ETV Bharat / politics

বিজেপিত যোগ দিলে এ আই ইউ ডি এফৰ প্ৰাক্তন বিধায়কে - Mazibur Rahman joins BJP

author img

By ETV Bharat Assamese Team

Published : Mar 29, 2024, 7:27 PM IST

Updated : Mar 29, 2024, 9:25 PM IST

Former AIUDF MLA joins BJP: বিজেপিত আনুষ্ঠানিক যোগদান এ আই ইউ ডি এফৰ প্ৰাক্তন বিধায়ক মজিবুৰ ৰহমানৰ ৷ এ আই ডি এফ দলটো এতিয়া ৰাজনৈতিক দল নহয়, ব্যৱসায়িক দল হৈ পৰিছে বুলি অভিযোগ কৰে তেওঁ ৷

FORMER AIUDF MLA JOINS BJP
এ আই ইউ ডি এফৰ প্ৰাক্তন বিধায়ক মজিবুৰ ৰহমানৰ বিজেপিত যোগদান

বিজেপিত যোগদান এ আই ইউ ডি এফৰ প্ৰাক্তন বিধায়ক মজিবুৰ ৰহমানৰ

নগাঁও, 29 মাৰ্চ : "এ আই ইউ ডি এফ দলটো এক ব্যৱসায়িক প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত হৈছে ৷ গতিকে ই এটা ৰাজনৈতিক দল নহয় ব্যৱসায়িক দল হৈ পৰিছে ৷" বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিয়েই এই অভিযোগ এ আই ইউ ডি এফৰ প্ৰাক্তন বিধায়ক মজিবুৰ ৰহমানৰ ৷

  • " class="align-text-top noRightClick twitterSection" data="">

লোকসভা নিৰ্বাচনৰ দিন যিমানে চমু চাপিছে সিমানেই দল বাগৰাৰ ৰাজনীতিৰ প্ৰকোপ বৃদ্ধি পাইছে ৷ নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতা-কৰ্মী এতিয়া শাসকীয় দল বিজেপিলৈ ধাৱমান হোৱা পৰিলক্ষিত হৈছে ৷ তাৰ মাজতে এইবাৰ বিজেপিত যোগদান কৰিলে এ আই ইউ ডি এফৰ প্ৰাক্তন বিধায়ক মজিবুৰ ৰহমানে ৷ শুকুৰবাৰে ধিঙত অনুষ্ঠিত হোৱা বিজেপিৰ এক সভাত এ আই ইউ ডি এফ দলৰ ৰূপহীহাট সমষ্টিৰ প্ৰাক্তন বিধায়ক মজিবুৰ ৰহমানে মন্ত্ৰী পীযুষ হাজৰীকা আৰু বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ উপস্থিতিত গেৰুৱা দলটোত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷

গেৰুৱা বসন পিন্ধিয়েই মজিবুৰ ৰহমানে এ আই ইউ ডি এফ দলটো এতিয়া ৰাজনৈতিক দল নহয়, ব্যৱসায়িক দল হৈ পৰিছে বুলি অভিযোগ কৰে ৷ তেওঁ কয় যে, 2011 চনলৈকে এ আই ইউ ডি এফ দলৰ লক্ষ্য আৰু উদ্দেশ্য ঠিকেই আছিল ৷ কিন্তু 2016 চনৰ পৰা এই দলটো ব্যৱসায়িক প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত হৈছে ৷ বৰ্তমান লক্ষ্য আৰু উদ্দেশ্যৰ পৰা দলটো আঁতৰি গৈছে ৷ সেয়েহে এ আই ইউ ডি এফ দল ত্যাগ কৰি বিজেপি দলৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দলটোত যোগদান কৰা বুলি মন্তব্য কৰে মজিবুৰ ৰহমানে ৷

তেওঁ কয় যে, এ আই ইউ ডি এফ দলে ধৰ্মীয় আবেগ সৃষ্টি কৰি ভোট লয় বুলি সংখ্যালঘু ৰাইজে বুজি পোৱা হৈছে ৷ তেওঁলোক কেৱল সাংসদ আৰু বিধায়ক হয় ৷ তেওঁলোকে কোনোদিন ৰাইজৰ কাম কৰিব পৰা নাই আৰু নোৱাৰে বুলিও মন্তব্য কৰে মজিবুৰ ৰহমানে ৷ লগতে সংখ্যালঘুৰ উন্নয়ন, সংখ্যালঘুৰ সমস্যাৰ সমাধান কেৱল বিজেপিয়েহে কৰিব পাৰিব বুলি ৰাইজে বুজি পোৱা হৈছে বুলিও কয় তেওঁ ৷

উল্লেখ্য যে, নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত সংখ্যালঘু অধ্যুষিত এলেকাত বিজেপিয়ে সভা-সমিতিৰ আয়োজন কৰি ব্যাপক প্ৰচাৰ অব্যাহত ৰাখিছে ৷ বিজেপিত সংখ্যালঘু নেতা-কৰ্মীৰ যোগদান অব্যাহত থকাৰ মাজতে শুকুৰবাৰে বিজেপি দলত যোগদান কৰে এ আই ইউ ডি এফৰ প্ৰাক্তন বিধায়ক মজিবুৰ ৰহমানে ৷ এই সভাত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰীকা আৰু নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰা ৷ যোগদান কৰিয়েই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ শাসনকালত ৰাজ্যৰ সৰ্বত্ৰে উন্নয়ন হোৱা বুলি দাবী কৰে প্ৰাক্তন বিধায়ক মজিবুৰ ৰহমানে ৷

লগতে পঢ়ক : প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিত যোগদানৰ চেষ্টা চলাইছিল, কিন্তু বিজেপিয়ে আদৰি নল’লে ! পীযুষ হাজৰীকাৰ মন্তব্য - Lok Sabha Election 2024

Last Updated : Mar 29, 2024, 9:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.