৰিছে । ইফালে শিৰোমণি অকালি দলৰ (অমৃতসৰ) সভাপতি চিমৰণজিৎ সিং মানেও তেওঁৰ সম্পূৰ্ণ সমৰ্থন প্ৰকাশ কৰিছে । অমৃতপাল সিঙে তেওঁৰ মনোনয়ন দাখিল কৰিবলৈ সাময়িক সকাহ বিচৰা সন্দৰ্ভত পঞ্জাৱ-হাৰিয়ানা উচ্চ ন্যায়ালয়ে বিশেষ নিৰ্দেশনা জাৰি কৰিছে ।

পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত ৰায় প্ৰদান কৰি কয় যে, অমৃতপালৰ মনোনয়নৰ সমগ্ৰ প্ৰক্ৰিয়াটো ডিব্ৰুগড় কাৰাগাৰৰ অধীক্ষকে পৰ্যালোচনা কৰিব । আদালতে কয় যে, পঞ্জাৱ চৰকাৰে সোমবাৰৰ ভিতৰত এই গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰা উচিত ।

গোচৰটোৰ শুনানি পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বিনোদ এছ ভৰদ্বাজে গ্ৰহণ কৰে । আবেদনত অমৃতপালে কৈছিল যে, মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে ১৪ মে' । আবেদনখনত অমৃতপালে পঞ্জাৱ চৰকাৰ, ভাৰতৰ নিৰ্বাচন আয়োগ, ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক আৰু পঞ্জাৱ ৰাজ্যিক নিৰ্বাচন আয়োগৰ পৰা নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ সময় বিচাৰিছে ।

আবেদনৰ জৰিয়তে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মনোনয়নৰ প্ৰ-পত্ৰ পূৰণ কৰাটো তেওঁৰ বাবে প্ৰয়োজনীয় বুলিও উল্লেখ কৰিছিল । উল্লেখ্য যে, এনএছএৰ অধীনত যোৱা বছৰৰ এপ্ৰিল মাহত অমৃতপাল সিঙক গ্ৰেপ্তাৰ কৰা হৈছিল । তেতিয়াৰে পৰা ৱাৰিছ পঞ্জাৱ দেৰ মুৰব্বী অমৃতপাল সিং ডিব্ৰুগড়ৰ কাৰাগাৰত বন্দী হৈ আছে ।

লগতে পঢ়ক:৭ দিনৰ অস্থায়ী মুক্তি লাগে অমৃতপাল সিঙক - Lok Sabha Election 2024
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.