ETV Bharat / politics

আজি কাজিৰঙা লোকসভা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 19, 2024, 6:56 AM IST

first phase of polling
কাজিৰঙা লোকসভা সমষ্টিত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া

Kaziranga Lok Sabha Constituency 2024 : ৰাজ্যৰ আন পাঁচটা লোকসভা সমষ্টিৰ লগতে 10 নম্বৰ কাজিৰঙা লোকসভা সমষ্টিতো প্ৰথম পৰ্যায়ত অনুষ্ঠিত ভোটগ্ৰহণ প্ৰক্ৰিয়া । 20 লক্ষাধিক ভোটাৰে নিৰ্ণয় কৰিব 11 গৰাকী প্ৰাৰ্থীৰ ভাগ্য । কাজিৰঙা লোকসভা সমষ্টিত কোনে মাৰিব শেষ হাঁহি । পুৱাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হোৱা নৱগঠিত কাজিৰঙা লোকসভা সমষ্টিৰ কিছু তথ্য সংগ্ৰহ কৰি প্ৰস্তুত কৰা আমাৰ এক বিশেষ প্ৰতিবেদন ।

নগাঁও, 19 এপ্ৰিল : আজি পুৱা 7 বজাৰ পৰা আৰম্ভ হ’ব লোকসভা নিৰ্বাচন 2024 ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ ৰাজ্যৰ 5 টা সমষ্টিৰ বাবে অনুষ্ঠিত হ’ব এই নিৰ্বাচন ৷ প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ’ব লগা ৰাজ্যৰ 5 টা সমষ্টি হৈছে ডিব্ৰুগড়, যোৰহাট, কাজিৰঙা, লখিমপুৰ আৰু শোণিতপুৰ ৷ এই কেইটাৰ ভিতৰত অন্যতম হৈছে কাজিৰঙা সমষ্টি ৷

কাজিৰঙা লোকসভা সমষ্টি : প্ৰথম পৰ্যায়ত অনুষ্ঠিত হোৱা ৰাজ্যৰ আন পাঁচটাকৈ লোকসভা সমষ্টিৰ দৰে নৱগঠিত কাজিৰঙা লোকসভা সমষ্টিতো পুৱা 7 বজাৰ পৰা আৰম্ভ হ’ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া । সমষ্টি পুনৰ নিৰ্ধাৰণত গোলাঘাট নগাঁও আৰু হোজাই জিলা সামৰি নতুনকৈ গঠন হৈছে কাজিৰঙা লোকসভা সমষ্টি ।

পূৰ্বৰ কলিয়াবৰ লোকসভাৰ সমষ্টিৰেই অধিকাংশ বিধানসভা সমষ্টিৰ উপৰিও পূৰ্বৰ নগাঁও লোকসভা সমষ্টিৰ হোজাই জিলাৰ তিনিটাকৈ বিধানসভা সমষ্টি অন্তৰ্ভুক্ত হৈছে কাজিৰঙা লোকসভা সমষ্টিত ।

কাজিৰঙা লোকসভা সমষ্টিৰ ভোটাৰৰ সংখ্যা : কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত 10 টা বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে 20,50,126 গৰাকী । ইয়াৰে পুৰুষ ভোটাৰ 10,24,883 গৰাকী আৰু মহিলা ভোটাৰ 1025,210 গৰাকী ।

কাজিৰঙা লোকসভা সমষ্টিত তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা 33 গৰাকী । একেদৰে 85 বৰ্ষৰ উৰ্ধৰ ভোটাৰ সংখ্যা হৈছে 9,492 গৰাকী । কাজিৰঙা লোকসভা সমষ্টিত বিশেষভাৱে সক্ষম ভোটাৰৰ সংখ্যা 13918 গৰাকী ।

কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত বিধানসভা সমষ্টি : নতুনকৈ গঠন হোৱা কাজিৰঙা লোকসভা সমষ্টিৰ অধীনত আছে দহটাকৈ বিধানসভা সমষ্টি । পূৰ্বৰ কলিয়াবৰ লোকসভা সমষ্টিৰ গোলাঘাট জিলাৰ 6 টাকৈ বিধানসভা সমষ্টিৰ উপৰিও নগাঁও জিলাৰ 1 টা আৰু হোজাই জিলাৰ তিনিটা বিধানসভা সমষ্টি অন্তৰ্ভূক্ত হৈছে কাজিৰঙা লোকসভা সমষ্টিত ।

