ETV Bharat / politics

বৃহস্পতিবাৰে গেৰুৱা হ’ব ৰাণা গোস্বামী, কমলাক্ষ পিছে দোধোৰ-মোধোৰত নেকি !

author img

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 1:02 PM IST

Congress leader join BJP: ইজনৰ পিচত সিজন কংগ্ৰেছ নেতাই পদত্যাগ কৰি বিজেপিত যোগদান কৰিবলৈ আৰম্ভ কৰিছে । বৃহস্পতিবাৰে পুনৰ এপিচিচিৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে বিজেপিত যোগদান কৰিব । কমলাক্ষ দে পুৰকায়স্থয়ো বিজেপিত যোগদানৰ কথা চৰ্চাত আছে যদিও এই পৰ্যন্ত স্পষ্ট নহয় কেতিয়া গেৰুৱা হ’ব কমলাক্ষ !

Congress leader join BJP
ৰাণা-কমলাক্ষই পিন্ধিব গেৰুৱা বসন

গুৱাহাটী, ২৯ ফেব্ৰুৱাৰী : লোকসভা নিৰ্বাচনৰ পূৰ্বে উদুলি-মুদুলি ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱন । এফালে ন-বিজেপিক বিজেপিৰ আদৰ্শৰ নীতি প্ৰশিক্ষণৰ কাৰ্যসূচী চলিছে । আনফালে কংগ্ৰেছক মাধমাৰ শোধাই কেইবাজনো কংগ্ৰেছীক বা কংগ্ৰেছ ত্যাগী নেতাসকলক দললৈ আদৰি অনাৰ বাবে গুৰুত্বপূৰ্ণ যোগদান কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ৷ আজি বিজেপিত যোগ দিব প্ৰদেশ কংগ্ৰেছৰ সদ্য প্ৰাক্তন কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে ।

সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত বৃহস্পতিবাৰে বিয়লি বিজেপিত যোগদান কৰিব কংগ্ৰেছৰ সদস্য পদ ত্যাগ কৰা এপিচিচিৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে ৷ কেৱল ৰাণা গোস্বামীয়েই নহয়, বিজেপিৰ ভিতৰুৱা তথ্য অনুসৰি বিজেপিলৈ মুকলি সমৰ্থন আগবঢ়োৱা এপিচিচিৰ আন এগৰাকী কাৰ্যকৰী সভাপতি কমলাক্ষ দে পুৰকায়স্থইয়ো যোগ দিব দলটোত ৷ কিন্তু ৰাণা গোস্বামীয়ে বৃহস্পতিবাৰে বিজেপিত যোগদানৰ পূৰ্ণ সম্ভাৱনা থকাৰ বিপৰীতে এতিয়াও সম্পূৰ্ণ ৰূপে স্পষ্ট নহয় পুৰকায়স্থৰ বিজেপি গমনৰ চিত্ৰনাট্য ৷

প্ৰাপ্ত তথ্য মতে বিয়লি ৩ বজাত দলটোৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত গুৱাহাটীৰ বশিষ্ঠস্থিত বাজপেয়ী ভৱনত অনুষ্ঠত হ’বলগীয়া যোগদান কাৰ্যসূচীত ৰাণা গোস্বামীয়ে বিজেপিত যোগদান কৰিব । অৱশ্যে কমলাক্ষ দে পুৰকায়স্থই কেতিয়া যোগদান কৰিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাও এই কাৰ্যসূচীত উপস্থিত থকাৰ কথা আছে । ইফালে বৃহস্পতিবাৰৰ দিনটোত বৰপেটা জিলাত কেইবাটাও চৰকাৰী-বেচৰকাৰী কাৰ্যসূচীত ব্যস্ত হৈ আছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।

অৱশ্যে বিজেপিয়ে এই প্ৰসংগত বৰ্তমানলৈ কোনোধৰণৰ তথ্য আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই ৷ আনহাতে বুধবাৰৰ পৰা নিজৰ ফোন বন্ধ কৰি গুৱাহাটীতে বাহৰ পাতি আছে ৰাণা গোস্বামীয়ে । অসমত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ৰে পৰা কংগ্ৰেছৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী বিজেপিলৈ যাব বুলি ব্যাপক চৰ্চা চলিছিল যদিও তেওঁ সকলো কথা অস্বীকাৰ কৰি আহিছিল ৷

বুধবাৰে কংগ্ৰেছৰ সকলো পদৰ পৰা পদত্যাগ কৰাৰ পিচত ৰাণা গোস্বামীয়ে বিজেপিত যোগদান কৰাটো নিশ্চিত হৈ পৰে । বিজেপিৰ ভিতৰুৱা তথ্য অনুসৰি ২০২৬ চনত হ'বলগীয়া ৰাজ্যৰ বিধানসভা নিৰ্বাচনত তিতাবৰ বিধানসভা সমষ্টিত বিজেপিয়ে প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰাৰ লক্ষ্য আগত ৰাখিয়েই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ তত্বাৱধানত ৰাণা গোস্বামীক দলটোত যোগদান কৰোৱাৰ ব্যৱস্থা কৰা হৈছে ৷

ৰাণা গোস্বামীৰ বিপৰীতে কমলাক্ষ দে পুৰকায়স্থই ইতিমধ্যেই সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰিছে যে তেওঁ বিধায়ক পদ এৰি পুনৰ নিৰ্বাচনৰ সন্মুখীন হ'বলৈ সাজু । অৰ্থাৎ বিজেপিত যোগদান কৰিবলৈ প্ৰস্তুত হৈ আছে কমলাক্ষ । আনহাতে বাজপেয়ী ভৱনত দিনৰ ৩ বজাত বিজেপিত নতুনকৈ যোগদান কৰা সকলক বিজেপিৰ নীতি শিক্ষা দিয়াৰ উদ্দেশ্যৰে প্ৰশিক্ষণৰ ব্যৱস্থাও কৰা হৈছে ৷

বিজেপিত নতুনকৈ যোগদান কৰা দীপাংক কুমাৰ নাথ, কমল কুমাৰ মেধি, শংকৰ প্ৰসাদ ৰায়, অংকিতা দত্ত, বিস্মিতা গগৈকে ধৰি একাংশ নেতাক বিজেপিৰ নীতি শিক্ষাৰ প্ৰশিক্ষণ দিয়া হ'ব । এই প্ৰশিক্ষণ কাৰ্যসূচীৰ পিচতেই বাজপেয়ী ভৱনত অনুষ্ঠিত হ'ব যোগদান কাৰ্যসূচীৰ ।

লগতে পঢ়ক :বিজেপিত যোগদান সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিলে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.