সন্দেহযুক্ত নাগৰিকক ভোট প্ৰদানত বাধা জনগোষ্ঠীয় সংগঠনৰ - Lok sabha Election 2024
Suspicious voters in Jonai : জোনাইত সন্দেহযুক্ত নাগৰিকক ভোট প্ৰদানত বাধা জনগোষ্ঠীয় সংগঠনৰ ৷ প্ৰায় এশজনৰো অধিক সন্দেহযুক্ত নাগৰিকক ভোট প্ৰদানত বাধা ৷ 17 এপ্ৰিলৰ দিনা জোনাই মহকুমাৰ মহকুমাধিপতিলৈ এই সন্দৰ্ভত স্মাৰকপত্ৰ প্ৰেৰণ কৰাৰ লগতে সন্দেহযুক্ত নাগৰিকসকলৰ নাম কৰ্তনৰ দাবীত এক সংবাদমেলো সম্বোধন কৰিছিল জনগোষ্ঠীয় সংগঠনে ।

Published : April 20, 2024 at 8:31 AM IST
জোনাই, 20 এপ্ৰিল : সমগ্ৰ দেশৰ লগতে অসমতো অনুষ্ঠিত হৈছে পাঁচটা লোকসভা সমষ্টিৰ নিৰ্বাচন । এই নিৰ্বাচনত 12 নং লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত 80 নং জোনাই বিধানসভা সমষ্টিৰ (জনজাতি সংৰক্ষিত) 20 নং জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় ভোটকেন্দ্ৰত দেখিবলৈ পোৱা গ'ল এক ব্যতিক্ৰমী দৃশ্য । ভোটকেন্দ্ৰটোত জোনাইৰ বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ একাংশই প্ৰায় এশজনৰো অধিক সন্দেহযুক্ত নাগৰিকক ভোট প্ৰদানত বাধা প্ৰদান কৰে ।
উল্লেখ্য যে, যোৱা 17 এপ্ৰিলত জোনাইৰ বিভিন্ন জনগোষ্ঠীয় সংগঠনসমূহে জোনাইৰ বহুতো ভোটকেন্দ্ৰত সন্দেহযুক্ত নাগৰিকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভূক্ত হোৱাৰ সন্দেহত জোনাই মহকুমাৰ মহকুমাধিপতিলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰাৰ লগতে ভোটাৰ তালিকাত অন্তৰ্ভূক্ত তেনে সন্দেহযুক্ত নাগৰিকসকলৰ নাম কৰ্তনৰ দাবীত এক সংবাদমেলো সম্বোধন কৰিছিল । এনে দাবীৰ পাচতে শুকুৰবাৰে অনুষ্ঠিত হোৱা 12 নং লখিমপুৰ লোকসভা সমষ্টিৰ 80 নং জোনাই বিধানসভা সমষ্টিৰ 20 নং জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অহা প্ৰায় এশৰো অধিক সন্দেহযুক্ত লোকক ভোট প্ৰদানত বাধা প্ৰদান কৰে ।
ইয়াৰোপৰি 80 নং জোনাই (জনজাতি সংৰক্ষিত) বিধানসভা সমষ্টিৰ চিলে গাঁও পঞ্চায়তৰ অন্তৰ্গত 3 নং কবু শিৱগুৰি প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্ৰ, বাহিৰ জোনাই গাঁও পঞ্চায়তৰ 11 নং বাহিৰ জোনাই প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্ৰৰ 2 নম্বৰ কোঠালী, কেমি-জেলম গাঁও পঞ্চায়তৰ অন্তৰ্গত 4নং চিৰুং প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্র, 5 নং আবৰলেকু প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্র, 15 নং মিগম দলুং প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্র, 16 নং নেপালী বস্তি প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্ৰৰ 1 নম্বৰ কোঠালী, জোনাই গাঁও পঞ্চায়তৰ অন্তৰ্গত 14 নং মুর্কংচেলেকে টাউন হাইস্কুল ভোটকেন্দ্র, 21 নং জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় ভোটকেন্দ্র, 22 নং জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় ভোটকেন্দ্র, 23 নং জোনাই বজাৰ প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্র, 24 নং জোনাই বজাৰ প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্র, 25 নং জোনাই বজাৰ প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্র, 27 নং তৰচিং মিলি প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্রত শেহতীয়া ভোটাৰ তালিকাত সন্দেহযুক্ত লোকৰ নাম সন্নিৱিষ্ট কৰা দেখা গৈছে বুলি স্মাৰক পত্ৰত উল্লেখ কৰে সংগঠনসমূহে ।
- " class="align-text-top noRightClick twitterSection" data="">
সেয়ে উক্ত কেন্দ্ৰসমূহতো স্থানীয় ৰাইজ তথা জনগোষ্ঠীয় সংগঠনসমূহে সন্দেহযুক্ত নাগৰিকক ভোট প্ৰদানত বাধা প্ৰদান কৰে ৷ গতিকে উক্ত ভোটকেন্দ্রসমূহত নাম অন্তৰ্ভুক্ত হোৱা সন্দেহযুক্ত লোকসকলৰ সংশ্লিষ্ট ভোটকেন্দ্র এলেকাৰ কোনো গাঁৱৰ বাসিন্দা নোহোৱাৰ লগতে তেওঁলোকৰ কোনো ঘৰ-বাৰী উক্ত এলেকাত নোহোৱাকৈ কিদৰে ভোটাধিকাৰ সাব্যস্ত কৰাৰ অধিকাৰ পালে বুলি প্ৰশ্ন উত্থাপন কৰি এইয়া তেওঁলোকক ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট কৰি গভীৰ ষড়যন্ত্র কৰাৰ সন্দেহ কৰা কৰি সংগঠনসমূহে ।
লগতে পঢ়ক: পুলিং বিষয়াৰ বিৰুদ্ধে ইভিএম জালিয়াতিৰ অভিযোগ; ভুল স্বীকাৰ বিষয়াৰ - Lok sabha Election 2024