কাজিৰঙা লোকসভা সমষ্টিত অন্তৰ্ভূক্ত হোৱা দহটাকৈ বিধানসভা সমষ্টি হৈছে গোলাঘাট জিলাৰ সৰুপথাৰ, গোলাঘাট, খুমটাই, দেৰগাঁও, বোকাখাট, নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ কলিয়াবৰ বিধানসভা সমষ্টিৰ লগতে নগাঁও জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টি আৰু হোজাই জিলাৰ- হোজাই, লামডিং, বিন্নাকান্দি বিধানসভা সমষ্টি ।

কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থী : প্ৰথম পৰ্যায়ত অনুষ্ঠিত হোৱা কাজিৰঙা লোকসভা সমষ্টিৰ 20 লক্ষাধিক ভোটাৰে নিৰ্ণয় কৰিব 11 গৰাকী প্ৰাৰ্থীৰ ভাগ্য । কাজিৰঙা লোকসভা সমষ্টিৰ পৰা মুঠ 11 গৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে ।

সংসদীয় সমষ্টিটোৰ পৰা বিজেপিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা, কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰ'জলীনা তিৰ্কী, ভাৰতীয় গণ পৰিষদৰ শৈলেন চন্দ্ৰ মালাকাৰ, ৰিপাব্লিকেন পাৰ্টীৰ চালেহ আহমেদ মজুমদাৰ, ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেশ্যনেলৰ আনিমা ডেকা গুপ্তা, নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আব্দুল হ'ক, বিনোদ গগৈ, দিলোৱাৰা বেগম চৌধুৰী, জ্যোতিষ্কা ৰঞ্জন গোস্বামী, তৃদীপ জ্যোতি ভূঞা আৰু অসম জন মৰ্চাৰ চেলিম আহমেদ অৱতীৰ্ণ হৈছে কাজিৰঙা লোকসভা সমষ্টিৰ পৰা ।

কাজিৰঙা লোকসভা সমষ্টিৰ ভোট কেন্দ্ৰ : 10 নং কাজিৰঙা লোকসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে সংসদীয় সমষ্টিটোৰ মুঠ দহটা বিধানসভা সমষ্টিত মুঠ 2,357 টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে । ইয়াৰে নগাঁও জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ অধীনত 254 টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে ।

254 টা ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে 254 গৰাকী পলিং আৰু প্ৰিজাইডিং বিষয়া নিয়োগ কৰা হৈছে । সমান্তৰালকৈ 22 গৰাকী চেক্তৰ বিষয়া, 7 গৰাকী জনেল বিষয়া নিয়োগ কৰা বুলি জানিব পৰা গৈছে । লোক সভা সমষ্টিটোত প্ৰথম পৰ্যায়ত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ বাবে আৰক্ষী প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ ।

কলিয়াবৰ মহকুমাৰ অধীনৰ কলিয়াবৰ বিধানসভা সমষ্টিত মুঠ 230 টা, হোজাই জিলাৰ বিনাকান্দি বিধানসভা সমষ্টিত 262 টা, হোজাই বিধানসভা সমষ্টিত 280 টা, লামডিং বিধানসভা সমষ্টিত 272 টা, গোলাঘাট জিলাৰ গোলাঘাট বিধানসভা সমষ্টিত 249 টা, দেৰগাঁও বিধানসভা সমষ্টিত 216 টা, বোকাখাত বিধানসভা সমষ্টিত 187 টা, খোমটাই বিধানসভা সমষ্টিত 202 টা আৰু সৰুপথাৰ বিধানসভা সমষ্টিত 205 টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে ।

কাজিৰঙা লোকসভা সমষ্টিটোৰ পৰা 2024 চনৰ লোকসভা নিৰ্বাচনত 11 গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে যদিও কোনে শেষ হাঁহি মাৰিব সেয়া ফলাফলৰ ঘোষণাৰ পিছতহে স্পষ্ট হ’ব ।

লগতে পঢ়ক : আজি অসমৰ ৫ সমষ্টিত ভোটগ্ৰহণ, প্ৰস্তুতি সম্পূৰ্ণ নিৰ্বাচন আয়োগৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.