ETV Bharat / politics

হ’ব লাগিছিল কি, হৈ আছে কি : নিৰ্বাচনৰ প্ৰস্তুতিৰ বিপৰীতে কংগ্ৰেছত দিনে-নিশাই গৃহকন্দল

author img

By ETV Bharat Assamese Team

Published : Feb 17, 2024, 8:13 PM IST

Situation of Assam congress : নিৰ্বাচন দুৱাৰমুখত ৷ বিজেপিৰ অৱস্থা জয়জয়-ময়ময় ৷ বিপৰীতে আহুকাল আৰু বিড়ম্বনাই লগ এৰা নাই কংগ্ৰেছক ৷ নিৰ্বাচনী প্ৰস্তুতিতো দূৰৰে কথা ৷ কোনোবাই ৰিম’টেৰে আঁতৰৰ পৰাই অস্থিৰ কৰিছে নেকি কংগ্ৰেছক ৷

Situation of Assam congress
আহুকাল আৰু বিড়ম্বনাই লগ এৰা নাই কংগ্ৰেছক

হ’ব লাগিছিল কি, হৈ আছে কি

নিউজ ডেস্ক, 17 ফেব্ৰুৱাৰী : অসমত ব’হাগৰ ঢোলৰ চাপৰটো পৰো কি নপৰোতেই হয়তো ভোটৰ ৰণশিঙাটোও বাজিব ৷ সেই শিঙাৰ শব্দত হয়তো তল পৰি যাব ঢোলৰ শব্দ ৷ কাৰণ ক্ষমতাৰ লোভ বৰ সাংঘাতিক বস্তু ৷ ইয়াৰ বাবে যিকোনো স্তৰলৈ নামি যাব পাৰে ৰাজনীতি কৰা বেচিভাগ মানুহ ৷

সকলো ফালৰে পৰা বিজেপি এতিয়া অসমত সম্পূৰ্ণ সাজু ৷ আজি নিৰ্বাচন অনুষ্ঠিত হ'লেও বিশেষ চিন্তা কৰিবলগীয়া নাই বিজেপিৰ ৷ ইয়াৰ বিপৰীতে অসমত কংগ্ৰেছ দল ব্যস্ত থাকিবলগীয়া হৈছে নিজৰ ঘৰখনত চলি থকা খামখেয়ালীক লৈহে ৷ লোকসভা নিৰ্বাচনলৈ ভালকৈ দুটা মাহো নাই ৷

  • " class="align-text-top noRightClick twitterSection" data="">

এই সময়ত কংগ্ৰেছৰ দৰে শতিকা প্ৰাচীন দলটো ব্যস্ত হৈ থাকিব লাগিছিল কিহক লৈ আৰু ব্যস্ত হৈ আছে কিহক লৈ ? দলটোৰ ভিতৰুৱা জঞ্জাল সোপা মাৰিয়েই তৰণি পোৱা নাই সভাপতি ভূপেন বৰাই ৷ নিৰ্বাচনী সভা-সমিতি কৰাটো দূৰৰেই কথা ৷

কোনোবাই যদি মুখ্যমন্ত্ৰীক গলবস্ত্ৰ পিন্ধাইছে ৷ আন কোনোবাই আকৌ ভৰি দুখনকেই সাবট মাৰি ধৰিছে ৷ এজনক দলৰ পৰা বহিষ্কাৰ কৰোতেই, আন এজনক খেদিবলৈ হয় ৷ ভূপেন বৰা ব্যস্ত এতিয়া মানুহ খেদাত, নিৰ্বাচনৰ বাবে সভা সমিতি কৰাত নহয় ৷

আচলতে কংগ্ৰেছৰ বৰ্তমানৰ এনে আপদীয়া সময়খিনিক কোনোবাই বাহিৰৰ পৰা নিয়ন্ত্ৰণ কৰিছে নেকি সেয়াও ডাঙৰ প্ৰশ্ন ৷ কংগ্ৰেছৰ আভ্যন্তৰত উদ্ভৱ হোৱা এনে অস্থিৰ পৰিস্থিতি খুব সন্তৰ্পণে মুখ্যমন্ত্ৰী বা বিজেপি দলেই বাহিৰৰ পৰা একপ্ৰকাৰ ৰিম'টেৰে নিয়ন্ত্ৰণ কৰিছে বুলিও চৰ্চা চলিছে ৷ যাৰ ফলত দুৱাৰমুখত নিৰ্বাচন আহি ৰৈ থকাৰ পিচতো ভূপেন বৰাই ঘৰখনৰ জঞ্জাল মাৰিয়েই শেষ কৰিব পৰা নাই ৷ ইয়াৰ পৰিণতি কি হ'ব পাৰে সেয়া আমি নকও ৷ সেয়া অসমৰ ৰাইজে নিজেই জুকিয়াই ল'ব ৷

লগতে পঢ়ক : কংগ্ৰেছৰ পৰা বহিষ্কাৰ গোলাঘাট কংগ্ৰেছৰ সদ্য অপসাৰিত সভাপতি দাদু টায়েক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.