ETV Bharat / politics

দুলীয়াজানৰ চাহ বাগিচা অঞ্চলত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত সৰ্বানন্দ সোণোৱাল - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 2, 2024, 5:36 PM IST

Lok Sabha Election 2024
দুলীয়াজানত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত সৰ্বানন্দ সোণোৱাল

Lok Sabha Election 2024: ডিব্ৰুগড় লোকসভা সমষ্টিত শাসকীয় বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে । দুলীয়াজানৰ শান্তি চাহ বাগিচাত বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ বিশাল নিৰ্বাচনী সভা । সংগ দিলে ৰামেশ্বৰ তেলী আৰু তেৰছ গোৱালাই ।

দুলীয়াজানত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত সৰ্বানন্দ সোণোৱাল

মৰাণ,২ এপ্ৰিল : ৰাজ্যৰ প্ৰতিটো লোকসভা সমষ্টিতে নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে । ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰান্তে প্ৰান্তেও শাসকীয় দল বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে । ভোটাৰক আকৰ্ষণৰ উদ্দেশ্যে শাসক-বিৰোধী প্ৰতিটো ৰাজনৈতিক দলে বিভিন্ন কাৰ্যসূচীৰে প্ৰচাৰ চলাইছে । তাৰ অংশ হিচাপে মঙলবাৰে দুলীয়াজান বিধানসভা সমষ্টিত ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে নিৰ্বাচনী প্ৰচাৰ চলায় ।

সমষ্টিটোৰ অন্তৰ্গত শান্তি চাহ বাগিচাত নিৰ্বাচনী প্ৰচাৰ চলাই ভাষণত সৰ্বানন্দ সোণোৱালে কয় যে ত্ৰয়োদশ শতিকাত স্বৰ্গদেও চাওলুং চ্যুকাফাই যিদৰে সাতৰাজ মাৰি একৰাজ প্ৰতিষ্ঠা কৰাৰ লগতে বিভিন্ন জাতি-উপজাতিসমূহক লগত লৈ বৰ অসমৰ ভেটি গঢ়িছিল ঠিক একেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সৱকা সাথ সৱকা বিকাশ নীতিৰে দেশখনক আগুৱাই লৈ গৈছে ।

বিজেপি চৰকাৰে ১০ বছৰত ২৪ খন মেডিকেল কলেজ আৰু কংগ্ৰেছে ১০ বছৰত কেৱল মাত্ৰ ৬ খন মেডিকেল কলেজ স্থাপন কৰিবলৈ সক্ষম হৈছিল বুলি তেওঁ বিৰোধীক আক্ৰমণ কৰে । সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাক ভাৰতৰত্ন প্ৰদান কৰি বিজেপি চৰকাৰৰ অসমৰ প্ৰতি থকা গভীৰ ভালপোৱা প্ৰমাণ কৰি দেখুৱালে বুলিও তেওঁ দাবী কৰে । দুলীয়াজান সমষ্টিৰ কেইবাটাও পঞ্চায়ত সামৰি অনুষ্ঠিত হোৱা এই প্ৰচাৰ সভাত শতাধিক লোকে অংশগ্ৰহণ কৰে ।

অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, স্থানীয় বিধায়ক তেৰছ গোৱালা, পৰ্যটন বিভাগৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা আৰু মিত্ৰজোঁটৰ অগপ দলৰ নেতাসকলো উপস্থিত থাকে । এই প্ৰচাৰ সভাতে সৰ্বানন্দ সোণোৱালক বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈকে ধৰি নেতাসকলে জাতীয় নায়ক নহয় বুলি কৰা সমালোচনাৰ উত্তৰ দিয়ে । সৰ্বানন্দ সোণোৱালে কয় যে তেওঁ জাতীয় নায়ক হয় বুলি দাবী নকৰে । তেওঁক এই সন্মান ৰাইজে দিছিল । সদৌ অসম ছাত্ৰ সন্থাই মৰমতে তেওঁক এই উপাধি দিছিল । সৰ্বানন্দ সোণোৱালৰ মতে তেওঁ অসমৰ ৰাইজৰ বাবে কাম কৰিবলৈ আহিছে । ৰাইজৰ প্ৰতি তেওঁ সদায়েই শ্ৰদ্ধাশীল হৈ আছে বুলিও দাবী কৰে ।

লগতে পঢ়ক :চাহ বাগিচাৰ ভোটাৰক লৈ অংক: ডিব্ৰুগড়ত প্ৰত্যাহ্বানমূলক তিনিকোণীয়া যুঁজৰ সম্ভাৱনা - Lok Sabha Elections 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.