ETV Bharat / politics

কামাখ্যা প্ৰসাদ তাছা দুই লাখৰো অধিক ভোটত জয়ী হ'ব : পীযুষ হাজৰীকা

author img

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 10:17 PM IST

Lok Sabha elections campaign
জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা

Minister Pijush Hazarika: আমিনুল হক লস্কৰে নিজৰ লাভালাভৰ বাবেই বিজেপি দল ত্যাগ কৰিছে ৷ তেওঁ বিজেপিৰ পৰা নিৰ্বাচন খেলা সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হ’ব নোৱাৰে বাবে বিজেপি ত্যাগ কৰিছে বুলি মন্তব্য় কৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই ।

জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা

গোলাঘাট, ১৯ মাৰ্চ: "যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ দুইৰ পৰা আঢ়ৈ লাখ ভোটত হাৰিব ৷" এই মন্তব্য় জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ । আজি গোলাঘাটত আয়োজিত এখন সভাত মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য় আগবঢ়ায় । তেওঁ পুনৰ কয় যে পূৰ্বে ১১ আসন লাভ কৰিব বুলি ধাৰণা কৰা হৈছিল যদিও এতিয়া বিজেপিয়ে আগন্তুক লোকসভা নিৰ্বাচনত ১৩ টা সমষ্টি দখল কৰিব ।

  • " class="align-text-top noRightClick twitterSection" data="">

গোলাঘাটৰ জিলা বিজেপিৰ কাৰ্যালয়ত অনুস্থিত এক দলীয় সভাত অংশগ্ৰহণ কৰি কাজিৰঙা লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক কাজিৰঙা সমষ্টিবাসীয়ে দেখাই নাই বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ সভা সমিতিত ৭০ ৰ পৰা ১০০ জন লোকহে উপস্থিত হয় বুলি উল্লেখ কৰে ৷ কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই দুই লাখৰো অধিক ভোটৰ ব্যৱধানত জয়ী হ'ব আৰু তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ'ব বুলি দৃঢ়তাৰ কয় মন্ত্ৰী গৰাকীয়ে । তেওঁ কয়," অসমত ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি শক্তিশালী ৰূপত শাসন চলাইছে । গতিকে ইয়াত আৰু কংগ্ৰেছ কৰিবলৈ মানুহ নাই । কালি যোৰহাট, মৰিয়নী, মাহমৰা, ডিমৌ, সোণাৰিত হাজাৰ হাজাৰ মানুহে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰিছে, যাৰ বাবে কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলে আত্মগোপন কৰিবলৈ বাধ্য হৈছে । "

ইপিনে,জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ বিৰুদ্ধে সৰৱ হৈ কয়,"গৌৰৱ গগৈৰ কথা আপোনাকে নুসুধিলে মই নকলোহেঁতেন । কিন্তু এতিয়া আপোলোকে সুধিছে বাবে মই কবলগীয়া হৈছে । গতিকে উত্তৰ এটাই গৌৰৱ গগৈ দুইৰ পৰা আঢ়ৈ লাখ ভোটাৰ ব্যাৱধানত হাৰিব ।"

ইপিনে,আমিনুল হক লস্কৰৰ বিৰুদ্ধে সৰৱ হৈ কয়," আমিনুল হক লস্কৰে নিজৰ লাভালাভৰ বাবেই বিজেপি দল ত্যাগ কৰিছে ৷ তেওঁ বিজেপিৰ পৰা নিৰ্বাচন খেলা সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হ’ব নোৱাৰে বাবে বিজেপি ত্যাগ কৰিছে । "

আনহাতে, ধুবুৰী লোকসভা সমষ্টি প্ৰসংগত তেওঁ কয়,"ধুবুৰী লোকসভা সমষ্টিৰ কথা নাজানো ,কিন্তু মিত্ৰদল অগপৰ প্ৰাৰ্থী গৰাকীৰ বাবে আমি শক্তিশালী ৰূপত অৱতীৰ্ণ হ'ম । " ইপিনে, নগাঁও সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী ফেচবুক সাংসদ বুলি উল্লেখ কৰি বিধায়ক জিতু গোস্বামীয়ে প্ৰদ্য়ুৎ বৰদলৈক কেৱল ফেচবুকতহে দেখা পায় বুলি কয় ৷ সৰ্বসাধাৰণ ৰাইজে কিন্তু তেওঁক দেখা নাই । যাৰ বাবে নগাঁও লোকসভা সমষ্টিৰ ৰাইজে সকলোকে ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীগৰাকীক বিপুল ভোটৰ ব্যৱধানত জয়ী কৰাব । বিশেষকৈ সংখালঘু ৰাইজে এইবাৰ বিজেপিৰ সাপেক্ষে ৰায়দান কৰিব বুলি দৃঢ়তাৰ কয় বিধায়কগৰাকীয়ে । গোলাঘাটৰ জিলা বিজেপিৰ কাৰ্যালয়ত অনুস্থিত এক দলীয় সভাত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে আগন্তুক নিৰ্বাচনৰ সন্দৰ্ভত মন্তব্য কৰে ৷

লগতে পঢ়ক:অসমত এখনো আসন লাভ নকৰে কংগ্ৰেছে: পীযুষ হাজৰীকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.